শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

গজালি ওলোৱা মগুৰ এনে যাদুকৰী গুণৰ কথা জানেনে? নাজানে যদি এতিয়াই চাওক, হ’ব উপকৃত

সাধাৰণতে মগু গজালি উলিয়াই খালে দেহৰ অধিক উপকাৰ সাধন হয় বুলি কোৱা শুনা যায়। পিছে গজালি ওলোৱা মগুৱে আমাৰ দেহত কিদৰে অধিক উপকাৰ সাধন কৰে? এই বিষয়ে জানিলে স্বাভাৱিকতেই আপুনিও উপকৃত হ’ব। চাওক এই বিষয়ে।

গজালি ওলোৱা মগুৰ এনে যাদুকৰী গুণৰ কথা জানেনে? নাজানে যদি এতিয়াই চাওক, হ’ব উপকৃত
গজালি ওলোৱা মগুৰ উপকাৰিতাImage Credit source: Sonu Mehta/ht via Getty Images)
Monjit Dutta
Monjit Dutta | Published: 02 Aug 2025 16:42 PM

সুস্বাস্থ্যৰ ক্ষেত্ৰত মগুৰ উপকাৰিতাৰ কথা সকলোৱে প্ৰায় কমবেছি পৰিমাণে জানে দেহৰ উপকাৰী বহু পুষ্টিকৰ উপাদান মগুত উপলব্ধ সেয়ে মগু খালে আমাৰে দেহে যথেষ্ট পুষ্টি লাভ কৰে সাধাৰণতে মগু গজালি উলিয়াই খালে দেহৰ অধিক উপকাৰ সাধন হয় বুলি কোৱা শুনা যায় স্বাস্থ্যৰ প্ৰতি যত্ন লোৱা বহু লোকেও এইদৰে গজালি ওলোৱা মগু খোৱা পৰিলক্ষিত হয় পিছে গজালি ওলোৱা মগুৱে আমাৰ দেহত কিদৰে অধিক উপকাৰ সাধন কৰে? এই বিষয়ে জানিলে স্বাভাৱিকতেই আপুনিও উপকৃত চাওক এই বিষয়ে

গজালি ওলোৱা মগুৰ বহু উপকাৰিতা আছে। ব্ৰেকফাষ্টত নিয়মিতভাৱে গজালি ওলোৱা মগু খালে আপুনি একাধিক ৰোগৰ পৰা সুৰক্ষিত থাকিব পাৰে। মগুত যথেষ্ট পৰিমাণে প্ৰটিন থাকে গজালি ওলোৱা মগুত থকা প্ৰটিন আৰু কাৰ্বহাইড্ৰেট সহজে হজম হয়।

হজম শক্তি উন্নত কৰাৰ বাবেও গজালি ওলোৱা মগু যথেষ্ট উপকাৰী ই পাচনত সহায় কৰা এনজাইমৰ নিঃসৰণ বৃদ্ধি কৰে। ‘জাৰ্নেল অৱ এগ্ৰিকালচাৰেল এণ্ড ফুড কেমিষ্ট্ৰি’ত প্ৰকাশিত এক অধ্যয়নত এই কথা উল্লেখ কৰা হৈছে।

গজালি ওলোৱা মগুৱে ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰতো যথেষ্ট সহায় কৰে। ‘আমেৰিকান জাৰ্নেল অৱ ক্লিনিকেল নিউট্ৰিচন’ত প্ৰকাশিত এক অধ্যয়ন অনুসৰি ফাইবাৰযুক্ত মগু খালে বিপাকীয় ক্ৰিয়া বৃদ্ধি পায় আৰু অন্ত্ৰৰ স্বাস্থ্য উন্নত হয়।

তদুপৰি গজালি ওলোৱা মগুত এণ্টিঅক্সিডেণ্ট, পটাছিয়াম আৰু মেগনেছিয়াম থাকে। নিয়মিত গজালি ওলোৱা মগু খালে উচ্চ ৰক্তচাপ, কলেষ্টেৰল আৰু হৃদৰোগৰ সম্ভাৱনা দূৰ হয়।

ডায়েবেটিছ ৰোগীয়েও গজালি ওলোৱা মগু খাব পাৰে। মগুৰ গ্লাইচেমিক ইনডেক্স কম আৰু ইয়াত ফাইবাৰৰ পৰিমাণ অধিক। ‘জাৰ্নেল অৱ নিউট্ৰিচন এণ্ড মেটাবলিজম’ত প্ৰকাশিত এক অধ্যয়ন অনুসৰি টাইপ ২ ডায়েবেটিছত মগু খাব পাৰি।

গজালি ওলোৱা মগু ছালৰ সমস্যাৰ পৰা সকাহ লাভৰ বাবেও উপযোগী। নিয়মিতভাৱে এইদৰে মগু খালে অকাল বাৰ্ধক্য ৰোধ কৰাত সহায় কৰাৰ লগতে বলিৰেখা আৰু দাগ কমায়।