শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

চুলিৰ মিত্ৰ, পিছে উফিৰ ‘কাল’; এই ৫বিধ সামগ্ৰীৰ ব্যৱহাৰ কৰি শত্ৰুৰো প্ৰশংসা বুটলিব আপুনি

বহুসময়ত চুলিৰ সমস্যাৰ এক প্ৰধান কাৰক হৈ পৰে উফি। লগতে উফি হৈ পৰে বহু সময়ত হতাশা সৃষ্টিৰো আধাৰ। কিন্তু প্ৰায় সকলোৰে ঘৰত উপলব্ধ কিছুমান উপাদান সঠিকভাৱে ব্যৱহাৰ কৰিলে নিমিষতে উফি নাইকিয়া হয়।

চুলিৰ মিত্ৰ, পিছে উফিৰ ‘কাল’; এই ৫বিধ সামগ্ৰীৰ ব্যৱহাৰ কৰি শত্ৰুৰো প্ৰশংসা বুটলিব আপুনি
উফিৰ সমস্যাৰ প্ৰাকৃতিক সমাধানImage Credit source: powerofforever/E+/Getty Images
monjit-dutta
Monjit Dutta | Updated On: 26 Oct 2025 14:48 PM

বৰ্তমান সময়ত চুলিৰ সমস্যা বহুলোকৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। বহুসময়ত চুলিৰ সমস্যাৰ এক প্ৰধান কাৰক হৈ পৰে উফি। মূৰত হোৱা উফি চুলি সৰাৰ অন্যতম এক প্ৰধান কাৰণ। লগতে উফি হৈ পৰে বহু সময়ত হতাশা সৃষ্টিৰো আধাৰ। বিশেষকৈ খৰাং বতৰ বা ঋতুৰ পৰিৱৰ্তনৰ সময়ত উফিৰ সমস্যা বাঢ়ি যায়। উফিৰ সমস্যা হ্ৰাস কৰাৰ বাবে বজাৰত বহু ৰাসায়নিক পদাৰ্থ যুক্ত চেম্পু পোৱা যায়, অৱশ্যে বহু লোকে পাৰ্শ্বক্ৰিয়াৰ ভয়ত প্ৰাকৃতিক উপাদানৰ ওপৰত অধিক নিৰ্ভৰ কৰে।

উফি প্ৰকৃততে ভেঁকুৰৰ সংক্ৰমণ আৰু মূৰৰ ছাল অত্যধিক শুকান বা তেলীয়া হোৱাৰ ফলত হয়। কিন্তু প্ৰায় সকলোৰে ঘৰত উপলব্ধ কিছুমান উপাদান সঠিকভাৱে ব্যৱহাৰ কৰিলে নিমিষতে উফি নাইকিয়া হয়। লগতে মূৰৰ ছালত স্বাস্থ্যকৰ pH ভাৰসাম্য ঘূৰাই আনিব। এই সামগ্ৰীসমূহৰ সঠিক ব্যৱহাৰ কৰিলে শত্ৰুৰো বুটলিব আপুনি। জানো আহক এই বিষয়ে।

১) এপ’ল চাইডাৰ ভিনেগাৰ

এপ’ল চাইডাৰ ভিনেগাৰে উফি সৃষ্টিকাৰী ভেঁকুৰৰ বৃদ্ধি ৰোধ কৰে আৰু মূৰৰ ছালৰ pH ভাৰসাম্য পুনৰুদ্ধাৰ কৰে। চুলি চেম্পু কৰাৰ পিছত এপ’ল চাইডাৰ ভিনেগাৰ পানীৰ লগত মিহলাই এই মিশ্ৰণ চুলি আৰু মূৰত ঢালিব। ফলাফল লাভৰ বাবে সপ্তাহত এবাৰকৈ ব্যৱহাৰ কৰক।

২) নেমুৰ ৰস আৰু নাৰিকল তেল

নেমুৰ ৰসত থকা চাইট্ৰিক এচিডে উফি সৃষ্টিকাৰী ভেঁকুৰ আঁতৰায়। নাৰিকল তেলে মূৰৰ ছাল আৰ্দ্ৰ কৰি শুকানতা দূৰ কৰে। ২ চামুচ নাৰিকল তেল অলপ গৰম কৰি ১ চামুচ সতেজ নেমুৰ ৰসৰ লগত ভালদৰে মিহলাই লওক। এই মিশ্ৰণ মূৰৰ ছালত লাহে লাহে মালিচ কৰক আৰু ৩০ মিনিটৰ পৰা ১ ঘণ্টা সময় এইদৰে ৰাখিব। তাৰ পিছত উফি প্ৰতিৰোধী চেম্পুৰে চুলি ধুব।

৩) মেথিৰ গুটি

মেথিৰ গুটিত এণ্টিফাংগেল গুণ থাকে আৰু ই মূৰৰ ছালৰ প্ৰদাহ কমোৱাত সহায় কৰে। এমুঠি মেথি গুটি পানীত ৰাতি তিয়াই থব। পুৱা পানীখিনি পেলাই গুটিখিনি পিহি লওক। এই পেষ্টটো পোনে পোনে মূৰৰ ছালত লগাওক আৰু ৩০-৪০ মিনিট সময় অপেক্ষা কৰক। তাৰ পিছত ভালদৰে ধুই পেলাওক।

৪) দৈ

দৈত থকা প্ৰ’বায়’টিক আৰু লেক্টিক এচিডে মূৰৰ মৃত কোষবোৰ আঁতৰাই পেলায়। লগতে ক্ষতিকাৰক বেক্টেৰিয়া ধ্বংস কৰাত সহায় কৰে। আধা কাপ টেঙা দৈ লৈ মূৰৰ ছালত ভালদৰে লগাই ২০-৩০ মিনিট ৰাখিব। তাৰ পিছত চেম্পুৰে ধুই পেলাওক। ইয়াৰ দ্বাৰা উফি দূৰ হোৱাৰ লগতে চুলিও কোমল কৰে।

৫) নিম পাত

উফিৰ পৰা মুক্তিৰ বাবে নিম পাত এক পৰম্পৰাগত শক্তিশালী সমাধান। নিমৰ এণ্টিবেক্টেৰিয়েল আৰু এণ্টিফাংগেল গুণে ভেঁকুৰৰ সংক্ৰমণ প্ৰতিৰোধ কৰে। ইয়াৰ বাবে নিম পাত এমুঠি পিহি পেষ্ট বনাওক। তাত অলপ মৌ মিহলাই ১৫-২০ মিনিট সময়লৈ ছালত লগাই ধুই পেলাওক। ইয়াৰ ফলত খজুৱতি আৰু উফি দুয়োটা হ্ৰাস পাব।

মনত ৰাখিব, উফিৰ সমস্যা সম্পূৰ্ণৰূপে নাইকিয়া কৰিবলৈ ধৈৰ্য আৰু নিয়মীয়া যত্নৰ প্ৰয়োজন। যিকোনো উপাদান ব্যৱহাৰ কৰাৰ পিছত যদি মূৰৰ ছালত বিষ বা এলাৰ্জী অনুভৱ হয়, তেতিয়া লগে লগে ব্যৱহাৰ বন্ধ কৰক।