TV9 ASSAM
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখনীয়া মেচৰ এদিনীয়া শৃংখলাত পৰাস্ত হ’লেও অন্তিম মেচত অষ্ট্ৰেলিয়াক ৯ উইকেটত পৰাস্ত কৰে ভাৰতীয় দলে।
ফৰ্ম, ফিটনেছ আৰু বয়সৰ বাবে সততে ৰোহিতৰ কেৰিয়াৰক লৈ প্ৰশ্ন উঠিছিল যদিও অন্তিম মেচত দৰ্শনীয় শতকেৰে তেওঁ ভাৰতীয় দলৰ জয়ৰ নায়ক হৈ পৰে।
অৱসৰৰ জল্পনা-কল্পনাৰ মাজতে ৰোহিতে অন্তিম মেচত ১২১ ৰানৰ অপৰাজিত ইনিংছ খেলে আৰু এইদৰে শৃংখলাত সৰ্বাধিক ২০২ ৰান সংগ্ৰহ কৰে।
তেওঁৰ এই প্ৰদৰ্শনৰ বাবে ৰোহিতে ছিডনী এদিনীয়াত প্লেয়াৰ অৱ দ্য মেচ আৰু শৃংখলাত সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে প্লেয়াৰ অৱ দ্য ছিৰিজৰ বঁটা লাভ কৰে।
এইদৰে ৰোহিতে ধোনীৰ অভিলেখ ভংগ কৰি এদিনীয়া ক্ৰিকেটত প্লেয়াৰ অৱ দ্য ছিৰিজৰ বঁটা লাভ কৰা আটাইতকৈ বয়স্ক ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়।
ৰোহিতে ৩৮ বছৰ ১৭৮ দিন বয়সত এই বঁটা লাভ কৰি ধোনীৰ (৩৭ বছৰ, ১৯৪ দিন) নামত থকা অভিলেখ ভংগ কৰে। ধোনীয়েও অষ্ট্ৰেলিয়াতে এই বঁটা লাভ কৰিছিল।
পঢ়িবলৈ ক্লিক কৰক
পাকিস্তানী তাৰকাক পিছ পেলাই অভিলেখ ৰোহিতৰ