সামান্য জ্বৰ-চৰ্দি হ’লেই খাই নেকি এন্টিবায়টিক? হ’ব পাৰে বিপদ, জানক বিশেষজ্ঞৰ পৰা…
আজিকালি বহু মানুহে সামান্য বেমাৰ হ'লেই এন্টিবায়টিকছ লোৱা দেখা যায়। কিন্তু আপুনি জানেনে বাৰে বাৰে এন্টিবায়টিকছ লোৱাৰ ফলত কি হ'ব পাৰে? ইয়াৰ আছে পাৰ্শ্বক্ৰিয়া।

আজিকালি প্ৰায়ভাগ মানুহে বাৰে বাৰে এন্টিবায়টিক লোৱা দেখা যায়। চৰ্দিৰ পৰা আৰম্ভ কৰি জ্বৰ বা অন্য ৰোগলৈ, মানুহে এন্টিবায়টিক লয়। ইয়াৰ কাম হ’ল বেক্টিৰিয়া ধ্বংস কৰা। কিন্তু ই আমাৰ অন্ত্ৰ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাত শক্তিশালী কৰি ৰখা ভাল বেক্টেৰিয়াও মাৰি পেলায়। যাৰ ফলত আন্ত্ৰিক স্বাস্থ্য আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা দুয়োটাতে প্ৰভাৱ পৰিব পাৰে। গতিকে চিকিৎসকৰ পৰামৰ্শ অনুসৰি এন্টিবায়টিকছ ল’ব লাগে।
ভাইৰাছৰ সংক্ৰমণত সাধাৰণতে এন্টিবায়টিকৰ প্ৰয়োজন নহয় কাৰণ ই ভাইৰাছত প্ৰভাৱ নেপেলায়। কিন্তু তাৰ পাছতো বহুতে ভাইৰাছ সংক্ৰমণত এইবোৰ সেৱন কৰে। ই ৰোগ প্ৰতিৰোধ ক্ষমতাক বহু প্ৰভাৱ পেলায়। সঘনাই এন্টিবায়টিক সেৱন কৰাৰ ফলত শৰীৰৰ বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা ক্ৰমান্বয়ে কমি যায়। ইয়াক এন্টিবায়টিক ৰেজিষ্টেন্স বোলা হয়। অৰ্থাৎ যেতিয়া আপোনাৰ শৰীৰত প্ৰকৃততে এন্টিবায়টিকৰ প্ৰয়োজন হ’ব তেতিয়া ই কাম নকৰিব। এই পৰিস্থিতিয়ে সংক্ৰমণক অধিক বিপজ্জনক কৰি তুলিব পাৰে।
এন্টিবায়টিকে কি কৰে?
দিল্লীৰ আৰ এম এল হাস্পতালৰ চিকিৎসা বিভাগৰ ডাঃ পুনীত কুমাৰে কয় যে, যে শৰীৰত থকা বেক্টেৰিয়াক ধ্বংস কৰিবলৈ বা ইয়াৰ সংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ এন্টিবায়টিক দিয়া হয়। ই কেৱল বেক্টেৰিয়াৰ সংক্ৰমণতহে কাম কৰে, ভাইৰাছৰ সংক্ৰমণত (যেনে চৰ্দি বা ফ্লু) কাম নকৰে। কিন্তু তথ্যৰ অভাৱত ভাইৰাছজনিত ৰোগতো মানুহে এন্টিবায়টিক সেৱন কৰে। ইয়াৰ দ্বাৰা কোনো উপকাৰ নহয়, কিন্তু ভাল বেক্টেৰিয়া (আন্ত্ৰিক স্বাস্থ্যৰ বেক্টেৰিয়া) মৰিবলৈ আৰম্ভ কৰে। যাৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে।
এন্টিবায়টিক ব্যৱহাৰৰ পাৰ্শ্বক্ৰিয়া
অত্যধিক এন্টিবায়টিক সেৱন কৰিলে কিছুমান পাৰ্শ্বক্ৰিয়া হব পাৰে। যেনে ডায়েৰিয়া, ছালৰ এলাৰ্জী, পেটৰ বিষ আৰু ফাংগল সংক্ৰমণ আদি। ইয়াৰ ফলত শৰীৰত ফুলা আৰু দুৰ্বলতাও হ’ব পাৰে। দীৰ্ঘদিন ধৰি এনে সমস্যা হৈ থাকিলে অন্য ৰোগ হ’ব পাৰে।
সাৱধানতাৰ বাবে কি কৰিব লাগে?
- যিকোনো এন্টিবায়টিক চিকিৎসকৰ পৰামৰ্শ মতেহে খাব লাগে।
- ভাইৰেল জ্বৰ বা মৃদু চৰ্দিৰ বাবে নিজেই দৰৱ নল’ব।
- ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ ভিটামিন চি, তুলসী, আদা, হালধি, নেমু সেৱন কৰক।
- স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক।
- পৰ্যাপ্ত টোপনি আৰু নিয়মীয়া ব্যায়াম কৰক।
এন্টিবায়টিক প্ৰয়োজনীয়, কিন্তু প্ৰকৃততে প্ৰয়োজন হ’লেহে ব্যৱহাৰ কৰিব লাগে। বাৰে বাৰে সেৱন কৰিলে ই আপোনাৰ স্বাস্থ্যত বেয়া প্ৰভাৱ পেলাব পাৰে। গতিকে এইবোৰ কথাৰ ওপৰত গুৰুত্ব দিয়া ভাল। অধিক জানিবলৈ আপুনি বিশেষজ্ঞৰ সহায় লব পাৰে।
অন্য খবৰ পঢ়কঃ পেটৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক ৫টা লক্ষণ, জানক বিশেষজ্ঞৰ পৰা…