High Blood Pressure Health Complications: উচ্চ ৰক্তচাপৰ পাৰ্শ্বক্ৰিয়া, এই সমস্যাই আন কি কি স্বাস্থ্যজনিত জটিলতা সৃষ্টি কৰিব পাৰে ?
নিয়মীয়াকৈ ৰক্তচাপ নিৰীক্ষণ আৰু প্ৰাথমিক জীৱনশৈলীৰ পৰিৱৰ্তন কৰি এই সমস্যা নিয়ন্ত্ৰণত ৰাখিব পাৰি। কিন্তু আপুনি জানেনে যে, উচ্চ ৰক্তচাপে কি কি জটিল স্বাস্থ্যজনিত সমস্যা সৃষ্টি কৰিব পাৰে?
উচ্চ ৰক্তচাপে শৰীৰত বিভিন্ন জটিল সমস্যাৰ সৃষ্টি কৰিব পাৰে। কোনো লক্ষণ স্পষ্ট নোহোৱাকৈ ই এই সমস্যাবোৰ সৃষ্টি কৰিব পাৰে। দীৰ্ঘদিন উচ্চ ৰক্তচাপৰ ৰোগত ভুগি থকা লোকসকল ক্ষেত্ৰত ই হৃদৰোগ, বৃক্কৰ ক্ষতি, দৃষ্টিশক্তি হেৰুৱা, মগজুৰ বিকাৰ আদি স্বাস্থ্যজনিত জটিলতা সৃষ্টি কৰিব পাৰে। নিয়মীয়াকৈ ৰক্তচাপ নিৰীক্ষণ আৰু প্ৰাথমিক জীৱনশৈলীৰ পৰিৱৰ্তন কৰি এই সমস্যা নিয়ন্ত্ৰণত ৰাখিব পাৰি। কিন্তু আপুনি জানেনে যে, উচ্চ ৰক্তচাপে কি কি জটিল স্বাস্থ্যজনিত সমস্যা সৃষ্টি কৰিব পাৰে?
হৃদযন্ত্ৰৰ ক্ষতি
উচ্চ ৰক্তচাপে হৃদযন্ত্ৰৰ ওপৰত প্ৰথমে প্ৰভাৱ পেলায়। উচ্চ ৰক্তচাপে হৃদযন্ত্ৰৰ ওপৰত চাপ বৃদ্ধি কৰে আৰু ই হৃদযন্ত্ৰৰ কাৰ্যক্ষমতা হ্ৰাস কৰিব পাৰে। উচ্চ ৰক্তচাপৰ ফলত হৃদস্পন্দন অনিয়মিত হ’ব পাৰে আৰু হাৰ্ট এটেকৰ সম্ভাৱনাও বৃদ্ধি পাব পাৰে।
ষ্ট্ৰোক আৰু মগজুৰ লগত জড়িত বিকাৰ
ষ্ট্ৰোকৰ প্ৰধান কাৰণ হৈছে উচ্চ ৰক্তচাপ। উচ্চ ৰক্তচাপৰ ফলত মগজুৰ ৰক্তবাহী নলী বন্ধ হৈ যাব পাৰে বা ফাটি যাব পাৰে, যাৰ ফলত ষ্ট্ৰোক হয়। উচ্চ ৰক্তচাপে মগজুৰ ধমনীবোৰ দুৰ্বল কৰি তোলে, যাৰ ফলত ইহঁত ফাটি যোৱাৰ সম্ভাৱনা বেছি। ইয়াৰ উপৰিও ই মগজুৰ কলালৈ অক্সিজেনৰ প্ৰবাহ হ্ৰাস কৰি ভেছকুলাৰ ডিমেনচিয়া আৰু জ্ঞানশক্তিৰ অৱনতিৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।
বৃক্কৰ ক্ষতি
শৰীৰৰ আৱৰ্জনা ফিল্টাৰ কৰি তৰল পদাৰ্থৰ ভাৰসাম্য ৰক্ষা কৰাত বৃক্কই মূল ভূমিকা পালন কৰে। কিন্তু উচ্চ ৰক্তচাপে ইয়াৰ ভিতৰৰ সৰু ৰক্তবাহী নলীবোৰৰ ক্ষতি কৰিব পাৰে। ইয়াৰ ফলত বৃক্কৰ কাৰ্যক্ষমতা হ্ৰাস পায়, দীৰ্ঘদিনীয়া বৃক্কৰ ৰোগ (CKD), আনকি গুৰুতৰ ক্ষেত্ৰত বৃক্ক বিকল হৈ পৰে। ইয়াৰ আগতীয়া লক্ষণসমূহ হ’ল- প্ৰস্ৰাৱত প্ৰ’টিন যোৱা বা ভৰি আৰু ভৰিৰ গোৰোহা ফুলা।
দৃষ্টিশক্তিৰ সমস্যা
উচ্চ ৰক্তচাপে চকুৰ সুক্ষ্ম ৰক্তবাহী নলীৰ ক্ষতি কৰিব পাৰে, যাৰ ফলত হাইপাৰটেনচিভ ৰেটিনোপেথী হ’ব পাৰে। এই অৱস্থাৰ ফলত দৃষ্টিশক্তি ম্লান হ’ব পাৰে। পাছত দৃষ্টিশক্তি হেৰুৱাব পাৰে। উচ্চ ৰক্তচাপে গ্ল’ক’মা আৰু অপটিক নাৰ্ভৰ ক্ষতিৰ সম্ভাৱনাও বৃদ্ধি কৰে।
যৌন অক্ষমতা
উচ্চ ৰক্তচাপে প্ৰজনন অংগলৈ স্বাভাৱিক তেজৰ সোঁতত বাধাৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত যৌন স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হয়। পুৰুষৰ ক্ষেত্ৰত ই প্ৰায়ে ইৰেক্টিল ডিছফংচন হিচাপে প্ৰকাশ পায়, আনহাতে মহিলাৰ ক্ষেত্ৰত ইয়াৰ ফলত কামনাশক্তি হ্ৰাস পাব পাৰে।
গৰ্ভাৱস্থাত হোৱা জটিলতা
গৰ্ভাৱস্থাত উচ্চ ৰক্তচাপৰ ফলত প্ৰিক্লেম্পচিয়া হ’ব পাৰে। ইয়াৰ ফলত অকাল জন্ম, জন্মৰ সময়ত কম ওজন বা অন্যান্য গুৰুতৰ জটিলতা মাতৃ আৰু শিশু উভয়ৰে বাবে হ’ব পাৰে।