আন্তঃৰাষ্ট্ৰীয় খাতি লাভ SBIৰ, বিশ্বৰ শ্ৰেষ্ঠ বেংক হিচাপে পালে স্বীকৃতি
দুই আন্তৰ্জাতিক সংস্থা বিশ্ব বেংক আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ (IMF) বাৰ্ষিক বৈঠকৰ সময়ত ঘোষণা কৰা হৈছে এই বঁটা। এই আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰাৰ পিছতে SBI-ৰ অধ্যক্ষ সাল্লা শ্ৰীনিবাসুলু শেট্টীয়ে এই স্বীকৃতি বেংকৰ দৈনন্দিন প্ৰতিশ্ৰুতিৰ প্ৰতি সন্মান হিচাপে অভিহিত কৰে।
ভাৰতীয় ষ্টেট বেংক, চমুকৈ SBI- এ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰিছে এক বিশেষ সন্মান। দেশৰ সৰ্ববৃহৎ ৰাজহুৱা বেংকটোৱে ‘বিশ্বৰ শ্ৰেষ্ঠ গ্ৰাহক বেংক’ বা ২০২৫ চনৰ বিশ্বৰ শ্ৰেষ্ঠ উপভোক্তা বেংক হিচাপে স্বীকৃতি লাভ কৰিছে। নিউয়ৰ্কৰ ‘গ্ল’বেল ফাইনেঞ্চ’ আলোচনীয়ে SBI-ক এই স্বীকৃতি প্ৰদান কৰিছে। দুই আন্তৰ্জাতিক সংস্থা বিশ্ব বেংক আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ (IMF) বাৰ্ষিক বৈঠকৰ সময়ত ঘোষণা কৰা হৈছে এই বঁটা। এনে সন্মান লাভৰ লগতে ২০২৫ চনৰ ভাৰতৰ শ্ৰেষ্ঠ বেংকৰ স্বীকৃতিও লাভ কৰিছে ভাৰতীয় ষ্টেট বেংকে।
এই আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰাৰ পিছতে SBI-ৰ অধ্যক্ষ সাল্লা শ্ৰীনিবাসুলু শেট্টীয়ে এই স্বীকৃতি বেংকৰ দৈনন্দিন প্ৰতিশ্ৰুতিৰ প্ৰতি সন্মান হিচাপে অভিহিত কৰে। তেওঁ লগতে সাম্প্ৰতিক সময়ত SBI- এ ৫২ কোটি গ্ৰাহকক সেৱা আগবঢ়াইছে তথা প্ৰতিদিনে ৬৫ হাজাৰ নতুন গ্ৰাহক বেংকৰ সৈতে সংযোজন হয় বুলিও সদৰী কৰিছে।
বিশ্বৰ শ্ৰেষ্ঠ বেংকৰ স্বীকৃতি! আন্তঃৰাষ্ট্ৰীয় খাতি লাভ SBIৰ
ৰো-কো যুটিৰ বিস্ফোৰণৰ পৰা কোকৰাঝাৰৰ সংঘৰ্ষলৈ... দিনটোৰ শীৰ্ষ খবৰ
বাংলাদেশত যুৱকক অস্ত্ৰৰ প্ৰশিক্ষণ, কি নতুন ষড়যন্ত্ৰ ইউনুছৰ?
বেংক একাউণ্টত থাকিব ৪ জন নমিনি! সমস্যা বাঢ়িব নেকি আপোনাৰ?
