মাহেকীয়া পলম হোৱাৰ আঁৰত থাকিব পাৰে নেকি কোনো ৰোগৰ ইংগিত! বিশেষজ্ঞই দিছে গুৰুত্বপূৰ্ণ মত
মাহেকীয়াই প্ৰজনন স্বাস্থ্য আৰু হৰম’নৰ সঠিক ভাৰসাম্যৰ ইংগিত দিয়ে। নিয়মিত মাহেকীয়াই লগতে শৰীৰৰ হৰম’ন আৰু বিপাকীয় তন্ত্ৰ সঠিকভাৱে কাম কৰি থকাৰ ইংগিত দিয়ে। কিন্তু মাহেকীয়া পলম হ’লে চিন্তাৰ কাৰণ থাকে নেকি? চাওক বিশেষজ্ঞৰ মত।

মহিলাৰ মাহেকীয়া বা ঋতুস্ৰাৱ এক স্বাভাৱিক প্ৰাকৃতিক প্ৰক্ৰিয়া। মাহেকীয়াই প্ৰজনন স্বাস্থ্য আৰু হৰম’নৰ সঠিক ভাৰসাম্যৰ ইংগিত দিয়ে। সাধাৰণতে প্ৰতি ২১ৰ পৰা ৩৫ দিনৰ মূৰে মূৰে এই প্ৰক্ৰিয়াই দেখা দিয়ে। ঋতুস্ৰাৱৰ সময়ত জৰায়ুৰ আৱৰণ ছিগি যায়, যাৰ ফলত হৰম’নৰ ভাৰসাম্য অটুট থাকে। ইয়াৰ দ্বাৰা এগৰাকী মহিলাৰ সামগ্ৰিক স্বাস্থ্য, প্ৰজনন ক্ষমতা আৰু হৰম’নৰ অৱস্থা প্ৰতিফলিত হয়। নিয়মিত মাহেকীয়াই লগতে শৰীৰৰ হৰম’ন আৰু বিপাকীয় তন্ত্ৰ সঠিকভাৱে কাম কৰি থকাৰ ইংগিত দিয়ে।
কিন্তু মাহেকীয়া পলম হ’লে কেইবাটাও স্বাস্থ্যজনিত অৱস্থাৰ ইংগিত পোৱা যাব পাৰে। মাহেকীয়া পলম হোৱাৰ লগে লগে প্ৰায়ে আন কিছুমান লক্ষণ দেখা দিয়ে। ইয়াৰ ভিতৰত পেটৰ বিষ বা ক্ৰেম্প, কঁকালৰ বিষ, হঠাতে ওজন বৃদ্ধি বা কমি যোৱা, চুলি সৰা, ছালৰ পৰিৱৰ্তন, অত্যন্ত ভাগৰুৱা, টোপনি নোহোৱা, মেজাজৰ পৰিৱৰ্তন আদি।
সেয়ে মাহেকীয়াৰ নিয়মীয়া সময় মনত ৰখা আৰু যিকোনো অস্বাভাৱিক পৰিৱৰ্তন লক্ষ্য কৰি থকাটো অতি গুৰুত্বপূৰ্ণ। ইয়াৰ দ্বাৰা সম্ভাৱ্য স্বাস্থ্যজনিত সমস্যাসমূহ আগতীয়াকৈ চিনাক্ত কৰাত সহায়ক হ’ব পাৰে আৰু সোনকালে চিকিৎসা আৰম্ভ কৰিব পাৰি।
পলম হোৱাৰ কাৰণ আৰু সম্ভাৱ্য ৰোগ
আৰ এম এল হাস্পতালৰ সহকাৰী অধ্যাপক ডাঃ ছালনী চদ্ধাই উল্লেখ কৰা মতে কেইবাটাও কাৰণত মাহেকীয়া নিৰ্দিষ্ট সময়তকৈ পিছত হ’ব পাৰে। ইয়াৰ আটাইতকৈ সাধাৰণ কাৰণ হ’ল হৰম’নৰ ভাৰসাম্যহীনতা, উদাহৰণস্বৰূপে শৰীৰৰ ইষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰন হৰম’নৰ মাত্ৰা অনুকূল নহ’লে মাহেকীয়া পলমকৈ হ’ব পাৰে।
থাইৰয়ডৰ সমস্যা, পলিচিষ্টিক অভাৰী চিনড্ৰম (PCOS), ৰক্তহীনতা, অতিৰিক্ত ওজন, মানসিক চাপ আৰু দুৰ্বল জীৱনশৈলী আদিয়েও মাহেকীয়াৰ সময়ত প্ৰভাৱ পেলাব পাৰে। যিসকল মহিলাই কঠোৰ শাৰীৰিক কাৰ্যকলাপত লিপ্ত হয়, হৰম’নৰ ঔষধ খায় তথা দীৰ্ঘম্যাদী হৰম’ন থেৰাপী গ্ৰহণ কৰে, তেওঁলোকৰ মাহেকীয়া পলম হোৱাৰ সম্ভাৱনা থাকে।
গৰ্ভাৱস্থা, স্তনপান কৰোৱা মহিলা আৰু কিছুমান গুৰুতৰ ৰোগ যেনে ডায়েবেটিছ বা যকৃতৰ সমস্যা আদিয়েও মাহেকীয়াত প্ৰভাৱ পেলাব পাৰে। গতিকে পিৰিয়ড পলম হ’লে তৎকালীনভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি প্ৰয়োজনীয় পৰীক্ষা কৰা আৰু জীৱনশৈলীৰ সালসলনি কৰাটো অতি গুৰুত্বপূৰ্ণ।
এইবোৰ কথা ভালদৰে বিবেচনা কৰক:
স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক।
নিয়মিতভাৱে লঘু ব্যায়াম বা যোগাসন কৰক।
পৰ্যাপ্ত টোপনি লওক আৰু মানসিক চাপ কম কৰক।
ওজন কমোৱাৰ ওপৰত গুৰুত্ব দিয়ক।
চিকিৎসকৰ পৰামৰ্শ মতেহে হৰম’নযুক্ত ঔষধ খাব লাগে।
মাহেকীয়াৰ নিয়মিত সময়খিনি মনত ৰাখক আৰু যিকোনো পৰিৱৰ্তন নিৰীক্ষণ কৰক।
নিয়মিতভাৱে থাইৰয়ড আৰু হৰম’নৰ পৰীক্ষা কৰাব লাগে।