ৰো-কো যুটিৰ বিস্ফোৰণৰ পৰা কোকৰাঝাৰৰ সংঘৰ্ষলৈ… দিনটোৰ শীৰ্ষ খবৰ
চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।
কোকৰাঝাৰত আৰক্ষী আৰু মাওবাদীৰ মাজত সংঘৰ্ষ। নাদাংগুৰী পাহাৰত সংঘটিত এই সংঘৰ্ষত নিহত হয় কোকৰাঝাৰৰ ৰেলপথত আই ই ডি বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড এপিল মুৰ্মুৰ। তেওঁৰ বিৰুদ্ধে অসম আৰু ঝাৰখণ্ডত ৰুজু হৈ আছিল কমেও ১৪ টা গোচৰ।
যোৰাবাটৰ আনিয়া এডিশ্যনত অগপৰ দুদিনীয়া দিকদৰ্শন বৈঠক। আজি এই বৈঠকৰ অন্তিম দিন। ২০২৬ ৰ নিৰ্বাচনৰ বাবে ৰণকৌশল প্ৰস্তুতৰ লগতে মিত্ৰতা সন্দৰ্ভতো আলোচনা হয় বৈঠকত। আগন্তুক নিৰ্বাচনক লৈ অগপ অত্যন্ত ছিৰিয়াছ বুলি মন্তব্য কৰে দলৰ সভাপতি অতুল বৰাই।
গুৱাহাটীৰ হাতীগাঁৱত লোমহৰ্ষক ঘটনা। এটা কোঠাত উদ্ধাৰ হয় যুৱতীৰ মৃতদেহ। বিচনাত কম্বলেৰে মেৰিয়াই থোৱা আছিল যুৱতীগৰাকীৰ মৃতদেহটো। ঘটনা সন্দৰ্ভত এজন যুৱকৰ ওপৰত সন্দেহ। যুৱকজনে আন এগৰাকী যুৱতীৰ সৈতে লিভ ইনত আছিল। কিন্তু প্ৰেয়সী নথকাৰ অৱস্থাত কোঠালৈ আনিছিল ইতিমধ্যে মৃত্যু হোৱা যুৱতীগৰাকীক। বৰ্তমান যুৱকজন পলাতক হৈ আছে। চাওঁ আহক ৰাজ্যৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ, আজি দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ।
বিশ্বৰ শ্ৰেষ্ঠ বেংকৰ স্বীকৃতি! আন্তঃৰাষ্ট্ৰীয় খাতি লাভ SBIৰ
ৰো-কো যুটিৰ বিস্ফোৰণৰ পৰা কোকৰাঝাৰৰ সংঘৰ্ষলৈ... দিনটোৰ শীৰ্ষ খবৰ
বাংলাদেশত যুৱকক অস্ত্ৰৰ প্ৰশিক্ষণ, কি নতুন ষড়যন্ত্ৰ ইউনুছৰ?
বেংক একাউণ্টত থাকিব ৪ জন নমিনি! সমস্যা বাঢ়িব নেকি আপোনাৰ?
