শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Teacher’s day 2025 wishes: প্ৰিয় শিক্ষকগৰাকীক এনেদৰে জনাওক ‘শিক্ষক দিৱস’ৰ শুভেচ্ছা…

Teacher's day 2025 wish: প্ৰতিবছৰে ৫ ছেপ্টেম্বৰৰ দিনটোত শিক্ষক দিৱস পালন কৰা হয়। এই দিনটোৰ বিশেষ মহত্ব আছে। এই দিনটোত জন্ম হৈছিল ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ।

Teacher’s day 2025 wishes: প্ৰিয় শিক্ষকগৰাকীক এনেদৰে জনাওক ‘শিক্ষক দিৱস’ৰ শুভেচ্ছা…
শিক্ষক দিৱসImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 03 Sep 2025 22:57 PM

প্ৰতিবছৰে ৫ ছেপ্টেম্বৰত পালন কৰা হয় শিক্ষক দিৱস। এই দিনটোতেই জন্ম হৈছিল ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি, দ্বিতীয় ৰাষ্ট্ৰপতি, দাৰ্শনিক ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ। ৪০ বছৰ শিক্ষকতা কৰা ৰাধাকৃষ্ণণ  ২৭ বাৰ নোবেল বঁটাৰ বাবে মনোনীত হৈছিল। ১৯৫৪ চনত তেওঁ ভাৰতৰত্ন বঁটা লাভ কৰিছিল। এই মহান ব্যক্তিগৰাকীৰ জন্মতিথিতেই শিক্ষক দিৱস পালন কৰা হয়।

এই দিনটোৰ বিশেষ মহত্ব আছে। শিক্ষক দিৱসৰ দিনা দেশৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়, মহাবিদ্যালয় আদিত অনুষ্ঠানৰ আয়োজন কৰা হয়। প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে এই দিনটোৰ মহত্ব অধিক। এই দিনটোত ৰাধাকৃষ্ণণক সন্মান জনোৱাৰ লগতে শ্ৰদ্ধাৰ শিক্ষকসকলকো কৃতজ্ঞতা জ্ঞাপন কৰা হয়। ইয়াৰোপৰি বহুতে প্ৰিয় শিক্ষকগৰাকীক বিভিন্ন প্ৰকাৰে শুভেচ্ছা দিয়ে। আপুনিও তলত দিয়া ধৰণে শুভেচ্ছা জনাব পাৰে-

১) শিক্ষক দিৱসৰ বহুত বহুতে শুভেচ্ছা। আপোনাক মোৰ শিক্ষাগুৰু হিচাপে পাই মই ধন্য।

২) আপুনি মোৰ অনুপ্ৰেৰণা, আপুনি মোৰ সাহস। আপোনাৰ প্ৰতিটো বাক্যই দিয়ে মোক নতুন শিক্ষা। আপোনালৈ বহুত ধন্যবাদ লগতে শিক্ষক দিৱসৰ শুভেচ্ছা।

৩) কেৱল স্কুলীয়া শিক্ষাই নহয়, আপুনি মোক জীৱনৰ পাঠ শিকাইছে। আপোনাক ধন্যবাদ। শিক্ষক দিৱসৰ বহুত শুভেচ্ছা

৪)আপুনি মোৰ শৈক্ষিক পথৰ পথ প্ৰদৰ্শক। শিক্ষক দিৱসৰ বহুত বহুত শুভেচ্ছা।

৫) মোক জ্ঞান আৰু সাহস দিয়াৰ বাবে ধন্যবাদ। আপোনালৈ শিক্ষক দিৱসৰ শুভেচ্ছা।

৬)হয়তো সকলোৰে সফলতাৰ আঁৰত থাকে আপোনাৰ দৰে এজন শিক্ষক। আপোনালৈ শিক্ষক দিৱসৰ বহুত শুভেচ্ছা।

৭)মোৰ প্ৰিয় শিক্ষকগৰাকীলৈ শিক্ষক দিৱসৰ শুভেচ্ছা। আপোনালৈ অশেষ শ্ৰদ্ধা নিবেদিছো।

৮)শিক্ষক দিৱসৰ বহুত শুভেচ্ছা। মোৰ ওপৰত ৰখা বিশ্বাস, মোক দিয়া অনুপ্ৰেৰণাৰ বাবে আপোনাক বহুত ধন্যবাদ।

৯)সৰ্বেপল্লী ৰাধাকৃষ্ণণে কৈছিল- শিক্ষক এডাল জ্বলি থকা মমবাতিৰ দৰে, যি নিজে জ্বলি আনক পোহৰ বিলায়। আপোনালৈ শিক্ষক দিৱসৰ বহুত শুভেচ্ছা।

১০) আপুনি মোক জ্ঞান দিছে, মূল্যবোধ দিছে, আপুনি মোক ভাল মানুহ হোৱাৰ সাহস দিছে। শিক্ষক দিৱসৰ বহুত শুভেচ্ছা।

১১) আপোনাৰ ওচৰত মই চিৰ ঋণী! আপুনি দিয়া জ্ঞানেৰেই উজ্বলি উঠিছে মোৰ জীৱন। আপোনালৈ অশেষ শ্ৰদ্ধা। শিক্ষক দিৱসৰ বহুত শুভেচ্ছা।

১২) এই দিনটোৰ দৰে আপুনিও মোৰ বাবে বিশেষ। আপোনাৰ বাবে মই এই পৃথিৱীৰ সৈতে চিনাকী হ’ব পাৰিছো। আনৰ সৈতে কান্ধ কান্ধ মিলাই আগুৱাব পাৰিছো। অশেষ ধন্যবাদ।

১৩) শিক্ষক দিৱসৰ বহুত শুভেচ্ছা। আপোনাৰ পৰা লাভ কৰা প্ৰতিটো জ্ঞানেই দিয়ে মোক আগুৱাই যোৱাৰ প্ৰেৰণ, ভাল ভৱিষ্যতৰ এটা নতুন বাট। আপোনাক ধন্যবাদ।

১৪) আপুনি দিয়া জ্ঞানৰ পোহৰ লৈ আগবাঢ়িছো- আপোনাক অশেষ ধন্যবাদ। শিক্ষক দিৱসৰ শুভেচ্ছা।

১৫)প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক অনুপ্ৰাণিত কৰা শিক্ষকগৰাকীলৈ শিক্ষক দিৱসৰ বহুত শুভেচ্ছা।

 

অন্য খবৰ পঢ়কঃ Teacher’s day 2025 speech: ছাত্ৰ-ছাত্ৰীৰ বাবে ‘শিক্ষক দিৱস’ৰ চমু ভাষণ আৰু ৰচনা…