শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

তেজৰ পৰীক্ষা কৰাৰ পূৰ্বে মনত ৰাখক এনে কথা, বিশেষজ্ঞই আগবঢ়াইছে পৰামৰ্শ

তেজ পৰীক্ষাৰ পূৰ্বে কিছুমান কথা মনত ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ। কাৰণ যদি এনে দিশসমূহৰ প্ৰতি যত্ন লোৱা নহয়, তেতিয়া তেজ পৰীক্ষাৰ প্ৰতিবেদনত ভুল তথ্য প্ৰকাশ পাব পাৰে, ইয়াৰ ফলত চিকিৎসকে সঠিক নিদান আগবঢ়োৱাত অসুবিধা হ’ব পাৰে।

তেজৰ পৰীক্ষা কৰাৰ পূৰ্বে মনত ৰাখক এনে কথা, বিশেষজ্ঞই আগবঢ়াইছে পৰামৰ্শ
তেজ পৰীক্ষা (প্ৰতিনিধিত্বমূলক ছবি)Image Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 28 Sep 2025 15:18 PM

শৰীৰৰ সঠিক অৱস্থাৰ বিষয়ে জানিবলৈ তেজৰ পৰীক্ষা কৰা হয় এক কথাত দেহৰ বাবে তেজৰ পৰীক্ষা এক সহজ কিন্তু অপৰিহাৰ্য পৰীক্ষা। তেজ পৰীক্ষাত শৰীৰত যিকোনো ৰোগ বা সংক্ৰমণ ধৰা পৰে। ইয়াৰ বাবে ব্যক্তিৰ দেহৰ পৰা তেজৰ নমুনা সংগ্ৰহ কৰাৰ পিছত লেবত পৰীক্ষা কৰা হয়। তেজৰ পৰীক্ষাৰ প্ৰতিবেদন অধিকাংশ ক্ষেত্ৰতে কম সময়ৰ ভিতৰত ঘূৰাই দিয়া হয়, সেয়ে এয়া প্ৰায় এক সাধাৰণ পৰীক্ষা হিচাপেই গণ্য কৰা হয়। কিন্তু তেজৰ পৰীক্ষা কৰাৰ পূৰ্বে কিছুমান দিশ বিবেচনা কৰাটোও প্ৰয়োজনীয় হৈ পৰে

এনে গুৰুত্বপূৰ্ণ দিশসমূহৰ বিষয়ে অধিকাংশ লোকেই সচেতন নহয়। তেজ পৰীক্ষা কৰিলে শৰীৰৰ জিনীয় ৰোগ ধৰা পৰিব পাৰে। তেজৰ পৰীক্ষাৰ দ্বাৰা ৰক্তহীনতা, তেজত যিকোনো ধৰণৰ সংক্ৰমণ, তেজৰ গ্লুক’জ, ৰঙা আৰু শ্বেত ৰক্তকণিকাৰ সংখ্যা, প্লেটলেটৰ সংখ্যা, আৰু প্লাজমাৰ মাত্ৰা ধৰা পেলোৱা হয়।

তেজ পৰীক্ষাৰ পূৰ্বে কিছুমান কথা মনত ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ যদি এনে দিশসমূহৰ প্ৰতি যত্ন লোৱা নহয়, তেতিয়া তেজ পৰীক্ষাৰ প্ৰতিবেদনত ভুল তথ্য প্ৰকাশ পাব পাৰে, ইয়াৰ ফলত চিকিৎসকে সঠিক নিদান আগবঢ়োৱাত অসুবিধা হ’ব পাৰে। গতিকে জানো আহক এই বিষয়ে

খালী পেটত থাকিব লাগেনে?

দিল্লীৰ জ্যেষ্ঠ চিকিৎসক ডাঃ কমলজীত সিং কৈন্থই কয় যে কিছুমান তেজৰ পৰীক্ষা, যেনে ডায়েবেটিছ পৰীক্ষা, লিপিড প্ৰফাইল পৰীক্ষা, বা থাইৰয়ড পৰীক্ষা খালী পেটত কৰিব লাগে। পৰীক্ষাৰ পূৰ্বে ৮ৰ পৰা ১২ ঘণ্টা পানীৰ বাহিৰে আন কোনো খাদ্য খোৱা বা পান কৰাটো পৰিহাৰ কৰিবলৈ বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে। চাহ, ৰস বা কফি খালেও ফলাফল ভুল হ’ব পাৰে।

ঔষধৰ বিষয়ে চিকিৎসকক জনাওক

ৰক্ত পৰীক্ষা কৰাৰ পূৰ্বে যদি আপুনি কোনো ৰোগ যেনে ৰক্তচাপ, ডায়েবেটিছ, বা হৃদৰোগৰ বাবে ওষধ ব্যৱহাৰ কৰি আছে, তেতিয়াহলে চিকিৎসকক আগতীয়াকৈ জনাওক।

পৰীক্ষাৰ পূৰ্বে ব্যায়াম নকৰিব

যদি আপোনাৰ তেজত চেনি বা কলেষ্টেৰল বেছি থাকে তেতিয়া তেজ পৰীক্ষাৰ পূৰ্বে গধুৰ ব্যায়াম বা খোজ কঢ়াৰ পৰা বিৰত থাকিব লাগে। ইয়াৰ ফলত ফলাফল সলনি হ’ব পাৰে। গতিকে তেজ পৰীক্ষাৰ পূৰ্বে কঠোৰ ব্যায়ামৰ পৰা বিৰত থাকিব লাগে।

পৰ্যাপ্ত টোপনি

তেজ পৰীক্ষাৰ পূৰ্বে পৰ্যাপ্ত পৰিমাণে টোপনি হোৱাটোও অতি প্ৰয়োজনীয়। টোপনিৰ অভাৱে আপোনাৰ হৰম’ন আৰু চেনিৰ মাত্ৰাত প্ৰভাৱ পেলাব পাৰে। ইয়াৰ ফলত ফলাফল ভুল হ’ব পাৰে। তেজ পৰীক্ষাৰ পূৰ্বে ভালকৈ শুবলৈ চেষ্টা কৰক।

মদ আৰু ধূমপান পৰিহাৰ কৰক

তেজ পৰীক্ষাৰ পূৰ্বে কমেও ২৪ ঘণ্টা মদ বা ধূমপান পৰিহাৰ কৰিব লাগে। এইবোৰে যকৃতৰ কাৰ্যক্ষমতা, লিপিড প্ৰফাইল, চেনিৰ মাত্ৰাত প্ৰভাৱ পেলাব পাৰে।

পানী খাওক, কিন্তু অতিমাত্ৰা নাখাব

তেজ পৰীক্ষাৰ পূৰ্বে অলপ পানী খোৱাটো বেয়া নহয়। ইয়াৰ ফলত তেজ উলিওৱাত সহজ হয়। কিন্তু মনত ৰাখিব যে অত্যধিক পানী সেৱন কৰিলেও ফলাফলত প্ৰভাৱ পৰিব পাৰে।