ইউৰিক এচিড বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? কেনেকৈ পাব পৰিত্ৰাণ, জানক চিকিৎসকে কি কয়…
Uric Symptoms: ইউৰিক এচিড বৃদ্ধি আজিকালি প্ৰায়ভাগ লোকৰেই সমস্যা। ইউৰিক এচিড বৃদ্ধিয়ে বহু গুৰুতৰ ৰোগৰ সৃষ্টি কৰিব পাৰে। তেনে অৱস্থাত ইউৰিক এচিড বৃদ্ধি হোৱাৰ লক্ষণসমূহ জনা দৰকাৰ।
 
                                আজিকালি প্ৰায়ভাগ মানুহৰে ইউৰিক এচিড (Uric acid) বৃদ্ধিৰ সমস্যাই দেখা দিছে। তেজত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি হলে সোনকালে ধৰা নপৰে। ইউৰিক এচিড বৃদ্ধিয়ে হাড়ৰ লগত জড়িত কিছুমান গুৰুতৰ ৰোগৰ সৃষ্টি কৰিব পাৰে। ইউৰিক এচিড বৃদ্ধি পালে শৰীৰত কিছুমান লক্ষণে দেখা দিয়ে। গতিকে এই লক্ষণ দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ। এই লক্ষণবোৰ চিনি পোৱা আৰু ইয়াৰ চিকিৎসা কৰা গুৰুত্বপূৰ্ণ। যদি ইউৰিক এচিডৰ বাবে গাঁঠিৰ ক্ষতি হয় তেন্তে গাঁঠিবোৰ ভাল কৰাটো অতি কঠিন।
যেতিয়া শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বাঢ়ি যায় তেতিয়া বৃক্কই ইয়াক ফিল্টাৰ কৰি উলিয়াব নোৱাৰে। ইয়াৰ পিছত ইউৰিক এচিড গাঁঠিৰ ভিতৰত জমা হ’বলৈ আৰম্ভ কৰে। যাৰ বাবেই গাঁঠিৰ সমস্যা আৰম্ভ হয়। ইয়াৰোপৰি ইউৰিক এচিড বৃক্কতো জমা হয়। ইয়াৰ ফলত কিডনীত পাথৰ, হৃদৰোগ আৰু ডায়েবেটিছৰ দৰে ৰোগ হব পাৰে। গতিকে ইউৰিক এচিড বৃদ্ধি হ’ব পৰা খাদ্যসমূহ পৰিহাৰ কৰিব লাগে।
কেনেকৈ হয়
পিউৰিন প্ৰটিনে শৰীৰত ইউৰিক এচিড বৃদ্ধি কৰে। উচ্চ প্ৰটিনযুক্ত খাদ্যত এই প্ৰটিনৰ পৰিমাণ বৃহৎ পৰিমাণে থাকে। বৃক্কই শৰীৰত গঠিত ইউৰিক এচিডৰ প্ৰায় ৬০ৰ পৰা ৬৫ শতাংশ ফিল্টাৰ কৰি উলিয়াই দিয়ে। বাকী থকা ইউৰিক এচিড অন্ত্ৰ আৰু পিত্তথলীৰ মাজেৰে নিৰ্গত হয়। ইউৰিক এচিড বৃদ্ধি হ’লে ইয়াক ফিল্টাৰ কৰি উলিয়াবলৈ অসুবিধা হয়। ইয়াৰ পিছত ইউৰিক এচিড বৃক্ক আৰু গাঁঠিত জমা হ’বলৈ ধৰে, যাৰ ফলত ৰোগৰ সৃষ্টি হয়।
লক্ষণ
যেতিয়া শৰীৰত ইউৰিক এচিড বৃদ্ধি হৈ জমা হ’বলৈ আৰম্ভ কৰে তেতিয়া প্ৰথম বিষ আৰম্ভ হয়। শৰীৰৰ সৰু সৰু গাঁঠিবোৰত এই বিষ আৰম্ভ হয়। হাত ভৰিৰ আঙুলিৰ গাঁঠিত বিষ অনুভৱ হয়। কেতিয়াবা ভৰিৰ ডাঙৰ আঙুলিৰ গাঁঠিত তীব্ৰ বিষ আৰু ফুলি উঠে। এই যন্ত্ৰণা সহ্য কৰিব নোৱাৰা বিধৰ হয়। এনে অৱস্থাত ইউৰিক এচিডৰ চিকিৎসা কৰা অতি প্ৰয়োজন। এই পৰিস্থিতিত ইউৰিক এচিডৰ চিকিৎসা নকৰিলে এই অৱস্থা অধিক ভয়াৱহ হৈ পৰে।
কিদৰে নিয়ন্ত্ৰণ কৰিব
ইউৰিক এচিডৰ ফলত হোৱা ৰোগৰ পৰা হাত সাৰিবলৈ স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিব লাগে। উচ্চ প্ৰটিনযুক্ত খাদ্যৰ পৰা আঁতৰি থাকিব লাগে। পানীৰ পৰিমাণ বৃদ্ধি কৰাৰ লগতে উচ্চ ফাইবাৰযুক্ত আৰু ভিটামিন চি সমৃদ্ধ খাদ্য খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে। মদ আৰু ধূমপানৰ পৰা আঁতৰি থাকিব লাগে। ইয়াৰ লগতে আপোনাৰ ওজনো নিয়ন্ত্ৰণত ৰাখিব লাগে।
অন্য খবৰ পঢ়কঃ গ্ৰীষ্মকালত বৃদ্ধি পাই ‘হিট ষ্ট্ৰ’ক’ৰ আশংকা, জানক ইয়াৰ লক্ষণসমূহৰ বিষয়ে…
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      