কেঁচা নে সিজাই? স্প্ৰাউট কেনেদৰে খোৱাটো স্বাস্থ্যৰ বাবে অধিক উপকাৰী?
বহুলোকে ৰাতিপুৱাৰ খাদ্যত অংকুৰিত শস্য ( স্প্ৰাউট ) খাবলৈ ভাল পায়। ই আমাৰ স্বাস্থ্যক বাবে বিভিন্ন ধৰণে উপকাৰ কৰিব পাৰে। কিছুমানে যদি সিজাই আন কিছুমানে আকৌ কেঁচাকৈয়ে স্প্ৰাউট খাবলৈ ভাল পায়। স্প্ৰাউট খোৱাৰ সঠিক পদ্ধতি কি জানো আহক..
বুট আৰু মগুৰ পৰা তৈয়াৰ কৰা স্প্ৰাউট (অংকুৰিত শস্য)ত প্ৰ’টিনৰ লগতে বহুতো পুষ্টি থাকে। ই আমাৰ স্বাস্থ্যক বাবে বিভিন্ন ধৰণে উপকাৰ কৰিব পাৰে। বহুলোকে স্বাস্থ্যৱান হৈ থাকিবলৈ তেওঁলোকৰ খাদ্যত স্প্ৰাউট অন্তৰ্ভুক্ত কৰে।
স্প্ৰাউট ওজন হ্ৰাসৰ বাবেও লাভজনক বুলি গণ্য কৰা হয়। ইয়াৰ বাবে কিছু সময়ৰ বাবে বুট বা মগু পানীত তিয়াই ৰাখক। তাৰ পাছত ইয়াক কপাহৰ কাপোৰত বান্ধি ৰাখক। ইয়াত গজালি ওলোৱাৰ পাছত খাব পাৰে।
স্প্ৰাউটত আঁহ থাকে যি হজম উন্নত কৰে আৰু কোষ্ঠকাঠিন্যৰ সমস্যা হ্ৰাস কৰে। চালাড, চুপ, চেণ্ডউইচ, বা আন যিকোনো ব্যঞ্জনত স্প্ৰাউট অন্তৰ্ভুক্ত কৰিব পাৰি। কিন্তু আপুনি নিশ্চয় লক্ষ্য কৰিছে যে বহুলোকে গজাৰ পাছত বুট বা মগু কেঁচাই খায়। আন কিছুমানে সিজাই খাবলৈ ভাল পায়। এনে পৰিস্থিতিত ইয়াক খোৱাৰ সঠিক পদ্ধতি কি? বহুলোকে ইয়াৰ বিষয়ে চিন্তা কৰে। গতিকে ইয়াৰ বিষয়ে জনা আহক..
স্প্ৰাউট কেনেকৈ উপকাৰী?
কেঁচা স্প্ৰাউটত পুষ্টি অধিক থাকে। কেঁচা শস্যত উচ্চ পৰিমাণত আঁহ পোৱা যায়, আনহাতে কেলৰি কম থাকে। যাৰ ফলত ই ওজন হ্ৰাস কৰাত সহায়ক প্ৰমাণিত হ’ব পাৰে। কিন্তু কেঁচা স্প্ৰাউটত বিভিন্ন প্ৰকাৰৰ বেক্টেৰিয়া আৰু এনজাইম থাকিব পাৰে। যি হজমৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। আনহাতে যদি স্প্ৰাউট উতলাই খোৱা হয়, সেইবোৰ অতি কোমল হৈ পৰে আৰু হজম কৰিবলৈও সহজ হয়। সেয়েহে যিসকল লোকৰ স্বাস্থ্য সংবেদনশীল তেওঁলোকে স্প্ৰাউট সিজাই খাব পাৰে। কেঁচা স্প্ৰাউটতকৈ ইয়াক সিজাই খোৱাটো ভাল। যদি আপুনি কেঁচা স্প্ৰাউট খাব বিচাৰে, তেন্তে তাক ভালদৰে ধুব ল’ব যাতে কোনো বেক্টেৰিয়া নাথাকে।
স্প্ৰাউট ৰাতিপুৱাৰ জলপান বা স্নেকছ হিচাপেও খাব পাৰে। আপুনি ইয়াক এনেই খাব পাৰে। বেছিভাগ লোকে ইয়াত বিলাহী, পিয়াজ, ধনিয়া আৰু মচলা দি খাবলৈ ভাল পায়। ইয়াক চালাড আৰু চেণ্ডউইচত মিহলি কৰিও খাব পাৰে । গজালি ওলোৱাৰ প্ৰক্ৰিয়াৰ সময়ত ইয়াত পুষ্টিৰ স্তৰ বৃদ্ধি হয়।গজালি নোলোৱা বুট বা মগুৰ তুলনাত ইয়াত অধিক প্ৰ’টিন, ফলেট, মেগনেছিয়াম, ফছফৰাছ, মেঙ্গানিজ আৰু ভিটামিন চি আৰু কে থাকে।