শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গৰমৰ দিনত ঘামৰ বাবে দেহত হ’ব পাৰে খজুৱতি, এনে উপায়েৰে পাব উপশম…

ঘামৰ বাবে দেহত খজুৱতি হোৱাটো সাধাৰণ কথা। কিন্তু সময়মতে যত্ন নল’লে ইয়াৰ ফলত ছালৰ লগত জড়িত নানা সমস্যাৰ সৃষ্টি হ’ব পাৰে। গ্ৰীষ্মকালত ঘামৰ বাবে হোৱা খজুৱতিৰ পৰা উপশম পাবলৈ এই টিপছবোৰ মানি চলিব পাৰে।

গৰমৰ দিনত ঘামৰ বাবে দেহত হ’ব পাৰে খজুৱতি, এনে উপায়েৰে পাব উপশম…
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: AI Image
monjit-dutta
Monjit Dutta | Published: 22 Apr 2025 19:26 PM

ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি দেখা গৈছে ধুমুহা-বৰষুণ। বতৰৰ এনে প্ৰভাৱৰ বাবে আজি দিনটোত তুলনামূলকভাৱে কিছু ঠাণ্ডা পৰিছে। পিছে এতিয়া গ্ৰীষ্মকালৰ আগমনৰ বাবে বৃদ্ধি পাব তাপমাত্ৰা, বাঢ়িব গৰমৰ প্ৰকোপ। তীব্ৰ গৰমৰ বাবে গ্ৰীষ্মকালত যিকোনো ব্যক্তি স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। ইয়াৰ ভিতৰত ছালৰ লগত জড়িত সমস্যাও অন্তৰ্ভুক্ত। গৰম আৰু সূৰ্যৰ প্ৰখৰ তাপৰ বাবে সাধাৰণতে ব্যক্তিৰ দেহৰ পৰা ঘাম ওলায়, যাৰ ফলত দেহৰ দুৰ্গন্ধৰ লগতে ছালৰ লগত জড়িত বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে।

ঘামৰ বাবে দেহত খজুৱতি হোৱাটো সাধাৰণ কথা। কিন্তু সময়মতে যত্ন নল’লে ইয়াৰ ফলত ছালৰ লগত জড়িত নানা সমস্যাৰ সৃষ্টি হ’ব পাৰে। গ্ৰীষ্মকালত ঘামৰ বাবে হোৱা খজুৱতিৰ পৰা উপশম পাবলৈ এই টিপছবোৰ মানি চলিব পাৰে-

উপযুক্ত কাপোৰ পিন্ধক

গ্ৰীষ্মকালত বহুলোকৰ দেহত অত্যধিক পৰিমাণে ঘাম ওলায়। গতিকে ঘাম সোনকালে শোষণ কৰা কাপোৰ পৰিধান কৰিব লাগে। কপাহী কাপোৰে সাধাৰণতে সহজে ঘাম শোষণ কৰে। ইয়াৰ লগতে হাফ শ্লীভ আৰু পাতল কাপোৰ পিন্ধিব লাগে।

শৰীৰ হাইড্ৰেট কৰি ৰাখক

শৰীৰ হাইড্ৰেট কৰি ৰাখিবলৈ উপযুক্ত পৰিমাণৰ পানী খাব লাগে। তিয়ঁহ, তৰমুজ, নেমুৰ চৰবত, বেলৰ চৰবত আদি খাদ্য সেৱন কৰক। কাৰণ দেহত পানীৰ অভাৱৰ বাবে ছাল শুকান হৈ পৰে আৰু ইয়াৰ কাৰণেও খজুৱতি হ’ব পাৰে।

এলোভেৰা জেল

এলোভেৰা জেলে ছালখন ঠাণ্ডা কৰাৰ কাম কৰে। সেয়ে নিশা শুবলৈ যোৱাৰ পূৰ্বে এলোভেৰা জেল লগাব পাৰে। ইয়াৰ উপৰিও ই ছালখন মইশ্ব’ৰাইজ কৰাত সহায় কৰে।

ছালৰ যত্নৰ সামগ্ৰী

ছালৰ ধৰণ অনুসৰি বিশেষজ্ঞৰ পৰামৰ্শ অনুসাৰে ছালৰ যত্নৰ বাবে সঠিক সামগ্ৰী ব্যৱহাৰ কৰক। ব্যক্তিৰ দেহৰ ছালৰ প্ৰকৃতি তেলীয়া বা শুকান হ’ব পাৰে, গতিকে ছালৰ প্ৰকৃতি অনুসৰি বিশেষজ্ঞসকলে পৃথক পৃথক সামগ্ৰী ব্যৱহাৰৰ পৰামৰ্শ দিব পাৰে।

নাৰিকল তেল

যদি আপোনাৰ ছালখন অত্যন্ত শুকান আৰু আপোনাৰ খজুৱতিৰ সমস্যা হৈছে, তেতিয়া আপুনি নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰে। ইয়াত উপলব্ধ এণ্টি-ইনফ্লেমেটৰী আৰু এণ্টিবেক্টেৰিয়েল গুণে ছালৰ পৰা বেক্টেৰিয়া আঁতৰাই খজুৱতি হ্ৰাস কৰাত সহায় কৰিব পাৰে। ইয়াৰ উপৰিও ই ছালত পুষ্টি যোগান ধৰিব।

অপ্ৰয়োজনত বাহিৰলৈ ওলাই যোৱাৰ পৰা বিৰত থাকক

গ্ৰীষ্মকালত দুপৰীয়াৰ সময়ত ৰ’দ অতি প্ৰবল হয়। গতিকে যদি আপোনাৰ ইতিমধ্যেই ছালৰ সমস্যা আছে বা আপোনাৰ ছালখন অতি সংবেদনশীল, তেতিয়া এই সময়ত বাহিৰলৈ ওলাই যোৱাৰ পৰা বিৰত থাকক। ইয়াৰ উপৰিও যদি খজুৱতি আৰু ৰঙা দাগে দেখা দিছে, তেতিয়া নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ লওক।