পৰ্যাপ্ত টোপনিৰ পিছতো ভাগৰুৱা অনুভৱ কৰে নেকি? সাৱধান, হ’ব পাৰে এনে ৰোগৰ লক্ষণ!
কেতিয়াবা পৰ্যাপ্ত টোপনি লাভৰ পিছতো ভাগৰুৱা অনুভৱ কৰা দেখা যায়। নিশা ভালদৰে টোপনি অহাৰ পিছতো দিনটো ক্লান্তি-অৱসাদে আগৰি ধৰে। যদি আপোনাৰো এনে অনুভৱ হৈছে, সেয়া উলাই কৰা উচিত নহ’ব।

এক সুস্থ দেহৰ বাবে ভালদৰে টোপনি অহাটো অত্যন্ত প্ৰয়োজন। পৰ্যাপ্ত টোপনি নহ’লে যিকোনো ব্যক্তিয়েই নানা সমস্যাৰ সন্মুখীন হ’ব পাৰে। বিশেষজ্ঞসকলৰ মতে এজন ব্যক্তিক ৭ৰ পৰা ঘণ্টাৰ টোপনিৰ প্ৰয়োজন। কিন্তু কেতিয়াবা পৰ্যাপ্ত টোপনি লাভৰ পিছতো ভাগৰুৱা অনুভৱ কৰা দেখা যায়। নিশা ভালদৰে টোপনি অহাৰ পিছতো দিনটো ক্লান্তি–অৱসাদে আগৰি ধৰে। যদি আপোনাৰো এনে অনুভৱ হৈছে, সেয়া উলাই কৰা উচিত নহ’ব। যদি ৭-৮ ঘণ্টা পৰ্যাপ্ত টোপনিৰ পিছতো ভাগৰ দূৰ নহয়, তেতিয়া আপুনি বুজিব লাগে যে কিছুমান সমস্যাই শৰীৰত অজানিত গা কৰি উঠিছে।
আমাৰ দেশত প্ৰায় সকলো মহিলাৰ মাজত ৰক্তহীনতা এক অতি সাধাৰণ সমস্যাত পৰিণত হৈছে। কেৱল মহিলা বুলিয়েই নহয়, বহু পুৰুষেও এই সমস্যাত ভোগে। শৰীৰত আইৰণৰ অভাৱ হ’লে এই সমস্যাৰ সৃষ্টি হয়। আৰু উপযুক্ত খাদ্যৰ অভাৱ হ’লে শৰীৰত আইৰণৰ অভাৱ হয়। অৱশ্যে ইয়াৰ কেইবাটাও লক্ষণ দেখা যায়।
যদি এই লক্ষণসমূহে দেখা দিয়ে, তেতিয়া বিপদ হোৱাৰ পূৰ্বেই সতৰ্ক হ’ব পাৰি। ফলত ৰক্তহীনতাৰ সম্ভাৱনা কম কৰাত সহায়ক হয়। জানো আহক এনে কিছু লক্ষণৰ বিষয়ে–
১) প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণে টোপনি পোৱাৰ পিছতো যদি শৰীৰ ভাগৰুৱা হৈ থাকে, আপুনি বুজিব লাগে যে শৰীৰত আইৰণৰ অভাৱ হৈছে। গতিকে জিৰণি লোৱাৰ পিছতো যদি কাম কৰিবলৈ শক্তি নাপায়, তেতিয়া সাৱধান হোৱা উচিত। আইৰণৰ অভাৱ হ’লে শৰীৰৰ কোষবোৰত পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন পোৱা নাযায়, যাৰ ফলত ক্লান্তিৰ সৃষ্টি হয়।
২) যদিহে শৰীৰৰ প্ৰতিটো অংগত পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন নাপায়, তেতিয়া বুকুৰ বিষো অনুভৱ হয়। ইয়াৰ লগতে উশাহ-নিশাহ লোৱাত কষ্ট পোৱা যায়। তদুপৰি উচ্চ ৰক্তচাপ বা হৃদযন্ত্ৰৰ সমস্যা নাথাকিলেও কেতিয়াবা বুকুৰ বিষ বা চাপ অনুভৱ হয়।
৩) শৰীৰত আইৰণৰ অভাৱ হ’লে প্ৰায়ে ছালখন শেঁতা দেখা যায়। ছালৰ উজ্জ্বলতা কমি যায়। ইয়াৰ লগতে বিভিন্ন সমস্যাৰ সৃষ্টি হয়। এনে লক্ষণে দেখা দিলে আওকাণ কৰা উচিত নহয়।
৪) শৰীৰত আইৰণৰ অভাৱ হ’লে মগজুকে ধৰি শৰীৰৰ বিভিন্ন অংশত অক্সিজেনৰ অভাৱো দেখা দিয়ে। ফলত মূৰ ঘূৰোৱা, মূৰৰ বিষৰ দৰে লক্ষণো দেখা দিব পাৰে।
৫) যদি আপুনি হঠাতে লক্ষ্য কৰে যে আপোনাৰ নখবোৰ অলপ ডাঙৰ হ’লেই ভাঙি গৈছে, সেয়াও শৰীৰত আইৰণৰ অভাৱৰ লক্ষণ হ’ব পাৰে। গতিকে এনে অৱস্থাত চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজনীয়।
মন কৰিবলগীয়া যে শৰীৰত আইৰণৰ অভাৱ পূৰণ কৰিবলৈ কেৱল ঔষধ গ্ৰহণ কৰা উচিত নহয়। ইয়াৰ লগতে খাদ্যাভ্যাসৰ প্ৰতিও সচেতন হ’ব লাগে। শৰীৰত আইৰণৰ অভাৱ পূৰণ কৰিব পৰা খাদ্যসমূহ হ’ল – পালেং শাক, কুকুৰাৰ লিভাৰ, বিভিন্ন দাইল, ৰেড মিট, ব্ৰকলি, মাছ ইত্যাদি।