দূৰৈৰ বস্তুবোৰ কেতিয়াবা ধোঁৱা ধোঁৱা দেখে নেকি? ই কিহৰ লক্ষণ, জানক বিশেষজ্ঞৰ পৰা…
আজিকালি প্ৰায়ভাগ মানুহৰে মোবাইল ব্যৱহাৰ কৰা এক অভ্যাসত পৰিণত হৈ পৰিছে। কিন্তু বেছিকৈ মোবাইল ব্যৱহাৰ কৰিলে ই আমাৰ চকুত বেয়া প্ৰভাৱ পেলায়। ইয়াৰ ফলত বিভিন্ন সমস্যা হ'ব পাৰে।

আজিকালি মোবাইল ব্যৱহাৰ কৰা বহুতৰে এক অভ্যাসত পৰিণত হৈছে। শিশুৰ পৰা বৃদ্ধলৈকে বহুতে মোবাইল, লেপটপ, টিভি আদিৰ সন্মুখত ঘন্টাৰ পাছত ঘন্টা সময় কটায়। যাৰ ফলত বহুতৰ দৃষ্টিশক্তিৰ সমস্যা হোৱা দেখা যায়। কিন্তু বহুতে স্ত্ৰীণ বেছি সময় ব্যৱহাৰ কৰিলে হটব পৰা সমস্যাসমূহৰ বিষয়ে নাজানে। তেনে অৱস্থাত সৰু ল’ৰা-ছোৱালীয়েও ছশমা ল’বলগীয়াত পৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি যোৱা কেইবছৰমানৰ পৰা মাইঅ’পিয়া (নিকট দৃষ্টিশক্তি) ৰোগীৰ সংখ্যা যথেষ্ঠ বৃদ্ধি পাইছে।
মাইঅ’পিয়া কি
দূৰৈৰ বস্তুবোৰ ম্লান যেন লগা অৱস্থাত মাইঅ’পিয়া (Myopia), যাক ওচৰৰ দৃষ্টিশক্তি বুলিও কোৱা হয়। অৰ্থাৎ চকুৰ ৰেটিনাত পোহৰ সঠিকভাৱে কেন্দ্ৰীভূত হ’ব নোৱাৰে, যাৰ ফলত দূৰৈৰ বস্তু দেখাত অসুবিধাৰ সৃষ্টি হয়। এই অৱস্থাত চকুৰ ছানি আকাৰ বৃদ্ধি পায়। দূৰৈৰ বস্তু ম্লান লাগিলেও ওচৰৰ বস্তু দেখাত সমস্যা নহয়। তথ্য অনুসৰি দেশৰ ২০-৩০ শতাংশ জনসংখ্যা মাইঅ’পিয়া ৰোগত আক্ৰান্ত। মাইঅ’পিয়াৰ সমস্যা বাঢ়িলে ৰোগীৰ চকুৰ ছানি পৰা বা গ্ল’ক’মাৰ সম্ভাৱনা বাঢ়ি যায়।
লক্ষণ
- ম্লান দৃষ্টিশক্তিঃ দূৰৰ বস্তু যেনে ৰাস্তা, টিভিৰ স্ত্ৰীণ আদি ধোঁৱা ধোঁৱা লাগিব।
- চকু টিপটিপঃ স্পষ্টকৈ দেখাৰ চেষ্টা কৰাৰ বাবে সঘনাই চকু টিপটিপ কৰিবলগীয়া হয়।
- চকুত চাপঃ অনবৰতে চকুত চাপ অনুভৱ। পৰ্দা বা দূৰৈৰ বস্তু চাই থাকিলে চকু ভাগৰুৱা হ’ব পাৰে।
- মূৰৰ বিষঃ চকুত হেঁচা পোৱাৰ বাবে মূৰৰ বিষ হ’ব পাৰে। বিশেষকৈ সন্ধিয়া বা নিশাৰ ভাগত।
- চকু ঘহি থকাঃ বাৰে বাৰে চকু ঘহি থকা এই ৰোগৰ লক্ষণ হ’ব পাৰে।
- অসুবিধাঃ নিশা দূৰৰ বস্তু দেখাত অসুবিধা। যাক নাইট মাইঅপিয়া বুলি কয়।
কাৰণ
নয়ডাৰ ভৰদ্বাজ হাস্পতালৰ চকুৰ চিকিৎসক ডাঃ হৰ্ষ ছাক্সেনাই কয় যে এই ৰোগৰ কাৰণ জিনীয় আৰু পৰিবেশ দুয়োটা হ’ব পাৰে। যদি পূৰ্বতে আপোনাৰ পৰিয়ালৰ কোনো লোক এই ৰোগত আক্ৰান্ত তেন্তে পাছলৈ অন্য লোক এই ৰোগত আক্ৰান্ত হ’ব পাৰে। ইয়াৰোপৰি জীৱনশৈলী, ঘৰৰ ভিতৰত বেছিকৈ কাম কৰা আদি এই ৰোগৰ কাৰণ হ’ব পাৰে।
প্ৰতিকাৰৰ উপায়
জীৱনশৈলী সলনি কৰি এই ৰোগ বৃদ্ধি হোৱাত বাধা দিব পাৰি।
- শিশুসকলক আউটডোৰ এক্টিভিটি কৰিবলৈ উৎসাহিত কৰিব লাগে। বাহিৰত অধিক সময় কটোৱা শিশুৰ মাইঅ’পিয়াৰ সম্ভাৱনা তুলনামূলকভাৱে কম। গতিকে শিশুসকলক ঘৰত আৱদ্ধ কৰি ৰখাতকৈ বাহিৰত খেলা-ধূলা কৰিব দিব লাগে। অন্তত দুঘন্টা বাহিৰত খেলা-ধূলা বা শাৰীৰিক কাৰ্যকলাপ কৰিব দিব লাগে।
- শিশুৰ স্ত্ৰীণৰ সময় কম কৰক। আজিকালি বহু শিশুই মোবাইল, লেপটেপ, টিভি আদিত ব্যস্ত থকা দেখা যায়। গতিকে এই সমস্যাৰ পৰা হাত সাৰিবলৈ স্ত্ৰীণৰ পৰা দূৰত ৰাখক।
- মাজে মাজে ল’ৰা-ছোৱালীৰ চকুৰ পৰীক্ষা কৰাওক। ইয়াৰ দ্বাৰা তেওঁলোকৰ চকু সুস্থ কৰি ৰখাত বহুখিনি সহায়ক হ’ব।
যদি এনে সমস্যাসমূহে দেখা দিয়ে তেন্তে চকু বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। কিয়নো সময়ৰ লগে লগে এই সমস্যা বৃদ্ধি পাব পাৰে।
অন্য খবৰ পঢ়কঃ ঘা, ৰক্তক্ষৰণ…মুখৰ কৰ্কট ৰোগ হ’লে কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা…