শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নৈশ শ্বীফ্টত কাম কৰা মহিলাৰ ক্ষেত্ৰত বৃদ্ধি পায় স্তন কেঞ্চাৰৰ সম্ভাৱনা! সমীক্ষাত প্ৰকাশ উদ্বেগজনক তথ্য

এক সমীক্ষাৰ মতে নৈশ শ্বীফ্টত কাম কৰা মহিলাৰ ক্ষেত্ৰত স্তন কেঞ্চাৰ ৰোগৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়। জামা জাৰ্নেলৰ এই সমীক্ষা মতে, নিশা কাম কৰা মহিলাৰ স্তন কেঞ্চাৰ হোৱাৰ সম্ভাৱনা আন মহিলাতকৈ ৩ গুণ বেছি।

নৈশ শ্বীফ্টত কাম কৰা মহিলাৰ ক্ষেত্ৰত বৃদ্ধি পায় স্তন কেঞ্চাৰৰ সম্ভাৱনা! সমীক্ষাত প্ৰকাশ উদ্বেগজনক তথ্য
প্ৰতিনিধিত্বমূলক ছবি
monjit-dutta
Monjit Dutta | Published: 13 Sep 2024 17:25 PM

বৰ্তমান সময়ত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে কেঞ্চাৰত আক্ৰান্ত ৰোগীৰ সংখ্যা। কেৱল বয়সীয়া লোকসকলেই নহয়, যুৱচামৰ মাজতো কেঞ্চাৰৰ প্ৰকোপ বৃদ্ধি পাইছে। মহিলাসকলৰ ক্ষেত্ৰত বিশেষকৈ স্তন কেঞ্চাৰত আক্ৰান্ত ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। অৱশ্যে সমাজত সম্প্ৰতি কেঞ্চাৰ সন্দৰ্ভত সজাগতা বৃদ্ধি পোৱাটো এক শুভ লক্ষণ বুলিব পাৰি। এই ৰোগবিধৰ চিকিৎসা ব্যৱস্থাও লাহে লাহে সহজলভ্য হৈ পৰিছে। তথাপি কেঞ্চাৰ ৰোগৰ প্ৰতি অধিকাংশ লোকৰ মনতে সাধাৰণতে এক অজানা ভয়ভাৱ থাকেই। এই ভয়ভাৱক অধিক ঘণীভূত কৰি তুলিছে কেঞ্চাৰ ৰোগৰ প্ৰকোপ বৃদ্ধিয়ে।

শেহতীয়াকৈ প্ৰকাশ পোৱা এক সমীক্ষাৰ মতে নৈশ শ্বীফ্টত কাম কৰা মহিলাৰ ক্ষেত্ৰত স্তন কেঞ্চাৰ ৰোগৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়। জামা জাৰ্নেলৰ এই সমীক্ষা মতে, নিশা কাম কৰা মহিলাৰ স্তন কেঞ্চাৰ হোৱাৰ সম্ভাৱনা আন মহিলাতকৈ ৩ গুণ বেছি। এই সন্দৰ্ভত ৰেডিয়েচন অংক’লজিষ্ট ডাঃ সুদৰ্শন দেয়ে কয় যে নৈশ শ্বীফ্টত কাম কৰা মহিলাৰ কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধিৰ বহুতো কাৰণ আছে, ইয়াৰে প্ৰথমটো হ’ল মেলাটনিন উৎপাদন।

এই মেলাটনিন হৈছে এক প্ৰকাৰৰ হৰম’ন। নিশা শুই থকাৰ সময়ত এই হৰমন শৰীৰত উৎপন্ন হয়। কাৰণ এই হৰম’নে শৰীৰত কেঞ্চাৰ প্ৰতিৰোধ কৰাত সহায় কৰে। ইয়াৰ বাবে শৰীৰত কেঞ্চাৰ কোষ গঠন নহয় আৰু এই হৰম’নে টিউমাৰৰ বিকাশৰ লগত জড়িত জিনবোৰকো প্ৰভাৱিত কৰে। কিন্তু নিশা টোপনি নহ’লে এই হৰম’ন শৰীৰত উৎপন্ন নহয় আৰু ইয়াৰ ফলত কেঞ্চাৰৰ সম্ভাৱনা বৃদ্ধি পায়।

ডিউটিৰ বাবে গোটেই ৰাতি সাৰ পাই থাকিবলৈ বহু লোকে ধূমপানৰ আশ্ৰয় লয়। পৰ্যবেক্ষণ অনুসৰি নৈশ শ্বীফ্টত কাম কৰা লোকসকলে টোপনিত বাধা দিবলৈ দিনতকৈ ৰাতি বেছি ধূমপান কৰে যাতে। অত্যধিক ধূমপানে শৰীৰত কেঞ্চাৰ কোষৰ বৃদ্ধিতো সহায় কৰে। গতিকে অত্যধিক ধূমপানে কেঞ্চাৰ হোৱাৰ সম্ভাৱনাও বৃদ্ধি কৰে।

ডাঃ সুদৰ্শন দেই লগতে কয় যে দিনত কাম কৰা লোকসকলতকৈ ৰাতি কাম কৰা লোকসকলে জাংক ফুড আৰু শীতল পানীয় বেছিকৈ গ্ৰহণ কৰে। নিশা কাম কৰা লোকে নিমখীয়া বিভিন্ন পেকেজিং খাদ্য, পিজ্জা, বাৰ্গাৰ, শীতল পানীয় আদি বেছিকৈ সেৱন কৰে। যাৰ ফলত মেদবহুলতা, ডায়েবেটিছ, উচ্চ ৰক্তচাপ আদি সমস্যা বৃদ্ধি পায়। ইয়াৰ লগতে ই কেঞ্চাৰৰো সৃষ্টি কৰে।

চিকিৎসকগৰাকীয়ে লগতে জানিবলৈ দিয়া মতে নৈশ শ্বীফ্টৰ বাবে মহিলাৰ ক্ষেত্ৰত যিদৰে স্তন কেঞ্চাৰৰ সম্ভাৱনা বৃদ্ধি পায়, সেইদৰে পুৰুষৰ ক্ষেত্ৰত প্ৰষ্টেট কেঞ্চাৰৰ সম্ভাৱনা বৃদ্ধি পায়। অৱশ্যে যথেষ্ট পলমকৈ তথা অধিক বয়স হ’লেহে এনে প্ৰভাৱ দেখা যায় বুলি তেওঁ লগতে কয়। এই দুই প্ৰকাৰৰ কৰ্কট ৰোগৰ বাদে আন কৰ্কট ৰোগৰ লগত নৈশ শ্বীফ্টৰ সংযোগ এইপৰ্যন্ত পোৱা নাই বুলি তেওঁ লগতে জানিবলৈ দিয়ে।