শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
FSSAI, ORS News: ‘ORS’ বুলি আপুনি ভুল পানীয় খাই আছে নেকি?

FSSAI, ORS News: ‘ORS’ বুলি আপুনি ভুল পানীয় খাই আছে নেকি?

barasha-misra
Barasha Misra | Published: 26 Oct 2025 14:26 PM

'ORS' ৰ সম্পূৰ্ণ অৰ্থ হ'ল Oral Rehydration Solution। শৰীৰত পানী আৰু খনিজ লৱণৰ ভাৰসাম্য ৰক্ষাৰ বাবে ৰোগীক ‘ORS’ দিয়া হয়। বিশেষকৈ অন্ত্ৰৰ সমস্যা বা ডিহাইড্ৰেচন হোৱা ৰোগীক ‘ORS’ প্ৰেছক্ৰিপচন কৰা হয়। কিন্তু ডায়েবেটিছ, বৃক্কৰ সমস্যা, উচ্চ ৰক্তচাপ বা হৃদযন্ত্ৰৰ সমস্যা থকা লোকে ‘ORS’ সেৱন কৰাৰ বিশেষ নিয়ম আছে।

ভুৱা ‘ORS’ৰ বিক্ৰী বন্ধ কৰাৰ বাবে ভাৰতীয় খাদ্য সুৰক্ষা আৰু গুণগত মান বিভাগে হস্তক্ষেপ কৰিছে। এই বিভাগে জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি বিশ্ব স্বাস্থ্য সংস্থাৰ অনুমোদন অবিহনে কোনো খাদ্য সামগ্ৰীৰ নামত ORS শব্দটো লিখিব নোৱাৰিব। অৰ্থাৎ WHO ৰ অনুমোদন পোৱাৰ পিছতহে সেই খাদ্য সামগ্ৰীক ‘ORS’ বুলি চিহ্নিত কৰা হ’ব। দেখা গৈছে যে বজাৰত এনে বহু পানীয় পোৱা যায় যাৰ ওপৰত ‘ORS’ বুলি লিখা থাকে। যিবোৰে কেতিয়াও ‘ORS’ৰ দৰে কাম নকৰে। এই ভুৱা বিষয়টো শেহতীয়াকৈ ভাৰতীয় খাদ্য সুৰক্ষা আৰু গুণগত মান বিভাগৰ দৃষ্টিগোচৰ হৈছে।

‘ORS’ কি?

‘ORS’ ৰ সম্পূৰ্ণ অৰ্থ হ’ল Oral Rehydration Solution। শৰীৰত পানী আৰু খনিজ লৱণৰ ভাৰসাম্য ৰক্ষাৰ বাবে ৰোগীক ‘ORS’ দিয়া হয়। বিশেষকৈ অন্ত্ৰৰ সমস্যা বা ডিহাইড্ৰেচন হোৱা ৰোগীক ‘ORS’ প্ৰেছক্ৰিপচন কৰা হয়। কিন্তু ডায়েবেটিছ, বৃক্কৰ সমস্যা, উচ্চ ৰক্তচাপ বা হৃদযন্ত্ৰৰ সমস্যা থকা লোকে ‘ORS’ সেৱন কৰাৰ বিশেষ নিয়ম আছে। ভুল ‘ORS’ সেৱন কৰিলে শৰীৰত চেনিৰ পৰিমাণ বৃদ্ধি পায় আৰু ইয়াৰ বিপৰীতমুখী হ’ব পাৰে।

বজাৰত কিছুমান মিঠা পানীয়ৰ বিক্ৰী কৰা হয়, য’ত লিখা থাকে ‘ORS’। কিন্তু সেইবোৰ আচলতে ‘ORS’ নহয়। কাৰণ, ‘ORS’ কেৱল WHO অনুমোদিত নিয়ম অনুসৰিহে তৈয়াৰ কৰা হয়। বজাৰত উপলব্ধ মিঠা পানীয় কেতিয়াও WHO ৰ অনুমোদন নিদিয়ে বা একে সূত্ৰতে তৈয়াৰ কৰা নহয়। গতিকে, কিনাৰ আগতে লেবেলটো চাই সচেতন হ’ব লাগে।