লিভাৰ শক্তিশালী কৰিবলৈ দৈনিক এই কেইবিধ খাদ্য খাওক, ই লিভাৰৰ কাৰ্যক্ষমতা উন্নত কৰিব পাৰে
বেয়া জীৱনশৈলী, মদ্যপান আদিৰ বাবে লিভাৰৰ সমস্যা হ'ব পাৰে। দৈনিক যদি আপুনি এই ৫ বিধ খাদ্য গ্ৰহণ কৰে, তেন্তে আপোনাৰ লিভাৰ শক্তিশালী হোৱাৰ লগতে কাৰ্যক্ষমতা বৃদ্ধি পাব পাৰে।
দৈনিক কিছুমান খাদ্য খালে আপোনাৰ লিভাৰ শক্তিশালী হোৱাত সহায় কৰিব পাৰে। ইয়াৰ লগতে লিভাৰৰ কাৰ্যক্ষমতা উন্নত কৰিব পাৰে। লিভাৰে তেজ ফিল্টাৰ কৰা, পুষ্টিকৰ পদাৰ্থ প্ৰক্ৰিয়াকৰণ, পিত্ত উৎপাদন, তেজ জমা হোৱা নিয়ন্ত্ৰণ, শৰীৰৰ বিষমুক্ত কৰা আদি বহুতো কাম কৰে। বেয়া জীৱনশৈলী, মদ্যপান আদিৰ বাবে লিভাৰৰ সমস্যা হ’ব পাৰে। দৈনিক যদি আপুনি এই কেইবিধ খাদ্য গ্ৰহণ কৰে, তেন্তে আপোনাৰ লিভাৰ শক্তিশালী হোৱাৰ লগতে কাৰ্যক্ষমতা বৃদ্ধি পাব পাৰে।
কফি সেৱন
একাধিক অধ্যয়নে প্ৰমাণ কৰিছে যে, কফি হৈছে এক আগশাৰীৰ পানীয় যিয়ে যকৃতৰ স্বাস্থ্যক সমৰ্থন কৰে। গৱেষণাৰ পৰা দেখা গৈছে যে, কফি সেৱনে মানুহক লিভাৰ চিৰ’ছিছ হোৱাৰ পৰা ৰক্ষা কৰে আৰু তেওঁলোকৰ শৰীৰৰ প্ৰদাহজনিত প্ৰতিক্ৰিয়া হ্ৰাস কৰে। যকৃতে কফি এন্টিঅক্সিডেন্টৰ দ্বাৰা উপকৃত হয় যিয়ে চৰ্বি জমা হোৱা আৰু কলাজেন জমা হোৱা বন্ধ কৰে। তদুপৰি ই লিভাৰ কেন্সাৰ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে বুলি কোৱা হয়। লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিবলৈ কফি সেৱন কৰিব পাৰে।
গ্ৰীণ টি
গ্ৰীণ টি কেৱল এক উৎকৃষ্ট এণ্টি অক্সিডেন্ট নহয়, ই যকৃতৰ সুৰক্ষাও প্ৰদান কৰে। গৱেষণাৰ পৰা দেখা গৈছে যে প্ৰতিদিনে সেউজীয়া চাহ খালে, যকৃতৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা কমি যায়।
জৰা টেঙা
জৰা টেঙাই যকৃতক ৰক্ষা কৰাৰ কাম কৰে, আনহাতে ই প্ৰদাহৰ মাত্ৰা হ্ৰাস কৰে। ইয়াত থকা এন্টিঅক্সিডেন্ট নেৰিঞ্জিন দৰে যৌগবোৰৰ পৰা যকৃতে সুৰক্ষা লাভ কৰে, কাৰণ ই অক্সিডেটিভ চাপৰ বিৰুদ্ধে যুঁজ দিয়ে যিয়ে যকৃতৰ কোষৰ ক্ষতি কৰে। গ্ৰেপফ্ৰুটৰ এন্টিঅক্সিডেণ্টে যকৃতৰ দীৰ্ঘদিনীয়া প্ৰদাহৰ ফলত হোৱা হেপাটিক ফাইব্ৰ’ছিছৰ বিকাশ হ্ৰাস কৰাত সহায় কৰে। জৰা টেঙাৰ ৰস খাব পাৰে।
শাক-পাচলি
বন্ধাকবি, ব্ৰকলি, ফুলকবি আদি ক্ৰুচিফেৰাছ শাক-পাচলি যকৃতৰ বাবে উপকাৰী। কাৰণ ইয়াত আঁহ আৰু একাধিক উদ্ভিদ যৌগ থাকে, যিয়ে বিষমুক্তকৰণ আৰু চৰ্বি হ্ৰাস কৰাত সহায় কৰে। গৱেষণাৰ পৰা দেখা গৈছে যে, এই শাক-পাচলিবোৰে যকৃতৰ বিষমুক্তকৰণ ব্যৱস্থা শক্তিশালী কৰে, একে সময়তে চৰ্বি জমা হোৱা সম্ভাৱনাও হ্ৰাস কৰে। ব্ৰকলি খালে চৰ্বিযুক্ত যকৃতৰ ৰোগ আৰু যকৃতৰ টিউমাৰৰ পৰা ৰক্ষা পাব পাৰে।
স্পষ্টীকৰণ: এই প্ৰতিবেদন কেৱল তথ্যৰ বাবে প্ৰস্তুত কৰা হৈছে। স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শ স্বাস্থ্য বিশেষজ্ঞৰ পৰা গ্ৰহণ কৰক।