শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

গৰমত নিশা শোৱাৰ পূৰ্বে গা ধোৱে নেকি? এয়া সঠিক হয় নে নহয়, জানেনে…

গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বহু লোকে দিনটোৰ ভিতৰত কেইবাবাৰো গা ধোৱা পৰিলক্ষিত হয়। সাধাৰণতে গৰমৰ বাবে অধিকাংশ লোকেই নিশা শোৱাৰ পূৰ্বে গা ধোৱাটোও পচন্দ কৰে। এনে গৰমৰ বতৰত ঠাণ্ডা পানীৰে গা ধুলে অৱশ্যেই যথেষ্ট শাঁত পৰে দেহ।

গৰমত নিশা শোৱাৰ পূৰ্বে গা ধোৱে নেকি? এয়া সঠিক হয় নে নহয়, জানেনে…
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Published: 17 May 2024 20:13 PM

ৰাজ্যত এতিয়া তীব্ৰ গৰমৰ প্ৰকোপ। এক কথাত গৰমে দহিছে ৰাজ্যবাসীক। গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ বহু লোকে দিনটোৰ ভিতৰত কেইবাবাৰো গা ধোৱা পৰিলক্ষিত হয়। সাধাৰণতে গৰমৰ বাবে অধিকাংশ লোকেই নিশা শোৱাৰ পূৰ্বে গা ধোৱাটোও পচন্দ কৰে। এনে গৰমৰ বতৰত ঠাণ্ডা পানীৰে গা ধুলে অৱশ্যেই যথেষ্ট শাঁত পৰে দেহ। একে সময়তে কিছু গৱেষণাত এই কথাও প্ৰকাশ পাইছে যে গৰমৰ দিনত নিশা গা ধুলে বহু উপকাৰ পোৱা যায়।

সুস্থ হৈ থাকিবলৈ ভাল খাদ্যাভ্যাস কৰাটো যিমান গুৰুত্বপূৰ্ণ সিমানেই পৰ্যাপ্ত পৰিমাণে টোপনি অহাটোও গুৰুত্বপূৰ্ণ। এই বতৰত বহু সময়ত গৰমৰ বাবে ভালদৰে নাহে। এনে পৰিস্থিতিত  টোপনিৰ অভাৱৰ বাবে গোটেই দিনটো ভাগৰুৱা অনুভৱ হ’ব পাৰে। ইয়াৰ পৰা পৰিত্ৰাণৰ বাবে ভাল টোপনি অহাটো জৰুৰী। নিশা গা ধুই শুবলৈ গ’লে গোটেই দিনটোৰ অৱসাদ দূৰ হয়। অৱশ্যে নিশা হোৱাৰ পূৰ্বে গা ধুলে নিশ্চিতভাৱে পানীৰ উষ্ণতাৰ প্ৰতি গুৰুত্ব দিব লাগে।

এই সময়ত পানী বেছি গৰম বা বেছি ঠাণ্ডা হ’ব নালাগে। ৰাতি শুবলৈ যোৱাৰ পূৰ্বে গা ধুলে কি কি উপকাৰ হয় জানো আহকঃ

 

১/ টোপনি ভাল হয়

ৰাতি শোৱাৰ পূৰ্বে গা ধুলে ভাল টোপনি আহিব। এই সময়ত গা ধুলে গোটেই দিনটোৰ ভাগৰ দূৰ হ’ব। দেহৰ অৱসাদ দূৰ হ’লে টোপনিও ভাল হয়। লগতে ৰাতি গা ধুই শুলে সমগ্ৰ দিনটো শৰীৰত থকা বীজাণু আৰু মলি পৰিষ্কাৰ হৈ পৰে, যাৰ ফলত সংক্ৰমণৰ সম্ভাৱনা কম হয়।

 

২/ ছালৰ লগত জড়িত ৰোগৰ পৰা পৰিত্ৰাণ পাব

দিনটো বাহিৰত থাকিলে ধূলি, মাটি আৰু ঘামৰ জৰিয়তে দেহৰ অপকাৰী বীজাণু আমাৰ শৰীৰত লাগে। ইয়াৰ সমান্তৰালকৈ সাধাৰণতে কোনো পৰিচিত লোকৰ সাক্ষাৎ পালে কৰমৰ্দন বা আলিঙ্গনৰো অভ্যাস থাকে। ইয়াৰ ফলত সেই লোকসকলৰ শৰীৰৰ পৰা বেক্টেৰিয়া আমাৰ শৰীৰলৈ আহে। এনে পৰিস্থিতিত যদি আপুনি ৰাতি গা নোধোৱাকৈ শুই থাকে, তেন্তে ছালৰ লগত জড়িত বহুতো ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। ৰাতি শোৱাৰ পূৰ্বে গা ধুলে সংক্ৰমণৰ সম্ভাৱনা কমি যায় আৰু ছালখনো কোমল তথা উজ্জল হৈ উঠে।

 

৩/ মানসিক অৱস্থা সতেজ হৈ থাকে

দিনটোৰ শাৰীৰিক তথা মানসিক পৰিশ্ৰমৰ বাবে মানুহৰ মেজাজ প্ৰায়ে খিংখিঙীয়া হৈ পৰে। এনে পৰিস্থিতিত মানসিক অৱসাদৰ পৰা পৰিত্ৰাণ পাবলৈ নিশা গা ধুই শোৱাটো ভাল বুলি বিবেচিত হয়।