আহাৰ গ্ৰহণৰ পিছত খায় নেকি দৈ? জানেনে এই অভ্যাসৰ ফলত দেহত কেনে প্ৰভাৱ পৰে?
দৈৰ স্বাস্থ্য উপকাৰী গুণৰ কথা সততে শুনা যায়। পিছে আহাৰ খোৱাৰ পিছত এইদৰে দৈ খোৱা উচিত হয় নে নহয়, সেই বিষয়ে বহুলোকৰ মনত প্ৰশ্ন উত্থাপন হ’ব পাৰে। জানো আহক এই বিষয়ে।

সাধাৰণতে বিয়া-সবাহৰ ক্ষেত্ৰত বহু সময়ত খাদ্য খোৱাৰ পিছত বাটিত দৈ দিয়া দেখা যায়। কিছু লোকে ঘৰতো এইদৰে খাদ্য গ্ৰহণৰ পিছত দৈ খায়। কেতিয়াবা কেতিয়াবা দৈৰ সৈতে পিছে মিঠাই খোৱাও পৰিলক্ষিত হয়। দৈৰ স্বাস্থ্য উপকাৰী গুণৰ কথা সততে শুনা যায়। পিছে আহাৰ খোৱাৰ পিছত এইদৰে দৈ খোৱা উচিত হয় নে নহয়, সেই বিষয়ে বহুলোকৰ মনত প্ৰশ্ন উত্থাপন হ’ব পাৰে। গতিকে দুপৰীয়া বা নিশা আহাৰ খোৱাৰ পিছত দৈ খোৱাটো সঁচাকৈয়ে শৰীৰৰ বাবে উপকাৰী হয় নে নহয়, জানো আহক।
আহাৰ খোৱাৰ পিছত দৈ খালে হয় এনে উপকাৰিতা-
পাচনত সহায় কৰেঃ টেঙা দৈত থকা প্ৰ’বায়’টিকে যিকোনো খাদ্য ভালদৰে হজম কৰাত সহায় কৰে।
শৰীৰ শীতল কৰি ৰাখেঃ আহাৰ গ্ৰহণৰ পিছত দৈ খালে শৰীৰৰ উষ্ণতা কম হয় বা নিয়ন্ত্ৰণত থাকে।
পুষ্টিকৰ উপাদানৰে সমৃদ্ধঃ দৈত কেলচিয়াম, ভিটামিন বি আৰু প্ৰটিন প্ৰচুৰ পৰিমাণে থাকে, যি শৰীৰ শক্তিশালী কৰাত সহায় কৰে।
এচিডিটি নিয়ন্ত্ৰণ কৰেঃ দৈ খালে পেটৰ এচিডৰ ভাৰসাম্য ৰক্ষা কৰাত সহায়ক হয় আৰু এইদৰে এচিডিটিৰ পৰা সকাহ লাভ কৰে।
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিঃ নিয়মিতভাৱে কম পৰিমাণৰ দৈ খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়।
হ’ব পাৰে এনে অপকাৰিতা-
অত্যধিক দৈ ক্ষতিকাৰকঃ কোনো খাদ্য অতিৰিক্তভাৱে খোৱাটো ভাল নহয়। গতিকে টেঙা দৈ পৰিমিতভাৱে খালে ভাল। অত্যধিক দৈ খালে পেট বিষ, হাৰ্টবাৰ্ণ, গেছৰ সমস্যা বৃদ্ধি পাব পাৰে।
নিশা খোৱাৰ সমস্যাঃ নিশা ভাত খোৱাৰ পিছত যদি টেঙা দৈ খোৱ হয়, তেতিয়া চৰ্দি, কাহ বা উশাহ লোৱাত কষ্ট পোৱাৰ আশংকা থাকে।
বাতবিষ ৰোগীৰ বাবে ক্ষতিকাৰকঃ টেঙা খাদ্যই প্ৰদাহ বৃদ্ধি কৰিব পাৰে। সেয়ে বাতবিষ ৰোগীয়ে সম্ভৱ হ’লে টেঙা দৈ পৰিহাৰ কৰিব লাগে।
ডায়েৰিয়াঃ বেছিকৈ টেঙা দৈ খালে যিকোনো ব্যক্তিৰ পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে। তদুপৰি বেছিকৈ টেঙা দৈ খালে প্ৰায়ে মুখত টেঙা সোৱাদ থাকিব পাৰে।
বিশেষজ্ঞসকলে কয় যে দিনত ভাত খোৱাৰ পিছত সামান্য পৰিমাণৰ টেঙা দৈ খোৱাটো শৰীৰৰ বাবে উপকাৰী প্ৰমাণিত হয়। কিন্তু নিশা দৈ খোৱাৰ অভ্যাস দেহৰ বাবে কিছু কিছু ক্ষেত্ৰত অপকাৰী বিবেচিত হয়। লগতে টেঙা দৈ বেছিকৈ নোখোৱাটোৱেই দেহৰ বাবে ভাল।