হৈ পৰিছে নেকি খিংখিঙীয়া, সঘনাই সলনি হয় নেকি মুড? ই কি ভিটামিন অভাৱৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…
আজিকালি বহুতে মানুহে মানসিক সমস্যাত ভোগা দেখা যায়। হঠাতে খং উঠা বা মুড সলনি হোৱাৰ সমস্যাত বহুতে ভোগে। গতিকে এয়া কোনো ভিটামিনৰ অভাৱৰ ফলতো হ'ব পাৰে।

হতাশা বা ডিপ্ৰেশ্যন কেৱল আমাৰ মানসিক সমস্যা নহয়, ই আমাৰ শৰীৰৰ পুষ্টিৰ অৱস্থাৰ সৈতেও প্ৰত্যক্ষভাৱে জড়িত। কিছুমান প্ৰয়োজনীয় ভিটামিনৰ অভাৱত হতাশা-উদ্বেগ আদি মানসিক বিকাৰ হ’ব পাৰে। অৱশ্যে উপযুক্ত খাদ্য আৰু পৰিপূৰক খাদ্যৰ জৰিয়তে সময়মতে ইয়াক প্ৰতিৰোধ কৰা সম্ভৱ।
বিশেষজ্ঞসকলে কয় যে ডিপ্ৰেশ্যন কেৱল আৱেগিক বা মানসিক অৱস্থাৰ সৈতে জড়িত নহয়, ইয়াৰ প্ৰত্যক্ষ সম্পৰ্ক শাৰীৰিক পুষ্টি বিশেষকৈ ভিটামিনৰ সৈতে আছে। আমাৰ শৰীৰ আৰু মনৰ ভাৰসাম্য ৰক্ষাৰ বাবে কিছুমান বিশেষ ভিটামিনৰ প্ৰয়োজন। এইবোৰৰ অভাৱ হ’লে মগজুৰ ৰাসায়নিক পদাৰ্থ ((Neurotransmitters)) বিঘ্নিত হয়, যাৰ ফলত মুড, শক্তিৰ মাত্ৰা আৰু চিন্তা ক্ষমতাত প্ৰভাৱ পৰে। ইয়াৰ সবিশেষ তলত উল্লেখ কৰা হ’ল।
ভিটামিন বি ১২
গাজিয়াবাদ জিলা চিকিৎসালয়ৰ মানসিক ৰোগ বিভাগৰ ডাঃ এ কে কুমাৰে কয় যে, ভিটামিন বি ১২ৰ অভাৱত হতাশা, মুড ডিচৰ্ডাৰৰ প্ৰধান কাৰণ বুলি ক’ব পাৰি। আমাৰ মগজু আৰু স্নায়ুতন্ত্ৰৰ বাবে এই ভিটামিন অতি গুৰুত্বপূৰ্ণ। ইয়াৰ অভাৱৰ বাবে এজন ব্যক্তিয়ে ভাগৰুৱা, খিংখিঙীয়া, মনোযোগৰ অভাৱ আৰু দুখ অনুভৱ কৰিব পাৰে। যদি দীৰ্ঘদিন ইয়াৰ অভাৱ হয় তেন্তে ডিপ্ৰেশ্যন হ’ব পাৰে।
ভিটামিন ডি
ভিটামিন ডি, যাক ছানশ্বাইন ভিটামিন বুলিও কোৱা হয়, ই মানুহৰ মুড নিয়ন্ত্ৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ অভাৱৰ ফলত এজন ব্যক্তি কম শক্তি, দুখ, প্ৰেৰণাহীন আদি অনুভৱ কৰিব পাৰে। বিশেষকৈ বৰষুণ, ঠাণ্ডা বা ঘৰৰ ভিতৰত বেছি সময় থাকিলে শৰীৰত ভিটামিন ডিৰ মাত্ৰা কমি যায়, যাৰ ফলত হতাশাৰ সম্ভাৱনা বৃদ্ধি পায়।
ভিটামিন বি৯
ভিটামিন B9 (Folic Acid)ৰ অভাৱেও মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। এই ভিটামিনে মগজুত ফিল-গুড হৰম’ন (যেনে serotonin, dopamine)উৎপন্ন কৰে। গতিকে ইয়াৰ অভাৱৰ ফলত মগজুৰ ভাৰসাম্য বিঘ্নিত হ’ব পাৰে।
পৰিত্ৰাণৰ উপায়
- সুষম আহাৰ গ্ৰহণ কৰক- খাদ্যত গাখীৰ, কণী, মাছ, কচু, ব্ৰকলি, কল, আলমণ্ড, দাইল, দৈ আদি পুষ্টিকৰ খাদ্য অন্তৰ্ভুক্ত কৰক।
- ৰ’দত সময় কটাব- প্ৰতিদিনে ১৫-২০ মিনিট পুৱাৰ মৃদু ৰ’দত বহাৰ চেষ্টা কৰিব। যাতে শৰীৰে পৰ্যাপ্ত পৰিমাণে ভিটামিন ডি লাভ কৰে।
- তেজৰ পৰীক্ষা- যদি সঘনাই ভাগৰুৱা অনুভৱ কৰে, মুড সলনি হয়, দুখ অনুভৱ কৰে,তেন্তে ভিটামিন বি ১২ আৰু ভিটামিন ডি এবাৰ পৰীক্ষা কৰাব লাগে।
- চিকিৎসকৰ পৰামৰ্শ মতে পৰিপূৰক গ্ৰহণ কৰক– যদি খাদ্যই প্ৰয়োজনীয়তা পূৰণ কৰা নাই, তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছত ভিটামিন পৰিপূৰক গ্ৰহণ কৰক।
বিশেষজ্ঞৰ মতে, মানসিক কাৰণ বাবে নহয়, হতাশা বা ডিপ্ৰেশ্যন কেতিয়াবা ভিটামিনৰ অভাৱৰ ফলতো হয়। ভিটামিন বি ১২, ভিটামিন ডি আৰু বি ৯ (ফোলেট)ৰ অভাৱ সময়মতে চিনাক্ত কৰি ৰোধ কৰিব পাৰি। উপযুক্ত খাদ্য, সূৰ্যৰ পোহৰ, স্বাস্থ্য পৰীক্ষাৰ দ্বাৰা আপুনি মানসিকভাৱে সুস্থ হৈ থাকিব পাৰে।
অন্য খবৰ পঢ়কঃ ভৰিৰ সৰু সৰু সমস্যা হ’ব পাৰে হৃদযন্ত্ৰ বিকল হোৱাৰ প্ৰাৰম্ভিক লক্ষণ, জানক চিকিৎসকৰ পৰা…