স্বাস্থ্যৰ ক্ষতি নোহোৱাকৈ এদিনত কিমান পৰিমাণৰ মদ্যপান কৰিব পাৰে ?
,স্বাস্থ্যৰ কোনো ক্ষতি নোহোৱাকৈ আপুনি দিনটোত কিমান পৰিমাণৰ মদ্যপান কৰিব পাৰে জানেনে? গৱেষণাত এই সন্দৰ্ভত কি কোৱা হৈছে জানক।

আপোনাৰ মদ্যপান কৰাৰ অভ্যাস আছে নেকি ? নিৰাপদ অৱস্থা বজাই ৰাখিবলৈ আপুনি দৈনিক কিমান পৰিমাণৰ মদ্যপান কৰিব পাৰে? বিশ্ব স্বাস্থ্য সংস্থা (WHO) আৰু চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচন (CDC)ৰ মতে, মদ্যপানৰ সম্পূৰ্ণ নিৰাপদ মাত্ৰা নাই। কিন্তু যিসকল প্ৰাপ্তবয়স্কৰ মদ্যপান কৰাৰ অভ্যাস আছে তেওঁলোকে দুটা ষ্টেণ্ডাৰ্ড ড্ৰিংক আৰু মহিলাৰ বাবে এটা এটা ষ্টেণ্ডাৰ্ড ড্ৰিংক যথেষ্ট হ’ব পাৰে। কিন্তু আপুনি সপ্তাহত কেইটামান দিন মদ্যপান নকৰাকৈ থাকিব লাগিব।
পিছে আপুনি জানেনে যে, এটা ষ্টেণ্ডাৰ্ড ড্ৰিংক মানে কিমান পৰিমাণৰ সুৰাৰ কথা কোৱা হৈছে? ৱাইনৰ এটা ষ্টেণ্ডাৰ্ড ড্ৰিংক মানে ১৫০ মিলিলিটাৰ,যদি বিয়েৰ হয় ৩৫০ মিলিলিটাৰ আৰু ৪৫ মিলিলিটাৰ স্পিৰিট। যিটো নিৰাপদে সেৱন কৰিব পাৰে বুলি কোৱা হয়। কিন্তু ই স্বাস্থ্যৰ পৰমাৰ্শ নহয়।
বিশেষজ্ঞৰ মতে, সুৰাপানৰ এই সীমাই আপোনাৰ বিপদ হ্ৰাস কৰিব পাৰে, কিন্তু বিপদমুক্ত কৰিব নোৱাৰে বা স্বাস্থ্যক ক্ষতিৰ পৰা বছাব নোৱাৰে। যিহেতু এজন ব্যক্তিৰ বাবে যিটো “নিৰাপদ” সেয়া আন এজনৰ বাবে নিৰাপদ নহ’বও পাৰে। জিনীয় গঠন, শৰীৰৰ ওজন, বিপাকীয় ক্ৰিয়াই কিমান পৰিমাণৰ মদ্যপান কৰিব পাৰে তাৰ ওপৰত প্ৰভাৱ পেলায়।
ইফালে ২০২৩ চনত দ্য লেন্সেটত প্ৰকাশিত এক বিশ্বব্যাপী অধ্যয়নত দেখা গৈছে যে, সামান্য পৰিমাণে মদ্যপান কৰিলেও হৃদৰোগ, উচ্চ ৰক্তচাপ, ষ্ট্ৰোকৰ সম্ভাৱনা সামান্য বৃদ্ধি পায়। মদ্যপানে টোপনি, স্মৃতিশক্তি, হৰম’নৰ ভাৰসাম্য আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰিব পাৰে। যকৃতৰ স্বাস্থ্যৰ বাবে মদ্যপান একেবাৰে হানিকাৰক।
স্পষ্টীকৰণ: এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্য়ৰ বাবে প্ৰস্তুত কৰা হৈছে। মদ্যপান স্বাস্থ্যৰ বাবে হানিকাৰক। Tv9 অসমীয়াই কোনো কাৰণতে মদ্যপান কৰিবলৈ পৰামৰ্শ নিদিয়ে।