শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

এই ৫ বিধ খাদ্যই কেন্সাৰৰ আশংকা স্বাভাৱিকভাৱে হ্ৰাস কৰাত সহায় কৰিব পাৰে

খাদ্যাভ্যাসৰ জৰিয়তেও কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰিব পাৰি। কিছুমান খাদ্য যদি তালিকাত অন্তৰ্ভুক্ত কৰে তেন্তে ই কেন্সাৰ ৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব।

এই ৫ বিধ খাদ্যই কেন্সাৰৰ আশংকা স্বাভাৱিকভাৱে হ্ৰাস কৰাত সহায় কৰিব পাৰে
manas-borah
Manas Borah | Published: 09 Nov 2025 15:32 PM

বৰ্তমান সময়ত বেয়া জীৱনশৈলী আৰু খাদ্যাভ্যাসে কৰ্কট ৰোগৰ সম্ভাৱনা অধিক বৃদ্ধি কৰিছে। প্ৰাৰম্ভিক পৰ্যায়ত এই ৰোগ ধৰা পেলাব পাৰিলে চিকিৎসা সহজ হৈ পৰে। তদুপৰি খাদ্যাভ্যাসৰ জৰিয়তেও কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰিব পাৰি। কিছুমান খাদ্য যদি তালিকাত অন্তৰ্ভুক্ত কৰে তেন্তে ই কেন্সাৰ ৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব।

বৰ্তমান দেখা গৈছে যে, অসমত কৰ্কট ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। প্ৰদূষণ, ধূমাপান, মদ্যপান, বেছিকৈ ভজা খাদ্য খোৱা আৰু অস্বাস্থ্য জীৱনশৈলীয়ে এই ৰোগীৰ সংখ্যা বৃদ্ধিত অহিৰণা যোগাইছে। বিশেষজ্ঞৰ মতে,দৈনিক খোৱা খাদ্যই কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে। ইয়াৰ ভিতৰত আপুনি এই খাদ্যবোৰ তালিকাত ৰাখিব পাৰে।

বিলাহী

বিলাহীয়ে কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। এই পাচলিবিধত থকা লাইকোপেন আৰু এণ্টিঅক্সিডেণ্ট গুণে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে ৷ ইয়াৰ লগতে বিলাহীত উপাদানসমূহে কোষবোৰ সুৰক্ষিত কৰে ৷

পালেং শাক

পালেং শাক স্বাস্থ্যৰ বাবে অতি উপকাৰী। এই শাক বিধ বিটা-কেৰোটিন, ফাইবাৰ, ফোলেট আৰু অন্যান্য ভিটামিন মূল উৎস। ই কৰ্কট ৰোগৰ প্ৰতিৰোধৰ বাবে অধিক উপকাৰী বুলি কোৱা হয়।

গাজৰ

গাজৰত বিটা-কেৰটিন থাকে, যিটো এক প্ৰকাৰৰ এন্টি-অক্সিডেন্ট। ই অক্সিডেটিভ চাপ কমোৱাত আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। গাজৰত আঁহ থাকে। ই বিপাকীয় ক্ৰিয়া আৰু হজম শক্তি বৃদ্ধি কৰি পেটৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। সিজোৱা গাজৰ খাব পাৰে, কাৰণ ই সহজে হজম হয়।

নহৰু

নহৰুত এলিচিন পোৱা যায়। নহৰু গোন্ধ ইয়াৰ শিপাত থকা এলিচিনৰ বাবে হয়। চালফাৰ সদৃশ যৌগটোৱে অনিয়ন্ত্ৰিত কোষ বিভাজন ৰোধ কৰে, যাৰ ফলত কেন্সাৰৰ সম্ভাৱনা হ্ৰাস পায়।

ব্ৰকলি

ভিটামিন আৰু আঁহেৰে ভৰপূৰ এই পাচলিত ছালফ’ৰাফেন নামৰ এবিধ পদাৰ্থ থাকে, যিয়ে কেন্সাৰ কোষৰ বৃদ্ধিত বাধা দিয়ে। ইয়াত বিভিন্ন খনিজ পদাৰ্থ থাকে। ইতিমধ্যে এই পাচলি স্বাস্থ্যৰ বাবে উপকাৰী।

স্পষ্টীকৰণ:  বিভিন্ন উৎসৰ ভিত্তিত কেৱল তথ্যৰ বাবে এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে। গতিকে স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শ বিশেষজ্ঞৰ পৰা গ্ৰহণ কৰক।