শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মণিছালৰ এনে উপকাৰিতাৰ কথা জানেনে আপুনি? প্ৰশংসাত উপচাই পেলাব এদিনৰ অতিথিয়েও

মণিছালৰ জৰিয়তে ঘৰলৈ অহা অতিথিৰ পৰা প্ৰশংসা লাভৰ পথো মুকলি কৰিব পাৰে। এই কথা শুনি হয়তো আপুনি আচৰিত হৈছে। পিছে আচৰিত হ’লেও এয়া সঁচা। জানো আহক এই বিষয়ে।

মণিছালৰ এনে উপকাৰিতাৰ কথা জানেনে আপুনি? প্ৰশংসাত উপচাই পেলাব এদিনৰ অতিথিয়েও
মণিছালৰ উপকাৰিতাImage Credit source: Pinterest
monjit-dutta
Monjit Dutta | Published: 10 Aug 2025 21:45 PM

আমাৰ সমাজত পূৰ্বৰে পৰা স্বাস্থ্যৰ যত্নৰ পৰা আৰম্ভ কৰি পৰিষ্কাৰ-পৰিচ্ছন্নতালৈ, প্ৰায় সকলো দিশত প্ৰাকৃতিক সমলৰ ওপৰত গুৰুত্ব প্ৰদান কৰি অহা হৈছে। বিভিন্ন কাৰ্যত মণিছালৰ ব্যৱহাৰৰ কথাও আমি কম-বেছি পৰিমাণে জানো। বিশেষকৈ চুলিৰ যত্নত এতিয়াও গাঁৱৰ বহু লোকে মণিছালৰ ব্যৱহাৰ কৰা দেখা যায়। পিছে কেৱল চুলিৰ যত্নতে নহয়, আন বহুকেইটা দিশতো আপুনি মণিছালৰ ব্যৱহাৰ কৰিব পাৰে। এক কথাত মণিছাল আপোনাৰ জেপৰ ধন ৰাহি কৰাৰ উপায়ো হ’ব পাৰে।

মণিছালৰ জৰিয়তে ঘৰলৈ অহা অতিথিৰ পৰা প্ৰশংসা লাভৰ পথো মুকলি কৰিব পাৰে। এই কথা শুনি হয়তো আপুনি আচৰিত হৈছে। পিছে আচৰিত হ’লেও এয়া সঁচা। জানো আহক এই বিষয়ে-

১) মণিছালেৰে গহনা চাফা কৰিব পাৰে। সোণ, ৰূপ আদি ধাতুৰ গহনা কিছু সময় মণিছাল তিয়াই থোৱা পানীত ডুবাই ৰাখিব লাগে। তাৰ পিছত ব্ৰাছেৰে ঘঁহি লওক।  ইয়াৰ পিছত পৰিষ্কাৰ পানীৰে ধুলে গহনাবোৰৰ উজ্জলতা ঘূৰি অহা দেখিবলৈ পাব।

২) খিৰিকীৰ কাঁচ, দুৱাৰ, কাঁচৰ টেবুল মণিছাল তিয়াই থোৱা পানীৰে চাফা কৰিব পাৰে। প্ৰথমে খিৰিকীৰ কাঁচ, দুৱাৰ বা কাঁচৰ টেবুলত মণিছাল তিয়াই থোৱা পানী ভালদৰে ছটিয়াই দিব। তাৰ পিছত শুকান কাপোৰেৰে মচি দিব। লগে লগে ফলাফল দেখা পাব।

৩) বাচন ধোৱাৰ বাবেও মণিছাল ব্যৱহাৰ কৰিব পাৰে। বাচন ধোৱা চাবোনৰ পৰিৱৰ্তে মণিছাল ব্যৱহাৰ কৰিব পাৰে। ৩ কাপ মণিছালৰ পানীত ১/২ কাপ গ্লিচাৰিন আৰু ১ চামুচ জেনথান গাম পাউদাৰ মিহলাই লওক। এই মিশ্ৰণে  বাচন-বৰ্তন ভালদৰে পৰিষ্কাৰ কৰিব।

৪) ঘৰতে বনোৱা হেণ্ডৱাছ ব্যৱহাৰ কৰিব বিচাৰে নেকি? কেইটোপালমান নেমুৰ ৰস মণিছালৰ পানীত মিহলাই লওক। প্ৰয়োজন অনুসাৰে সুগন্ধি তেল ব্যৱহাৰ কৰিব পাৰে। এইদৰে আপোনাৰ ঘৰতে বনোৱা হেণ্ডৱাছ ৰেডি হ’ব।

৫) মজিয়াত থকা লেতেৰা দাগ আঁতৰাবলৈ আপুনি মণিছাল ব্যৱহাৰ কৰিব পাৰে। মণিছাল তিয়াই থোৱা পানীৰে ঘৰখন মচিব পাৰে। ৩ কাপ মণিছাল তিয়াই থোৱা পানী, ২ কাপ ভিনেগাৰ, ১ চামুচ নিমখ আৰু কেইটোপালমান আৱশ্যকীয় তেল মিহলাই লওক। এই মিশ্ৰণেৰে ঘৰখন মচিব পাৰে।