প্লাষ্টিকৰ সামগ্ৰী ব্যৱহাৰ কৰে নেকি? এই ৰাসায়নিক পদাৰ্থই বৃদ্ধি কৰে হাৰ্ট এটেক, মেদবহুলতাৰ সম্ভাৱনা…
আমাৰ দৈনন্দিন জীৱনত প্লাষ্টিক ব্যৱহাৰ কৰা সাধাৰণ কথা। কিন্তু এই প্লাষ্টিকে আপোনাৰ জীৱনলৈ বিপদ মাতি আনিব পাৰে। শেহতীয়াকৈ এক গৱেষণাত প্ৰকাশ পাইছে যে প্লাষ্টিকত থকা এক ৰাসায়নিক পদাৰ্থৰ ফলত বহু ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।

দৈনন্দিন জীৱনত প্লাষ্টিকৰ ব্যৱহাৰ এক সাধাৰণ কথা হৈ পৰিছে। কিন্তু ইয়াৰ ভিতৰত লুকাই থকা এটা ৰাসায়নিক পদাৰ্থ আমাৰ স্বাস্থ্যৰ বাবে মাৰাত্মক হ’ব পাৰে বুলি আপুনি জানেনে? শেহতীয়াকৈ এই সন্দৰ্ভত প্ৰকাশিত এক প্ৰতিবেদনক পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। য’ত কোৱা হৈছে যে, প্লাষ্টিকত ব্যৱহৃত ‘ফ্থালেটছ’ (Phthalates) নামৰ এক বিশেষ ৰাসায়নিক পদাৰ্থই সমগ্ৰ বিশ্বতে হৃদৰোগৰ ফলত মৃত্যু হোৱা ১৩% লোকৰ বাবে দায়ী।
ফ্থালেটছ এনে এক ৰাসায়নিক পদাৰ্থ যাক প্লাষ্টিক কোমল আৰু নমনীয় কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াক সাধাৰণতে খাদ্যৰ পাত্ৰ, বটল, শিশুৰ খেলনা আৰু বহুতো প্লাষ্টিকৰ ঘৰুৱা সামগ্ৰীত পোৱা যায়। এই ৰাসায়নিক পদাৰ্থ লাহে লাহে ভাঙি ক্ষুদ্ৰ কণালৈ পৰিণত হৈ বায়ু, পানী আৰু খাদ্যৰ যোগেদি আমাৰ শৰীৰত প্ৰৱেশ কৰে।
গৱেষণা
এই সন্দৰ্ভত নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে এক গৱেষণা কৰে আৰু ইয়াৰ সবিশেষ ‘eBioMedicine’ নামৰ এখন চিকিৎসা আলোচনীত প্ৰকাশ কৰে। গৱেষণাৰ পৰা প্ৰকাশিত তথ্য অনুসৰি,২০১৮ চনত সমগ্ৰ বিশ্বতে ফ্থালেটছ নামৰ ৰাসায়নিক পদাৰ্থবিধৰ ফলত হোৱা হৃদৰোগৰ বাবে ৩.৫৬ লাখ লোকৰ মৃত্যু হৈছে। ইয়াৰে অধিকাংশ লোক ভাৰতৰ। জানিব পৰা মতে, ভাৰতত প্ৰায় ১ লাখ ৩ হাজাৰ লোকৰ মৃত্যু হোৱাৰ লগতে দ্বিতীয় আৰু তৃতীয় স্থানত আছে চীন। ইয়াৰোপৰি ৫৫ ৰ পৰা ৬৪ বছৰ বয়সৰ লোকৰ ক্ষেত্ৰত সৰ্বাধিক আশংকা দেখা গৈছিল।
ভাৰতৰ বাবে বিপদ
ভাৰতত প্লাষ্টিক উৎপাদন আৰু ব্যৱহাৰ দুয়োটা দ্ৰুতগতিত বৃদ্ধি পাইছে। গতিকে ইয়াৰ পৰা সবাতোকৈ বেছি ভাৰতৰ আছে। ভাৰতত প্লাষ্টিকৰ আৱৰ্জনাও বৃহৎ পৰিমাণে উৎপন্ন হৈ আছে, যাৰ বাবে মানুহে সহজে এই ৰাসায়নিক পদাৰ্থবিধৰ সংস্পৰ্শলৈ আহে। গৱেষকসকলৰ মতে, ইয়াৰ ফলত দক্ষিণ এছিয়া, মধ্যপ্ৰাচ্য, পূব এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলসমূহ আটাইতকৈ বেছি প্ৰভাৱিত হৈছে।
ৰোগ
এই মাৰাত্মক ৰাসায়নিক পদাৰ্থবিধে হৃদৰোগৰ লগতে , মেদবহুলতা, কেন্সাৰ, হৰম’নৰ ভাৰসাম্যহীনতা আৰু বন্ধ্যাত্বৰ সম্ভাৱনাও বৃদ্ধি কৰিব পাৰে। বিশেষকৈ ‘DEHP’ নামৰ ফ্থালেটে হৃদযন্ত্ৰৰ ধমনীত ফুলা বৃদ্ধি কৰিব পাৰে। যাৰ ফলত হাৰ্ট এটেক বা ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পায়।
উল্লেখ্য় যে, এই গৱেষণাত গৱেষকসকলে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়ৰ কথাও উল্লেখ কৰিছে। তেওঁলোকে কৈছে যে, প্লাষ্টিক প্ৰদূষণ ৰোধ কৰা আৰু মানৱ স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ হ্ৰাস কৰা অতি প্ৰয়োজন। যদি এনে নহয়, তেন্তে প্লাষ্টিক সমগ্ৰ বিশ্ববাসীৰ বাবে ডাঙৰ সমস্যা হ’ব পাৰে।
অন্য খবৰ পঢ়কঃ গৰমৰ দিনত ছাল বেছি ক’লা হৈ পৰে নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা কৰি তোলক উজ্বল…