শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অন্ত পৰিব পৰাধীনতা! মাত্ৰ ১৫ মিনিটৰ এই টিপছে মানসিক চাপৰ পৰা স্বাধীন কৰিব আপোনাক

কৰ্মৰ হেঁচা, আৰ্থিক দায়িত্ব, পৰিয়ালৰ দায়িত্ব, দৈনন্দিন জীৱনত ঘটা সৰু-বৰ বহু সমস্যাৰ ফলত মন আৰু শৰীৰ অৱসাদে আগুৰি ধৰে। এই সমস্যা এতিয়া বয়স নিৰ্বিশেষে বহুলোকৰ ক্ষেত্ৰত সাধাৰণ হৈ পৰিছে। মাত্ৰ ১৫ মিনিটতে আপুনি এই সমস্যাৰ পৰা হ’ব পাৰিব স্বাধীন। জানো আহক এই বিষয়ে।

অন্ত পৰিব পৰাধীনতা! মাত্ৰ ১৫ মিনিটৰ এই টিপছে মানসিক চাপৰ পৰা স্বাধীন কৰিব আপোনাক
মানসিক চাপক এইদৰে দিয়ক বিদায়Image Credit source: Unsplash
monjit-dutta
Monjit Dutta | Published: 15 Aug 2025 16:19 PM

আজি স্বাধীনতা দিৱস। দেশপ্ৰেমেৰে উদ্বুদ্ধ হৈছে প্ৰতিগৰাকী লোকৰ মনপ্ৰাণ স্বাধীনতা মানে কেৱল পিছে দেশৰে স্বাধীনতা নহয়, বৰঞ্চ নিজৰ মাজত থকা সকলো বেয়া দিশৰ পৰা মুক্তি পোৱাটোও হৈছে এক প্ৰকাৰৰ স্বাধীনতা। বৰ্তমান সময়ত বহুলোক উদ্বেগজনকভাৱে মানসিক চাপৰ চিকাৰ হৈছে কৰ্মৰ হেঁচা, আৰ্থিক দায়িত্ব, পৰিয়ালৰ দায়িত্ব, দৈনন্দিন জীৱনত ঘটা সৰুবৰ বহু সমস্যাৰ ফলত মন আৰু শৰীৰ অৱসাদে আগুৰি ধৰে। এই সমস্যা এতিয়া বয়স নিৰ্বিশেষে বহুলোকৰ ক্ষেত্ৰত সাধাৰণ হৈ পৰিছে

তেনে পৰিস্থিতিত বৰ্তমান মানসিক চাপৰ পৰা মুক্ত হোৱাটো এক প্ৰকাৰৰ স্বাধীনতা স্বৰূপ হৈ পৰিছে। অৰ্থাৎ মানসিক চাপ নিয়ন্ত্ৰণ কৰাটো বৰ্তমান অতি প্ৰয়োজনীয় হৈ পৰিছে। মানসিক চাপৰ পৰা মুক্তি পাবলৈ স্বাধীনতা দিৱসতকৈ ভাল দিন আৰু কি হ’ব পাৰে? মাত্ৰ ১৫ মিনিটতে আপুনি এই সমস্যাৰ পৰা পাৰিব স্বাধীন জানো আহক এই বিষয়ে

প্ৰথমে এক শান্ত সমাহিত পৰিৱেশ বাছি লওক এই স্থান ঘৰত, পাৰ্ক, নদীৰ কাষৰীয়া অঞ্চল বা আন যিকোনো ঠাই হ’ব পাৰে।

এতিয়া প্ৰথম ৩ মিনিট উশাহ লোৱাত মনোনিৱেশ কৰক। লাহে লাহে উশাহনিশাগ লে আপোনাৰ হৃদস্পন্দন ধীৰ গতিত ব আৰু ই আপোনাৰ শৰীৰক শিথিল হোৱাত সহায় কৰে।

৩ মিনিট ধ্যান কৰক। মূৰৰ পৰা ভৰিলৈকে শৰীৰৰ প্ৰতিটো অংশৰ প্ৰতি মনোযোগ দিয়ক। মন কৰক আপুনি কি অনুভৱ কৰিছে। আপুনি দেখিব যে অজ্ঞাতে গঢ় লৈ উঠা উত্তেজনাৰ পৰা আপোনাৰ মন মুক্ত হ’ব।

২ মিনিটৰ বাবে আপোনাৰ নিজৰ আভ্যন্তৰীণ চিন্তাচৰ্চা অনুভৱ কৰক। ই আপোনাক বৰ্তমানৰ মুহূৰ্তত বিচৰণ কৰাত সহায় কৰিব আৰু যিকোনো ধৰণৰ চিন্তাত আৱদ্ধ হোৱাৰ পৰা ৰক্ষা কৰিব।

ইয়াৰ পিছত মিনিটৰ বাবে আজি আপুনি আনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা তিনিটা কথাৰ বিষয়ে ভাবি চাওক। কৃতজ্ঞতাই আপোনাৰ মনত প্ৰশান্তি আনে আৰু আপোনাৰ মনক ইতিবাচক দিশলৈ লৈ যাব।

এতিয়া ২ মিনিটৰ বাবে লাহে লাহে উশাহ এই সময়ত সকলো উজ্জ্বল শক্তি আপোনাৰ ফালে আকৰ্ষণৰ অনুভৱ কৰক। নিশাহৰ সময়ত সকলো চিন্তা বা নেতিবাচকতা দূৰ হোৱাৰ কথা ভাবিব।

অন্তিম ২ মিনিটৰ বাবে সামান্য ষ্ট্ৰেচ কৰক, উশাহ-নিশাহ নিয়মীয়াকৈ ৰাখক। ইয়াৰ ফলত আপোনাৰ শৰীৰটো স্বাভাৱিক গতিলৈ ঘূৰি আহিব, কিন্তু শান্তিৰ অনুভৱ বৰ্তি থাকিব এইদৰে আপুনি এই ১৫ মিনিটৰ পিছতে মানসিকভাৱে যথেষ্ট সতেজতা অনুভৱ কৰিব।