এইকেইগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ পত্নীৰ পেছা চিকিৎসক, জানেনে?

1 July 2025

TV9 ASSAM

চিকিৎসকক ঈশ্বৰৰ দ্বিতীয় ৰূপ বুলি কোৱা হৈছে। ১ জুলাইৰ দিনটো চিকিৎসকসকলৰ বাবে উৎসৰ্গা কৰি দেশত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস হিচাপে পালন কৰা হয়।

চিকিৎসক দিৱস

ভাৰতত ক্ৰিকেটৰ অন্য এক উন্মাদনা আছে। সেয়ে খেলুৱৈসকলৰ জীৱন শৈলীৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ ব্যক্তিগত জীৱনৰ বিষয়তো অনুৰাগীৰ মাজত থাকে হেঁপাহ।

ক্ৰিকেট

ভাৰতীয় ক্ৰিকেটৰ বহুকেইজন তাৰকা ক্ৰিকেটাৰৰ পত্নী পেছাত চিকিৎসক। বিভিন্ন বিভাগত তেওঁলোকে চিকিৎসক হিচাপে সেৱা আগবঢ়ায়।

ক্ৰিকেটাৰৰ পত্নী

এইক্ষেত্ৰত প্ৰথমেই আহিব ভাৰতীয় দলৰ প্ৰাক্তন তাৰকা খেলুৱৈ তথা প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ পত্নী বিজেতাৰ নাম। বিজেতা এগৰাকী অস্ত্ৰোপচাৰ বিশেষজ্ঞ।

দ্ৰাবিড়ৰ পত্নী

ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰৰ পত্নী অঞ্জলি তেণ্ডুলকাৰ পেছাত চিকিৎসক। অঞ্জলি তেণ্ডুলকাৰ এগৰাকী শিশু বিভাগৰ চিকিৎসক।

শচীনৰ পত্নী

ভাৰতীয় দলৰ হৈ খুব কম সুবিধা পালেও ঘৰুৱা ক্ৰিকেট আৰু আই পি এলৰ চিনাকি মুখ শ্বাহবাজ আহমেদৰ পত্নী শাইস্তা আমিনো পেছাত এগৰাকী চিকিৎসক।

শ্বাহবাজৰ পত্নী

সম্প্ৰতি বিবাহ বিচ্ছেদ ঘটিছে যুজবেন্দ্ৰ চাহাল আৰু ধনশ্ৰী বাৰ্মাৰ। অভিনেত্ৰী তথা মডেল হিচাপে জনপ্ৰিয় হ’লেও ধনশ্ৰী বাৰ্মা পেছাত এগৰাকী দন্ত চিকিৎসক।

চাহালৰ পূৰ্বপত্নী

পঢ়িবলৈ ক্লিক কৰক 

পথত শালিকা দেখাটো শুভ নে অশুভ!