শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Teachers Day 2025: শিক্ষক এডাল মমবাতিৰ দৰে… শিক্ষক দিৱসৰ পূৰ্বে জানক ৫ টা মহান বাণী

ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ সোঁৱৰণত ৫ ছেপ্তেম্বৰ শিক্ষক দিৱস পালন কৰা হয়। শিক্ষক দিৱস আৰু ‘বিশ্ব শিক্ষক দিৱস’ একে নহয়; UNESCO-ই আৰম্ভ কৰা পিছৰ দিৱসটো বিশ্বজুৰি ৫ অক্টোবৰত পালন কৰা হয়। এজন শিক্ষকক লৈ মহান মহান ব্যক্তিসকলে বহু কথা কৈ গৈছে। শিক্ষক দিৱসৰ পূৰ্বে ৫ টা মহান বাণী জানো আহক।

Teachers Day 2025: শিক্ষক এডাল মমবাতিৰ দৰে… শিক্ষক দিৱসৰ পূৰ্বে জানক ৫ টা মহান বাণী
শিক্ষক দিৱসৰ পূৰ্বে জানক ৫ টা মহান বাণী
barasha-misra
Barasha Misra | Published: 03 Sep 2025 23:05 PM

শিক্ষক দিৱস প্ৰতিজন শিক্ষাৰ্থীৰ বাবে বিশেষ। প্ৰতি বছৰে ৫ ছেপ্টেম্বৰ দিনটো দেশত শিক্ষক দিৱস হিচাপে পালন কৰা হয়। এই দিনটোতে স্বাধীন ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জন্ম হয়। এগৰাকী ভাৰতীয় দাৰ্শনিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ। কুৰি শতিকাৰ ভাৰতৰ চিন্তাবিদ আৰু লেখকসকলৰ ভিতৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ভাৰতৰত্ন ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ সমগ্ৰ জীৱন অনুপ্ৰেৰণাদায়ক। উদাৰ নৈতিক ধৰ্মীয় দৃষ্টিকোণ আৰু ধৰ্ম নিৰপেক্ষতাৰ প্ৰতি তেওঁ আস্থাশীল আছিল।

ড॰ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ সোঁৱৰণত ৫ ছেপ্তেম্বৰ শিক্ষক দিৱস পালন কৰা হয়। শিক্ষক দিৱস আৰু ‘বিশ্ব শিক্ষক দিৱস’ একে নহয়; UNESCO-ই আৰম্ভ কৰা পিছৰ দিৱসটো বিশ্বজুৰি ৫ অক্টোবৰত পালন কৰা হয়।

এজন ছাত্ৰৰ জীৱনত শিক্ষকসকলে যি অৱদান তাৰ বাবে শিক্ষকসকলক দিয়া ধন্যবাদেই যথেষ্ট নহয়। বৰ্তমান সময়ত এজন শিষ্যই গুৰুৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা অতি কম দেখা যায়। শিক্ষক দিৱস উপলক্ষে আপোনাৰ শিক্ষকক এই উক্তিৰে শুভেচ্ছা জনাব পাৰে। এই বিশেষ দিনটো ইজনে সিজনক শ্বেয়াৰ কৰিব পৰা শিক্ষক দিৱসৰ ৫ টা মহান বাণী জানো আহক, যিবোৰ মহান মহান ব্যক্তিসকলে কৈ গৈছে…

  1. শিক্ষক এডাল মমবাতিৰ দৰে,যিয়ে নিজে জ্বলি আনক পোহৰ দিয়ে- চক্ৰেটিছ
  2. সৃষ্টিশীল অভিব্যক্তি আৰু জ্ঞানৰ মাজত আনন্দ জগাই তুলিব পৰাটো শিক্ষকৰ সৰ্বোত্তম কলা- এলবাৰ্ট আইনষ্টাইন
  3. সাধাৰণ মানুহৰ হৃদয়তকৈ আপোনাৰ হৃদয়খন কিছু ডাঙৰ, কাৰণ আপুনি এজন শিক্ষক- আৰন বাকল
  4. শিক্ষকসকলে চক পেঞ্চিল আৰু প্ৰত্যাহ্বানেৰ সঠিক সংমিশ্ৰণেৰে জীৱন সলনি কৰিব পাৰে- জয়ছ মেয়াৰ
  5. এটি শিশু, এজন শিক্ষক, এখন কিতাপ আৰু এটা কলমে পৃথিৱীখন সলনি কৰিব পাৰে- মালালা ইউছাফজাই