শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

শীতকালত চাইনাছৰ সমস্যাত ভুগিছে নেকি? ঔষধেৰে নহয়, এই ৫ টা ঘৰুৱা উপায়েৰে নিয়ন্ত্ৰণ কৰক

শীতকালত চাইনাছৰ সমস্যা বৃদ্ধি হোৱাৰ বহুতো কাৰণ আছে। বতাহৰ আৰ্দ্ৰতা কমি যায়, ধূলি বাঢ়ে আৰু তাৰ ফলত চাইনাচাইটিছৰ সমস্য়া বৃদ্ধি পায়। কিন্তু কিছুমান ঘৰুৱা উপায়েৰে এই সমস্যা ৰোধ কৰিব পাৰি।

শীতকালত চাইনাছৰ সমস্যাত ভুগিছে নেকি? ঔষধেৰে নহয়, এই ৫ টা ঘৰুৱা উপায়েৰে নিয়ন্ত্ৰণ কৰক
Manas Borah
Manas Borah | Published: 20 Jan 2026 15:23 PM

চাইনাছৰ ফলত নাক বন্ধ হৈ যোৱা, মূৰৰ বিষ, কপাল আৰু চকুৰ বিষ, ভাগৰুৱা সমস্যা আদিৰ সৃষ্টি হয়। শীতকালত ই আৰু অধিক বৃদ্ধি পাব পাৰে। বিশেষজ্ঞৰ মতে, শীতকালত চাইনাছৰ সমস্যা বৃদ্ধি হোৱাৰ বহুতো কাৰণ আছে। বতাহৰ আৰ্দ্ৰতা কমি যায়, ধূলি বাঢ়ে আৰু তাৰ ফলত চাইনাচাইটিছৰ সমস্য়া বৃদ্ধি পায়। কিন্তু কিছুমান ঘৰুৱা উপায়েৰে এই সমস্যা ৰোধ কৰিব পাৰি।

কেনেকৈ চাইনাছৰ সমস্যা ৰোধ কৰিব ?

গৰম পানীৰ ভাপ: চাইনাছৰ বাবে এইটোৱেই আটাইতকৈ ফলপ্ৰসূ ঘৰুৱা উপায়। এটা ডাঙৰ বাটিত গৰম পানী লৈ মূৰটো টাৱেলেৰে ঢাকি ১০-১৫ মিনিট ভাপ ল’ব। ইয়াৰ ফলত নাকৰ ভিতৰত জমা হোৱা শ্লেষ্মা পাতল হৈ পৰিব আৰু বন্ধ হৈ থকা নাকটো খোল খাব।

শৰীৰক হাইড্ৰেট কৰি ৰাখক: শীতকালতো প্ৰচুৰ পৰিমাণে পানী খোৱাটো জৰুৰী। সম্ভৱ হ’লে প্ৰতিবাৰেই গৰম পানী খাব লাগে। ইয়াৰ উপৰিও গৰম চূপ, আদাৰ চাহ বা তুলসী চাহও চাইনাছৰ সমস্যা কমোৱাত ফলপ্ৰসূ।

গৰম কম্প্ৰেছ:পৰিষ্কাৰ কাপোৰ এখন কুহুমীয়া পানীৰে তিয়াই নাক, গাল আৰু কপালত হেঁচা মাৰি ধৰিব। চাইনাছৰ ব্লক আঁতৰোৱাত এই পদ্ধতি অতি ফলপ্ৰসূ।

খাদ্য: চাইনাছৰ সমস্যা থাকিলে খাদ্যত আদা, নহৰু, জলকীয়া, পিয়াঁজ ইত্যাদি বেছিকৈ ব্যৱহাৰ কৰিব লাগে। এই ধৰণৰ মছলাত কিছুমান প্ৰাকৃতিক আৰু শক্তিশালী প্ৰদাহ নিবাৰণকাৰী উপাদান থাকে, যিবোৰ চাইনাছৰ দৰে সমস্যা দূৰ কৰাত ফলপ্ৰসূ।

এটা নাকৰ ফুটাৰে পানী ভৰাই আনটোৰে সেই পানী বাহিৰ কৰি দিয়ক। ইয়াৰ ফলত নাক আৰু চাইনাছত থকা বেক্টেৰিয়া, শ্লেষ্মা, ধূলি আৰু এলাৰ্জেন আঁতৰিব। ফলত মূৰৰ বিষ আৰু নাক বন্ধ হোৱাৰ দৰে সমস্যা কমি যাব।