পুনৰ বৃদ্ধি পালে ৰে’লৰ ভাড়া, জানক কিমান টকা ভৰিব লাগিব…
Railway fare hike: বৃদ্ধি পালে ৰে'লৰ ভাড়া। ৫ বছৰ পাছত বৃদ্ধি পাইছে যাত্ৰীবাহী ৰে'লৰ ভাড়া। ১ জুলাইৰ পৰা কাৰ্যকৰী হৈছে এই নতুন নিয়ম।
পুনৰ বাঢ়িৰ ৰে’লৰ ভাড়া। কেন্দ্ৰীয় ৰে’ল মন্ত্ৰালয়ে শেষবাৰৰ বাবে ২০২০ চনত চৰকাৰী অধিসূচনা জাৰি কৰি যাত্ৰীবাহী ৰে’লৰ ভাড়া বৃদ্ধি কৰিছিল। তাৰ পাছতে সোমবাৰে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰালয়ে ৫ বছৰৰ ব্যৱধানৰ পিছত পুনৰ ভাড়া বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ পাছতে পুনৰ বৃদ্ধি পালে ৰে’লৰ ভাড়া। ১ জুলাইৰ পৰা কাৰ্যকৰী হৈছে এই নতুন নিয়ম।
ৰে’ল মন্ত্ৰালয়ে এক অধিসূচনাযোগে কয় যে মেইল আৰু এক্সপ্ৰেছৰ ক্ষেত্ৰত নন-এচি দ্বিতীয় শ্ৰেণীৰ পৰা প্ৰথম শ্ৰেণীলৈ প্ৰতি কিলোমিটাৰত ১ পইচা ভাড়া বৃদ্ধি কৰা হ’ব। আনহাতে, এচি চেয়াৰ কেয়াৰৰ পৰা এচি ফাৰ্ষ্ট ক্লাছলৈ প্ৰতি কিলোমিটাৰত ২ পইচাকৈ ভাড়া বৃদ্ধি কৰা হ’ব। অৱশ্যে এই ভাড়া বৃদ্ধিৰ ফলত স্থানীয় ৰে’লৰ ওপৰত কোনো প্ৰভাৱ নপৰে।