অত্যধিক বিলাহী খালে কি হয় ? কোনসকল লোকে বিলাহী বেছিকৈ খাব নালাগে ?
এন্টিঅক্সিডেন্টেৰে ভৰপূৰ বিলাহী অত্যধিক খোৱাৰ ফলত স্বাস্থ্যৰ অপকাৰ কৰিব পাৰে। আপুনি জানেনে যে, অত্যধিক পৰিমাণৰ বিলাহী খোৱাটো কিছুমান মানুহৰ বাবেও বিপদজনক হ’ব পাৰে?
মাংসৰ আঞ্জা বা মাছৰ আঞ্জা, অসমীয়া খাদ্যত প্ৰায়ে বিহালী ব্যৱহাৰ কৰা হয়। বিলাহীয়ে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাৰ লগতে ই স্বাস্থ্যৰ বাবেও উপকাৰী। ইফালে চাটনি বা চালাদত বিলাহী ব্যৱহাৰ কৰা হয়। এন্টিঅক্সিডেন্টেৰে ভৰপূৰ বিলাহী অত্যধিক খোৱাৰ ফলত স্বাস্থ্যৰ অপকাৰ কৰিব পাৰে। আপুনি জানেনে যে, অত্যধিক পৰিমাণৰ বিলাহী খোৱাটো কিছুমান মানুহৰ বাবেও বিপদজনক হ’ব পাৰে?
অতিমাত্ৰা বিলাহী খোৱাৰ ফলত কি হয়?
বিলাহীত মেলিক এচিড আৰু চাইট্ৰিক এচিড থাকে, যাৰ ফলত পেটত এচিডৰ পৰিমাণ বৃদ্ধি পায়। সেয়ে বেছিকৈ বিলাহী খালে ডিঙি আৰু বুকুৰ বিষ হ’ব পাৰে। আনকি পাচন এনজাইমৰ ভাৰসাম্যও বিঘ্নিত কৰিব পাৰে।
বেছিকৈ বিলাহী খালে গাঁঠিৰ বিষ বৃদ্ধি পাব পাৰে। যিসকলৰ ইউৰিক এচিড বেছি থাকে তেওঁলোকৰ বাবে বিলাহী নোখোৱাই ভাল।
বিলাহীত হিষ্টামিন নামৰ যৌগ এটা থাকে। যাৰ ফলত ছালৰ ফোঁহা বা এলাৰ্জীৰ সমস্যা বৃদ্ধি পায়। মুখ, ডিঙি, জিভাত সংক্ৰমণ হ’ব পাৰে।
যিসকলৰ বৃক্কৰ সমস্যা থাকে তেওঁলোকৰ তেজত ছডিয়াম আৰু পটাছিয়ামৰ পৰিমাণ অলপ বেছি থাকে। যদি ৰন্ধনত অত্যধিক পৰিমাণৰ বিলাহী যোগ কৰিলে পটাছিয়ামৰ মাত্ৰা আৰু বৃদ্ধি পাব পাৰে।
স্পষ্টীকৰণ: এই প্ৰতিবেদন কেৱল তথ্যৰ বাবে প্ৰস্তুত কৰা হৈছে। স্বাস্থ্যজনিত বিষয়ত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ খাদ্য গ্ৰহণ কৰক।