‘গাঁৱলীয়া খাদ্য’ বুলি উপেক্ষাৰ ভুল নকৰিব, পঁইতা ভাতৰ এনে যাদুকৰী গুণে আচৰিত কৰিব আপোনাক
শেহতীয়া গৱেষণাই পঁইতা ভাতৰ অসাধাৰণ স্বাস্থ্য উপকাৰিতাৰ ওপৰত আলোকপাত কৰিছে। এই খাদ্যই শৰীৰক শীতল কৰি ৰখাই নহয়, আমাৰ স্বাস্থ্য আৰু জীৱনশৈলীৰ বাবেও অতি প্ৰয়োজনীয়। গতিকে আমাৰ অতি পৰিচিত এই খাদ্যৰ অজ্ঞাত স্বাস্থ্য উপকাৰী গুণৰ বিষয়ে জানো আহক।
গাঁৱলীয়া সমাজত পঁইতা ভাত এক পৰিচিত খাদ্য। অৱশ্যে নগৰীয়া জীৱনশৈলীতো এতিয়া লাহে লাহে পঁইতা ভাতৰ জনপ্ৰিয়তা দেখিবলৈ পোৱা গৈছে। সাধাৰণতে গাঁও অঞ্চলত দিনটোৰ কামলৈ বুলি সাজু হ’বলৈ আন খাদ্যৰ তুলনাত অধিক লোকেই পঁইতা ভাতৰ প্ৰতি অধিক গুৰুত্ব দিয়ে। এফালে খাদ্য প্ৰস্তুতৰ বাবে সময় কম হোৱাৰ সমান্তৰালকৈ পঁইতা ভাতে বহু সময়লৈ পেট ভৰাই ৰাখে। পিছে পঁইতা ভাতৰ উপকাৰিতা কেৱল ইয়াতে সীমাবদ্ধ নহয়, পঁইতা ভাতক এক কথাত গুণৰ ভঁৰাল বুলিব পাৰি।
আমাৰ এই অতি সহজ, পৰম্পৰাগত খাদ্যক আধুনিক পুষ্টি বিজ্ঞানৰ দৃষ্টিত ‘প্ৰ’বায়’টিক পাৱাৰহাউছ’ বা প্ৰাকৃতিক ছুপাৰফুড বুলিও ক’ব পাৰি। শেহতীয়া গৱেষণাই পঁইতা ভাতৰ অসাধাৰণ স্বাস্থ্য উপকাৰিতাৰ ওপৰত আলোকপাত কৰিছে। এই খাদ্যই শৰীৰক শীতল কৰি ৰখাই নহয়, আমাৰ স্বাস্থ্য আৰু জীৱনশৈলীৰ বাবেও অতি প্ৰয়োজনীয়।
গতিকে আমাৰ অতি পৰিচিত এই খাদ্যৰ অজ্ঞাত স্বাস্থ্য উপকাৰী গুণৰ বিষয়ে জানো আহক-
প্ৰ’বায়’টিকৰ উৎসঃ পঁইতা ভাতে বৃহৎ পৰিমাণৰ লেক্টিক এচিড বেক্টেৰিয়া উৎপন্ন কৰে, ই হৈছে এক প্ৰকাৰৰ দেহৰ উপকাৰী প্ৰ’বায়’টিক। ই হজম শক্তি বৃদ্ধি আৰু পেটৰ সুস্বাস্থ্য বজাই ৰখাত সহায় কৰে।
পুষ্টিকৰ মূল্যঃ সাধাৰণ ভাতৰ তুলনাত পঁইতা ভাতত কিছুমান গুৰুত্বপূৰ্ণ পুষ্টিকৰ পদাৰ্থৰ মাত্ৰা যথেষ্ট বৃদ্ধি পায়। যেনে ইয়াত আইৰণৰ পৰিমাণ বহুগুণে বৃদ্ধি পায়, যাৰ ফলত ৰক্তহীনতা হ্ৰাস কৰাত সহায়ক হয়।
কেলচিয়াম, পটাছিয়াম আৰু মেগনেছিয়াম আদি খনিজ পদাৰ্থৰ পৰিমাণো বৃদ্ধি পায়। এই উপাদানসমূহ হাড়ৰ স্বাস্থ্য আৰু ৰক্তচাপ নিয়ন্ত্ৰণত সহায়ক।
পঁইতা ভাতত ভিটামিন বি১২ থাকে। ইয়াৰ দ্বাৰা ক্লান্তি দূৰ কৰাত আৰু স্নায়ুতন্ত্ৰ সক্ৰিয় কৰি ৰখাত সহায়ক হয়।
হজম শক্তি সহজ কৰেঃ পঁইতা ভাতৰ প্ৰস্তুত প্ৰক্ৰিয়াই জটিল কাৰ্বহাইড্ৰেটক সৰল ৰূপত ভাঙি পেলায়, গতিকে এই খাদ্য সহজে হজম হয় আৰু পেট পৰিষ্কাৰ কৰি ৰাখে।
শৰীৰ শীতল কৰি ৰাখেঃ পঁইতা ভাতে প্ৰাকৃতিকভাৱে দেহ শীতল কৰি ৰাখে। ই শৰীৰক আৰ্দ্ৰ কৰি ৰাখে আৰু গ্ৰীষ্মকালত শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণত সহায় কৰে।
ক্লান্তি আৰু অনিদ্ৰা দূৰ কৰেঃ ইয়াত থকা ভিটামিন বি ১২- এ ক্লান্তি দূৰ কৰাত আৰু অনিদ্ৰাৰ সমস্যা হ্ৰাস কৰাত সহায়ক হ’ব পাৰে।
ছালৰ উজ্জ্বলতাঃ নিয়মিতভাৱে পঁইতা ভাত খালে কলাজেনৰ উৎপাদন বৃদ্ধি পায়, যি ছালখন টান আৰু মসৃণ কৰি ৰখাত সহায় কৰে।
ওজন নিয়ন্ত্ৰণঃ সাধাৰণ ভাততকৈ পঁইতা ভাতত চৰ্বি কম আৰু ই পেটটো বহু সময়লৈকে ভৰপূৰ কৰি ৰাখে। সেয়ে পঁইতা ভাত ওজন কমোৱাতো কিছু সহায়ক হ’ব পাৰে।
মনত ৰখা ভাল যে পঁইতা ভাত স্বাস্থ্যকৰ যদিও পৰিষ্কাৰ পৰিবেশত সঠিকভাৱে প্ৰস্তুত কৰিব লাগে। এই পৰম্পৰাগত খাদ্য স্বাস্থ্য আৰু বিজ্ঞানৰ এক উৎকৃষ্ট সংমিশ্ৰণ। ইয়াৰ প্ৰ’বায়’টিক গুণে অন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু ক্লান্তি দূৰ কৰে। একে সময়তে ই আমাৰ শৰীৰৰ বাবে এক মূল্যৱান পুষ্টিকৰ খাদ্য।