বাৰিষা নিজকে নিৰোগী কৰি ৰাখিব বিচাৰেনে? নিতে খাওক এইসমূহ ফল, ৰোগক বাধা দিব দেহে
বাৰিষা কালত আমাৰ শৰীৰক ভিতৰৰ পৰা শক্তি প্ৰদান কৰা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা কিছুমান ফল-মূল আমাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা উচিত। চাওঁ আহক এই বিষয়ে।

বাৰিষা কালত আমাৰ দেহত চৰ্দি, কাহ, জ্বৰ ইত্যাদি নানা ৰোগে আক্ৰমণ কৰে। এই সময়ছোৱাত ভাইৰাছৰ সংক্ৰমণৰ আশংকাও অধিক বৃদ্ধি পায়। প্ৰধানতঃ বাৰিষা আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অত্যন্ত দুৰ্বল হৈ পৰে আৰু ইয়াৰ ফলত সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়। গতিকে বাৰিষা কালত আমি স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা উচিত হৈ পৰে। আমাৰ শৰীৰক ভিতৰৰ পৰা শক্তি প্ৰদান কৰা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা কিছুমান ফল-মূল আমাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰা উচিত। চাওঁ আহক এই বিষয়ে-
- আমলখি ভিটামিন চিৰ অন্যতম উত্তম উৎস।ই শৰীৰত শ্বেত ৰক্তকণিকা (WBC) গঠনত সহায় কৰে, যাৰ ফলত সংক্ৰমণ ৰোধ হয়।
- অমিতাত প্ৰচুৰ পৰিমাণে এনজাইম আৰু এণ্টিঅক্সিডেণ্ট থাকে। ই হজম শক্তিত সহায় কৰে আৰু লগতে ডেংগু-চিকুংগুনিয়াৰ সময়ত তেজত প্লেটলেট বৃদ্ধি কৰাত সহায় কৰে।
- জামুকত প্ৰচুৰ পৰিমাণে এণ্টি বেক্টেৰিয়েল আৰু এণ্টি-ডায়েবেটিক উপাদান থাকে। বাৰিষাৰ সময়ত সংক্ৰমণ প্ৰতিৰোধ কৰাত এই ফল অত্যন্ত ফলপ্ৰসূ।
- মাটিকঁঠালত ব্ৰ’মেলিন নামৰ এবিধ শক্তিশালী এনজাইম থাকে, যি জ্বৰ আৰু চৰ্দি প্ৰতিৰোধ কৰাত সহায় কৰে।
- কমলাত অধিক পৰিমাণে ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট থাকে, যি চৰ্দি আৰু জ্বৰ প্ৰতিৰোধ কৰে। লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।
- আপেলত ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্ট যথেষ্ট পৰিমাণে থাকে, যি শৰীৰক সুস্থ কৰি ৰাখে।
- কলে শক্তি বৃদ্ধি কৰে, পাচনত সহায় কৰে আৰু ইলেক্ট্ৰলাইটৰ ভাৰসাম্য ৰক্ষা কৰে। সেয়ে বাৰিষাৰ সময়ত কল অতি উপকাৰী ফল।
- ড্ৰেগন ফ্ৰুটত প্ৰচুৰ পৰিমাণে ভিটামিন চি, আইৰণ আৰু এণ্টিঅক্সিডেণ্ট থাকে, যি শৰীৰক ফ্ৰী ৰেডিকেলৰ ক্ষতিৰ পৰা ৰক্ষা কৰে।
- কিৱিত ভিটামিন চি আৰু ইৰ পৰিমাণ বেছি হোৱাৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু চৰ্দি, কাহ প্ৰতিৰোধ কৰে।
- নাচপতিয়ে দেহৰ প্ৰদাহ নিবাৰণত সহায় কৰে। লগতে ফাইবাৰ সমৃদ্ধ বাবে হজম শক্তি নিয়ন্ত্ৰণতো সহায় কৰে। শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ প্ৰতিৰোধ কৰাতো সহায় কৰে নাচপতিয়ে।
বাৰিষা কালত বাহ্যিক বীজাণু আৰু ভাইৰাছৰ পৰা শৰীৰক ৰক্ষা কৰিবলৈ পুষ্টিকৰ আৰু এণ্টিঅক্সিডেণ্ট সমৃদ্ধ ফলমূল খোৱাটো অতি প্ৰয়োজনীয়। উপৰত উল্লেখ কৰা ফলবোৰে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাই নহয়, শৰীৰক সতেজ আৰু শক্তিশালী কৰি তোলে। দৈনিক খাদ্য তালিকাত অন্ততঃ ২-৩ প্ৰকাৰৰ ফল থকাটো দেহৰ বাবে যথেষ্ট ভাল।