গৰমৰ দিনত ছাল কেনেকৈ উজ্বল কৰি ৰাখিব? জানক বিশেষজ্ঞই কি কয়…
Skin care: গৰমৰ দিনত ছালৰ যত্ন লোৱা অত্যন্ত আৱশ্যক। এই সময়ত ছালৰ লগত জড়িত বিভিন্ন সমস্যাই দেখা দিয়ে। গতিকে এই ক্ষেত্ৰত ছালক কি ব্যৱহাৰ কৰিব বা কি খাব আদি সকলোতে গুৰুত্ব দিব লাগে।

গৰমৰ দিনত আমাৰ ছালক অধিক যত্নৰ প্ৰয়োজন হয়। কিয়নো এই সময়ত উষ্ণতা বৃদ্ধি, আৰ্দ্ৰতা আৰু ৰ’দৰ ক্ষতিকাৰক ৰশ্মিৰ বাবে ছালৰ ক্ষতি হ’ব পাৰে। ইয়াৰ বাহিৰেও আমি গ্ৰীষ্মকালত অধিক ঘামচি ওলায়, যাৰ বাবে ছালখন তেলীয়া হ’ব পাৰে। এনেবোৰ কাৰণত ছালৰ ছিদ্ৰবোৰ বন্ধ হৈ যায় আৰু শালমইনা বাঢ়ি যায়। ইয়াৰোপৰি ছালৰ উজ্বলতাও হ্ৰাস পায়। গৰমৰ দিনত আমাৰ ছালৰ সমস্যাই দেখা দিয়া সাধাৰণ কথা। কিন্তু এই সময়ত আমি ছালৰ অধিক যত্ন ল’ব লাগে।
বিশেষজ্ঞই কি কয়
দিল্লীৰ শ্ৰী বালাজী একচন মেডিকেল ইনষ্টিটিউটৰ জ্যেষ্ঠ পৰামৰ্শদাতা ছালৰ বিশেষজ্ঞ ডাঃ বিজয় সিংঘালে কয় যে গ্ৰীষ্মকালত সূৰ্যৰ তাপ, ঘাম আৰু ধূলিয়ে ছালৰ ক্ষতি কৰিব পাৰে। বিশেষকৈ তেলীয়া ছালৰ লোকসকলে অধিক সমস্যাৰ সন্মুখীন হয়। এনে অৱস্থাত দিনটোত অন্তত দুবাৰ ফেচৱাচ কৰা প্ৰয়োজন । লগতে জেল ভিত্তিক মইশ্ব’ৰাইজাৰ ব্যৱহাৰ কৰিব পাৰে। আনহাতে যিসকলৰ ছাল শুকান তেওঁলোকে ক্ৰীমযুক্ত ক্লিনজাৰ আৰু হাইড্ৰেটিং মইশ্ব’ৰাইজাৰ ব্যৱহাৰ কৰিব লাগে।
ছাল যি ধৰণৰেই নহওক কিয় সকলোৱে সূৰ্যৰ প্ৰত্যক্ষ ৰশ্মিৰ পৰা আঁতৰি থাকিব লাগে। লগতে বাহিৰলৈ ওলাই যোৱাৰ সময়ত ছাতি বা স্কাৰ্ফ ব্যৱহাৰ কৰিব লাগে। ছানস্ক্ৰীণ ব্যৱহাৰ কৰাও আৱশ্যক। ইয়াৰোপৰি পৰ্যাপ্ত পৰিমাণে পানী, খাদ্য,ফল-মূল আদি খাব পাৰে। ই ছাল সুস্থ কৰি ৰখাত সহায় কৰে। যদি কাৰোবাৰ ছাল বেছিভাগ সময় খজুৱাই, জ্বলা-পোৰা কৰে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ।
প্ৰডাক্ট
আপুনি সদায় আপোনাৰ ছালৰ ধৰণ অনুসৰি প্ৰডাক্ট বছি ল’ব। তেলীয়া ছালৰ বাবে সাধাৰণ জেল বা পানী ভিত্তিক মইশ্ব’ৰাইজাৰ উপযোগী হ’ব। ইয়াৰ লগতে ছানস্ক্ৰীণ প্ৰয়োগ কৰাটোও অতি প্ৰয়োজনীয়। যদি ছাল শুকান হয় তেন্তে ক্ৰীম ভিত্তিক মইশ্ব’ৰাইজাৰ ব্যৱহাৰ কৰিব পাৰি।
খাদ্য
অত্যাধিক গৰমত ঘাম ওলাই আৰু শৰীৰৰ পৰা পানীৰ পৰিমাণ কমি যায়। ইয়াৰ ফলত ছালৰ উজ্বলতা হ্ৰাস পায়। গতিকে গৰমৰ দিনত পৰ্যাপ্ত পৰিমাণৰ পানী খোৱা উচিত। ইয়াৰোপৰি তিঁয়হ,নাৰিকল পানী আৰু তৰমুজ আদি পানী সমৃদ্ধ খাদ্য খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াৰ লগতে ওমেগা-৩ ফেটি এচিড, এন্টিঅক্সিডেন্ট, ভিটামিন চি, এ, ই সমৃদ্ধ খাদ্য ছালৰ বাবে উপকাৰী।
ৰ’দ
প্ৰচণ্ড ৰ’দত ওলোৱাৰ পৰা বিৰত থাকিব লাগে। বাহিৰলৈ ওলাই যাবলগীয়া হলে ছাতি বা স্কাৰ্ফ ব্যৱহাৰ কৰক। ৰ’দৰ ক্ষতিকাৰক UV ৰশ্মিৰ পৰা ৰক্ষা পাব পাৰিলে ছালৰ উজ্বলতা কমা, কলা পৰা আদি সমস্যা কমিব। লগতে ছানস্ক্ৰীণ ব্যৱহাৰ কৰিব।
অন্য খবৰ পঢ়কঃ গৰমৰ দিনত ছাল হৈ পৰিব উজ্বল আৰু ধুনীয়া! মাত্ৰ ব্যৱহাৰ কৰক এইসমূহ ঘৰুৱা বস্তু…