শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

এনে সমস্যা আছে যদি মূলাৰ খোৱাৰ পৰা দূৰতে থাকক, অন্যথা ভুগিব পাৰে যাতনা

কিছুলোক গোন্ধৰ বাবে বিৰক্ত হ’লেও পিছে মূলাৰ গুণ অনেক। বহু পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ মূলাই দেহৰ যথেষ্ট উপকাৰিতা সাধন কৰে। বহু স্বাস্থ্যজনিত কাৰণত উপকাৰী হ’লেও মূলা পিছে কিছুমান মানুহৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।

এনে সমস্যা আছে যদি মূলাৰ খোৱাৰ পৰা দূৰতে থাকক, অন্যথা ভুগিব পাৰে যাতনা
মূলাImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 12 Oct 2025 11:16 AM

শীতকালৰ আগমনৰ লগে লগে এতিয়া ঘৰৰ বাৰী তথা বজাৰত উপলব্ধ হৈছে মূলা। বহুলোকে এই পাচলিধৰ গোন্ধৰ বাবে খাবলৈ ভাল নাপালেও পিছে অধিকাংশ লোকে ভিন্ন সুস্বাদু আঞ্জা ৰান্ধি মূলাৰ সোৱাদ লয়। কিছুলোক গোন্ধৰ বাবে বিৰক্ত হ’লেও পিছে মূলাৰ গুণ অনেক। বহু পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ মূলাই দেহৰ যথেষ্ট উপকাৰিতা সাধন কৰে। পাচনত সহায় কৰা তথা শৰীৰক বিষমুক্ত কৰাৰ পৰা আৰম্ভ কৰি ওজন হ্ৰাস কৰা, সুস্থ ছাল বজাই ৰখা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা আদি বহুতো উপকাৰিতা প্ৰদান কৰে মূলাই।

ইউনিভাৰ্চিটি অৱ ৰচেষ্টাৰ মেডিকেল চেণ্টাৰৰ মতে মূলাত ফাইবাৰ, কেলচিয়াম, মেগনেছিয়াম, ফছফৰাছ, পটাছিয়াম, চেলেনিয়াম, ভিটামিন চি, ফ’লেট আদি পুষ্টিকৰ উপাদান থাকে। ইয়াৰ উপৰিও ইয়াত কম পৰিমাণে প্ৰটিন, কাৰ্বহাইড্ৰেট, আইৰণ, জিংক, আৰু কপাৰ থাকে। বহু স্বাস্থ্যজনিত কাৰণত উপকাৰী হ’লেও মূলা পিছে কিছুমান মানুহৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।

মূলা কেঁচাকৈ খোৱাৰ লগতে নানা সুস্বাদু ব্যঞ্জনৰ ৰূপত ৰান্ধিও খাব পাৰি। শীতকালত মূলা এবিধ সুলভ পাচলি। অৱশ্যে কেৱল পাচলিৰ ৰূপতে নহয়, মূলাৰ ওপৰৰ পাত অংশ শাক হিচাপেও খাব পাৰি। ইয়াৰ উপকাৰিতা অসংখ্য যদিও কিছুমান চিকিৎসাজনিত অৱস্থাত মূলা খোৱাৰ পৰা বিৰত থাকিব লাগে। বিশেষজ্ঞৰ পৰা এই বিষয়ে অধিক জানো আহক।

থাইৰয়ডৰ সমস্যা

খাদ্য বিশেষজ্ঞসকলে কয় যে মূলাত গ’ইট্ৰ’জেন থাকে, যি থাইৰয়ড গ্ৰন্থিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। গতিকে থাইৰয়ডৰ সমস্যা থকা (হাইপোথাইৰয়ডিজম) সকলে মূলা বিশেষকৈ কেঁচাকৈ মূলা খোৱাৰ পৰা বিৰত থাকিব লাগে।

হাঁপানী ৰোগ

আয়ুৰ্বেদ বিশেষজ্ঞ কিৰণ গুপ্তাই কয় যে হাঁপানী ৰোগীয়ে মূলা সেৱন নকৰিব লাগে, কিয়নো শীতকালত তাপমাত্ৰা কমি যায় আৰু ঠাণ্ডা খাদ্যই মূলাৰ পৰা হোৱা ক্ষতি প্ৰভাৱ অধিক কৰি তুলিব পাৰে।

ভাইৰাছৰ সংক্ৰমণ

শীতকালত কাহ, ফ্লু, মূৰৰ বিষত ভুগিলে মূলা খোৱাৰ পৰা বিৰত থাকিব লাগে। বিশেষকৈ নিশা কেঁচাকৈ মূলা খোৱাৰ পৰা বিৰত থাকিব লাগে। মাইগ্ৰেইনত আক্ৰান্তসকলেও মূলা খোৱাৰ পৰা বিৰত থাকিব লাগে।

মূলা পৰঠা হ’ব পাৰে সমস্যাৰ কাৰণ

বিশেষজ্ঞসকলৰ মতে, মূলা পৰঠা গৰ্ভাৱস্থাত অতি সীমিত পৰিমাণত সেৱন কৰিব লাগে। ইয়াৰ উপৰিও উচ্চ ৰক্তচাপ থকা লোকে মূলা পৰঠা পৰিহাৰ কৰিব লাগে, কিয়নো মূলাক প্ৰথমে নিমখ দি পানী আঁতৰোৱা হয় আৰু তাৰ পিছত আটাৰ সোৱাদৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ নিমখ দিয়া হয়। তদুপৰি মূলাত ইতিমধ্যে ছডিয়ামৰ পৰিমাণ বেছি থাকে, যাৰ ফলত ৰক্তচাপ বৃদ্ধি পাব পাৰে। পাচন সংবেদনশীলতা থাকিলে মূলা পৰঠা খোৱাৰ পৰা বিৰত থাকক।