শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Teeth cavities: দাঁত পোকে খোৱাৰ কাৰণ আৰু লক্ষণ কি? জানক চিকিৎসকৰ পৰা…

Teeth cavities: বহু মানুহে দাঁতৰ লগত জড়িত বিভিন্ন সমস্যাত ভোগে। কিন্তু বহুতে দাঁতৰ স্বাস্থ্যক আওকান কৰা দেখা যায়। দাঁত পোকে খোৱা এক সাধাৰণ কথা। যেতিয়া পোকে খাই তেতিয়া বিভিন্ন লক্ষণে দেখা দিয়ে।

Teeth cavities: দাঁত পোকে খোৱাৰ কাৰণ আৰু লক্ষণ কি? জানক চিকিৎসকৰ পৰা…
দাঁতৰ সমস্যাImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 07 Oct 2025 13:49 PM

সামগ্ৰিক স্বাস্থ্যৰ বাবে দাঁত গুৰুত্বপূৰ্ণ। ই মানুহৰ সৌন্দৰ্যও বঢ়াই তোলে। কিন্তু দাঁতৰ লগত জড়িত বহু সমস্যা মানুহে আওকান কৰা দেখা যায়। যাৰ বাবে বহুতৰ দাঁতৰ লগত জড়িত বিভিন্ন সমস্যা হয়। দাঁত পোকে খোৱা এক সাধাৰণ সমস্যা। যাক কেলকুলাছ বা দাঁতৰ ক্ষয় হোৱা বুলিও কয়। ই মূলত দাঁতৰৰ বাহিৰৰ স্তৰৰ ইনামেলত ফুটা হোৱা বুজায়। যদি সময়মতে চিকিৎসা কৰা নাযায় তেতিয়া দাঁতৰৰ ভিতৰৰ তৰপলৈ ই বিষপিব পাৰে। যাৰ ফলত বিষ বা অন্য সংক্ৰমণ হ’ব পাৰে। শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈ সকলোৱে এই সমস্যাত পৰে।

কাৰণ

  • বিশেষকৈ দাঁতৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱ, চেনিযুক্ত খাদ্য বেছিকৈ খোৱা আদিৰ ফলত দাঁত পোকে খায়।
  • খাদ্য খোৱাৰ পাছত ব্ৰাছ নকৰিলে খাদ্যৰ কনা আৰু বেক্টেৰিয়া দাঁতত জমা হয়।
  • এই বেক্টেৰিয়াই এচিড উৎপন্ন কৰে, যিয়ে ইনামেল খহনীয়া কৰি গাঁতৰ সৃষ্টি কৰে।

এনে অৱস্থাত যদি চিকিৎসা কৰা নাযায় তেন্তে দাঁৰত বিষ, খাদ্য খোৱাত অসুবিধা, আলু ফুলা, দাঁত ক্ষয় আদি বিভিন্ন সমস্যাই দেখা দিব পাৰে। ই শৰীৰৰ আন অংশতো বিষ অনুভৱ কৰাব পাৰে।

লক্ষণ

বহুতে কেতিয়াবা দাঁতৰ বিষ সাধাৰণ বুলি ভাবে। কিন্তু যেতিয়া পোকে খাই কিছুমান লক্ষণে দেখা দিয়ে। এই বিষয়ে সবিশেষ জনাইছে যশোদা চিকিৎসালয়ৰ দন্ত চিকিৎসা সঞ্চালক ডাঃ আনমোল কুমাৰে। তেওঁ জনোৱা মতে পোকে খোৱাৰ সাধাৰণ লক্ষণ সমূহ-

  • দাঁতৰ বিষ
  • গৰম বা ঠাণ্ডা খাদ্য খালে দাঁতত জিনজিননি
  • দাঁতৰ আলু ফুলা
  • দাঁত হালধীয়া
  • কেতিয়াবা দাঁত ক’লা হয়।

অৱশ্যে কেতিয়াবাই এইবোৰ লক্ষণে দেখা নিদিলেও দাঁতত ফুটাৰ সৃষ্টি হ’ব পাৰে।

যদি আপুনি দীৰ্ঘদিন ধৰি দাঁতৰ বিষ অনুভৱ কৰে লগতে ৰঙা পৰা, আলু ফুলা, ফুটা, দাঁত ভঙা আদিৰ সমস্যাত ভোগে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ। এই গাঁতবোৰ নিজাকৈ ভাল নহয়। চিকিৎসাৰ দ্বাৰা ইয়াক মেৰামতি কৰিব পাৰি। গতিকে দাঁতৰ লগত জড়িত কিবা সমস্যা দেখা দিলেই বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

পৰিত্ৰাণৰ উপায়

  • দিনত কমেও দুবাৰ ব্ৰাছ কৰক।
  • চেনিযুক্ত আৰু কাৰ্বহাইড্ৰেট সমৃদ্ধ খাদ্যৰ পৰিমাণ কম কৰক।
  • খাদ্যত ফল-মূল, সেউজীয়া শাক-পাচলি আদি অন্তৰ্ভুক্ত কৰক।
  • দাঁতৰ যত্ন লওক।
  • লক্ষণ দেখা দিলে দন্ত চিকিৎসকৰ পৰামৰ্শ লওক।

 

অন্য খবৰ পঢ়কঃ পুৱা খালী পেটত কি খাব লাগে? কেতিয়াও নহয় গেছৰ সমস্যা, জানক সকলো…