26 October 2025
TV9 ASSAM
দিনক দিনে বৃদ্ধি পাইছে উচ্চ ৰক্তচাপ ৰোগীৰ সংখ্যা। উচ্চ ৰক্তচাপৰ অন্যতম কাৰণ হ’ল মানসিক চাপ।
ভুল খাদ্যাভ্যাস আৰু জীৱনশৈলীয়েও উচ্চ ৰক্তচাপৰ সমস্যা সৃষ্টি কৰে। ৰক্তচাপে ষ্ট্ৰোক বা হৃদযন্ত্ৰৰ বিকলতাৰ দৰে গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।
উচ্চ ৰক্তচাপে বিভিন্ন ৰোগৰ সৃষ্টি পাৰে। ৰক্তচাপ নিয়ন্ত্রণ কৰিবলৈ প্রথমে স্বাস্থ্যসন্মত খাদ্যৰ প্রয়োজন।
পুষ্টিবিদসকলৰ মতে ঔষধৰ উপৰিও দৈনন্দিন খাদ্য তালিকাত কিছুমান পানীয় অন্তৰ্ভুক্ত কৰি ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰি।
বিটৰ ৰসে শৰীৰত নাইট্ৰিক অক্সাইড উৎপন্ন কৰাৰ লগতে এণ্ডোথেলিয়াল কোষৰ কাৰ্য বৃদ্ধি কৰাত সহায় কৰে। ৰক্তচাপ নিয়ন্ত্ৰিত হয় আৰু হৃদৰোগৰ সম্ভাৱনা কমি যায়।
গাজৰত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে। শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰণত এই যৌগটো অতি উপকাৰী।
পালেং শাক পটাছিয়ামৰ উত্তম উৎস। লগতে এই শাকত লুটিন নামৰ বিশেষ যৌগ থাকে। ই ৰক্তচাপ নিয়ন্ত্ৰিত সহায় কৰে।
পঢ়িবলৈ ক্লিক কৰক