Teacher’s Day 2025: শিক্ষক দিৱসত গুৰুৰ হাতত তুলি দিয়ক এনে উপহাৰ, লাভ কৰিব আশীৰ্বাদ…
Teacher’s Day Gift Ideas 2025: যদি আপোনাৰ সন্তানেও এই শিক্ষক দিৱসত নিজৰ প্ৰিয় শিক্ষকৰ বাবে উপহাৰ ল’ব বিচাৰে, তেতিয়া আপুনি সন্তানক এইক্ষেত্ৰত সঠিক উপহাৰৰ সন্ধান দিব পাৰে। চাওঁ আহক তেনে কেইটিমান উপহাৰৰ বিষয়ে।

দেশৰ দ্বিতীয়গিৰাকী ৰাষ্ট্ৰপতি তথা শিক্ষাবিদ ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ জন্ম বাৰ্ষিকী হিচাপে প্ৰতি বছৰে ৫ ছেপ্টেম্বৰত শিক্ষক দিৱস পালন কৰা হয়। প্ৰতিগৰাকী ব্যক্তিৰ জীৱন উদ্ভাসিত হৈ থাকে তেওঁৰ জীৱনত দিকদৰ্শন কৰা শিক্ষকৰ পোহৰেৰে। এগৰাকী শিক্ষকে কেৱল পাঠ্যক্ৰমৰ জ্ঞান দিয়াই নহয়, জীৱনৰ মূল্যবোধ, অনুশাসন, আত্মবিশ্বাস আৰু নৈতিকতাৰ শিক্ষণো প্ৰদান কৰে। শিকায় জীৱন আগবঢ়াই নিয়াৰ সঠিক পাঠ। শিক্ষকৰ হাতত হাত ধৰিয়েই এজন ব্যক্তিৰ ব্যক্তিত্ব বিকাশ ঘটে, চিন্তা শক্তি তথা বিচাৰ–বিবেচনাৰে হৈ উঠে এজন সুনাগৰিক।
শিক্ষক দিৱসৰ দিনটো দেশজুৰি নানা কাৰ্যসূচী গ্ৰহণ কৰা হয়। জীৱনৰ গুৰুগৰাকীক শ্ৰদ্ধা–সন্মান নিবেদনেৰে গুৰুভক্তিত গদগদ হৈ পৰে প্ৰতিগৰাকী ছাত্ৰ। শিক্ষকসকলৰ বাবে ছাত্ৰ–ছাত্ৰীয়ে অংশ লয় নানা কলাত্মক কাৰ্যসূচীত। কেৱল সিমানেই নহয়, এই দিনটোত গুৰুৰ হাতত শিক্ষাৰ্থীয়ে তুলি দিয়ে যথাসাধ্য উপহাৰ।
যদি আপোনাৰ সন্তানেও এই শিক্ষক দিৱসত নিজৰ প্ৰিয় শিক্ষকৰ বাবে উপহাৰ ল’ব বিচাৰে, তেতিয়া আপুনি সন্তানক এইক্ষেত্ৰত সঠিক উপহাৰৰ সন্ধান দিব পাৰে। চাওঁ আহক তেনে কেইটিমান উপহাৰৰ বিষয়ে–
কলম আৰু ডায়েৰী
প্ৰিয় শিক্ষকৰ বাবে কলম বা ডায়েৰী উপহাৰ স্বৰূপে দিয়াৰ প্ৰচলন আমাৰ সমাজত আছেই। এই দুয়োবিধ সামগ্ৰীৰে জীৱনত এক বিশেষ স্থান আছে। এটা কলম লগতে এক সন্মান তথা শ্ৰদ্ধাভৰা উক্তিৰে এখন ডায়েৰী উপহাৰ দিব পাৰে। এই উপহাৰে শিক্ষকসকলৰ মন প্ৰশান্ত কৰিব। তেওঁলোকে এই উপহাৰ সততে নিজৰ লগত ৰাখিব পাৰে। এই ডায়েৰীখনত যেতিয়াই তেওঁলোকে কিবা এটা লিখিব, তেতিয়াই তেওঁলোকৰ মনত নিশ্চিতভাৱে আপোনাৰ ছবি মনলৈ আহিব।
হাতেৰে বনোৱা কাৰ্ড
যদি আপোনাৰ বাজেট কম বা আপুনি অধিক আৱেগিক উপহাৰ দিব বিচাৰে, তেতিয়া আপুনি হাতেৰে বনোৱা এখন কাৰ্ড বনাই শিক্ষকক উপহাৰ দিব পাৰে। এই কাৰ্ডত আপোনাৰ অনুভৱ, স্মৃতি আৰু জীৱনত লাভ কৰা শিক্ষণৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি কেইশাৰীমান বাক্য লিখিব পাৰে।
কিতাপ উপহাৰ দিয়ক
কিতাপতকৈ শ্ৰেষ্ঠ উপহাৰ কি হ’ব পাৰে! গতিকে স্বাভাৱিকতেই শিক্ষকক উপহাৰ দিবলৈ কিতাপ এক উত্তম বিকল্প হ’ব। এখন কিতাপ প্ৰজন্মৰ পিছত প্ৰজন্মৰ বাবে জ্ঞান আহৰণৰ উৎস। গতিকে আপুনি দিয়া এই উপহাৰ শিক্ষকজনৰ ঘৰখনৰ বাবেই এক আদৰ্শ উপহাৰ হৈ পৰিব।
গছ পুলি উপহাৰ দিয়ক
শিক্ষকক তেওঁৰ ঘৰ বা ডেস্কত ৰাখিব পৰা সৰু গছ যেনে মানী প্লাণ্ট, বনছাই উপহাৰ দিব পাৰে। ইয়াৰ লগতে আপোনাৰ মনৰ ভাৱ প্ৰকাশ কৰি এক সৰু কাৰ্ড সংলগ্ন কৰি পাৰিব। বা আপুনি এক ডাঙৰ গছৰ পুলিও দিব পাৰে। আপোনাৰ এই উপহাৰ প্ৰকৃতিৰ বাবে হৈ পৰিব মহৎ দান।