চকুৰ শুকান হৈ পৰা সমস্যাক নকৰিব উলাই, এনে লক্ষণে দেখা দিলেই হওক সাৱধান
চকুৰ শুকান হোৱা সমস্যা হ’লে বহু লক্ষণে দেখা দিয়ে। এই লক্ষণসমূহ যদি বহুদিন থাকে, তেতিয়া চকুৰ চিকিৎসকৰ পৰামৰ্শ লোৱাটো অত্যন্ত প্ৰয়োজনীয়। অৱশ্যে কিছুমান ঘৰুৱা উপায়েৰে এনে সমস্যা প্ৰতিৰোধ কৰিব পাৰি। জানো আহক এই বিষয়ে।
ঋতু পৰিৱৰ্তনৰ লগে লগে দেহত দেখা দিয়ে নানা সমস্যাই। এনে সমস্যা চকুৰ ক্ষেত্ৰতো পৰিলক্ষিত হয়। চকুৰ শুকান হোৱা সমস্যা মানে হৈছে চকুত আৰ্দ্ৰতাৰ অভাৱ। যেতিয়া চকুলো গ্ৰন্থিৰ পৰা পৰ্যাপ্ত পৰিমাণে চকুলো উৎপন্ন নহয়, তেতিয়া চকু শুকান হৈ পৰে আৰু অস্বস্তি অনুভৱ কৰে। বিশেষকৈ মোবাইল ফোন, লেপটপ, কম্পিউটাৰ দীৰ্ঘ সময় ব্যৱহাৰ কৰি থকাসকলৰ মাজত এই সমস্যা ক্ৰমান্বয়ে সাধাৰণ হৈ পৰিছে। তদুপৰি শীততাপ নিয়ন্ত্ৰিত পৰিৱেশ, ধূলি, সূৰ্যৰ পোহৰ বা প্ৰদূষণত বহু সময় কটোৱা লোকসকলেও এই সমস্যাৰ সন্মুখীন হয়।
চকুৰ এই সমস্যাত ৪০ বছৰৰ ওপৰৰ লোক, কনটেক্ট লেন্স পৰিধান কৰা লোকসকল, হৰম’নৰ পৰিৱৰ্তন হোৱা মহিলাও অধিক আক্ৰান্ত হয়। দেহত পানীৰ অভাৱ, টোপনিৰ অভাৱ, ভিটামিন এৰ অভাৱ, ধূমপান, প্ৰদূষণ আদিয়েও এই সমস্যাৰ সৃষ্টি কৰিব পাৰে। কিছুমান ঔষধ যেনে এণ্টিহিষ্টামিন, ৰক্তচাপ বা হতাশাৰ ঔষধেও চকুলো উৎপাদনত প্ৰভাৱ পেলাব পাৰে।
সাধাৰণতে বয়স বঢৰ লগে লগে চকুলো গ্ৰন্থিবোৰ কম সক্ৰিয় হৈ পৰে, ইয়াৰ ফলত চকুৰ শুকানতা অধিক বৃদ্ধি হোৱা পৰিলক্ষিত হয়। যদি এই সমস্যা দীৰ্ঘদিন ধৰি থাকে, তেতিয়া এই সমস্যাই চকুৰ কৰ্ণিয়াৰ ক্ষতি কৰাৰ সমান্তৰালকৈ দৃষ্টিশক্তিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে।
চকু শুকান হোৱাৰ লক্ষণ
ছাৰ গংগা ৰাম চিকিৎসালয়ৰ চকু বিভাগৰ প্ৰাক্তন বিভাগীয় মুৰব্বী ডাঃ এ.কে. গ্ৰ’ভাৰে জানিবলৈ দিয়া মতে চকু শুকান হোৱাৰ বহু লক্ষণ ক্ৰমান্বয়ে দেখা দিয়ে। ইয়াৰ ভিতৰত আটাইতকৈ সাধাৰণ লক্ষণসমূহ হ’ল চকুত জ্বলা-পোৰা, খজুৱতি আদি। কেতিয়াবা চকুত কিবা সোমাই থকাৰ দৰে অনুভৱ হয়।
শুকান চকুৱে পোহৰৰ প্ৰতি সংবেদনশীলতা বৃদ্ধি কৰিব পাৰে। দীৰ্ঘসময় ধৰি পঢ়া বা মোবাইল ফোন, লেপটপ, কম্পিউটাৰ ব্যৱহাৰৰ পিছত অস্পষ্ট দৃষ্টিশক্তি অনুভৱ কৰিব পাৰে। নিশা গাড়ী চলোৱাত অসুবিধা হোৱা, চকুত সঘনাই পানী ওলোৱা, চকু আঠা আঠা যেন অনুভৱ, ৰঙা পৰা তথা বিষ আদি এই সমস্যাৰ আন কিছুমান লক্ষণ।
যদি এই লক্ষণসমূহ বহুদিন থাকে, তেতিয়া চকুৰ চিকিৎসকৰ পৰামৰ্শ লোৱাটো অত্যন্ত প্ৰয়োজনীয়। অৱশ্যে কিছুমান ঘৰুৱা উপায়েৰে এনে সমস্যা প্ৰতিৰোধ কৰিব পাৰি। জানো আহক এই বিষয়ে–
প্ৰতি ২০ মিনিটৰ মূৰে মূৰে চকু দুটা পৰ্দাৰ পৰা আঁতৰাই ২০ ছেকেণ্ড জিৰণি লওক।
আৰ্দ্ৰতা বজাই ৰাখিবলৈ সঘনাই চকু টিপিয়াই থাকিব।
কোঠাটোত হিউমিডিফায়াৰ ব্যৱহাৰ কৰক।
প্ৰচুৰ পৰিমাণে পানী খাব লাগে।
ধূলি আৰু সূৰ্যৰ পোহৰৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ছানগ্লাছ পৰিধান কৰক।
ধূমপান আৰু অত্যধিক কেফেইন সেৱন পৰিহাৰ কৰক।
চিকিৎসকৰ নিৰ্দেশনা অনুসৰি প্ৰয়োজন মতে আই ড্ৰপ ব্যৱহাৰ কৰক।