ডাক বিভাগৰ সৈতে ইছৰোৱে বান্ধিলে যুটি, দেশবাসীৰ ‘ঠিকনা’ত ঘটিব পৰিৱৰ্তন!
ইছৰো আৰু ডাক বিভাগৰ কাৰ্যক্ষেত্ৰ সম্পূৰ্ণ পৃথক। পিছে তাৰ পিছতো এই দুই সংস্থা একেলগ হোৱাৰ কাৰণ কি? এই প্ৰশ্নৰ উদ্ৰেক হোৱাটোও অস্বাভাৱিক নহয়। অৱশ্যে এই প্ৰশ্নৰ উত্তৰো পোহৰলৈ আহিছে।

ভাৰতীয় ডাক বিভাগৰ সৈতে হাত মিলাইছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, চমুকৈ ইছৰোৱে। স্বাভাৱিকতেই এনে খবৰ আপোনাক কিছুসময়লৈ হ’লেও ভবাই তুলিব। কিয়নো ইছৰো আৰু ডাক বিভাগৰ কাৰ্যক্ষেত্ৰ সম্পূৰ্ণ পৃথক। পিছে তাৰ পিছতো এই দুই সংস্থা একেলগ হোৱাৰ কাৰণ কি? এই প্ৰশ্নৰ উদ্ৰেক হোৱাটোও অস্বাভাৱিক নহয়। অৱশ্যে এই প্ৰশ্নৰ উত্তৰো পোহৰলৈ আহিছে। কাৰ্যক্ষেত্ৰ পৃথক হ’লেও ইছৰো আৰু ডাক বিভাগে একেলগে কৰিব এক বিশেষ কাম।
প্ৰকাশিত খবৰ অনুসৰি, ইছৰোৰ সহযোগিতাৰে ডাক বিভাগে প্ৰস্তুত কৰিছে ১০ অংকৰ পিন ক’ড। কিন্তু এই পিনটো কি কামত ব্যৱহাৰ কৰা হ’ব? এই নতুন সৃষ্টিয়ে ডাক বিভাগৰ ডেলিভাৰীৰ অধিক উন্নতি সাধন কৰিব। এতিয়া ঘৰৰ ঠিকনাত আগৰ দৰে কোনো ছয় অংকৰ পিন যোগ কৰা নহ’ব।
এতিয়া ঠিকনাৰ ক্ষেত্ৰত দেখা যাব ডিজিটেল টাচ থকা ডিজিপিন। এই ডিজিপিন সৃষ্টি কৰিছে ইছৰোৰ নেশ্যনেল ৰিম’ট চেঞ্চিং চেণ্টাৰে। আই আই টি হায়দৰাবাদৰ সৈতে সহযোগিতাৰে এই উদ্ভাৱন কৰা হৈছে। সম্প্ৰতি কোনো অঞ্চলৰ পিন ক’ড হিচাপে থাকে ছয় অংকৰ নম্বৰ। পিছে এইবাৰ ভাৰতীয় ডাক বিভাগে এয়া সলনি কৰিলে।
পিন ক’ডৰ সৈতে এতিয়া ১০ অংকৰ ‘ডিজিপিন’ সংযোজন কৰিছে। ইয়াৰ দ্বাৰা যিকোনো ডেলিভাৰীৰ ঠিকনাটো অধিক সঠিক হ’ব। সাধাৰণতে পুৰণি ছয় সংখ্যাৰ পিন ক’ডে এটা বিশেষ অঞ্চলৰ এটা বৃহৎ অংশ চিনাক্ত কৰে। কিন্তু ডিজিপিন যথেষ্ট অত্যাধুনিক হ’ব। ডিজিপিন কেৱল সংখ্যাৰে নহয়, আলফানিউমেৰিক কেৰেক্টাৰৰ দ্বাৰাও প্ৰস্তুত হ’ব।
অৰ্থাৎ এই ডিজিপিনত সংখ্যা আৰু বৰ্ণমালা থাকিব। সঠিক ঠিকনা ডাক কৰ্মীৰ ওচৰত দাখিল কৰা হ’ব। সংবাদ সংস্থা ANI- ৰ সৈতে হোৱা এক বাৰ্তালাপত ভাৰতীয় ডাক বিভাগৰ উপ-সঞ্চালক প্ৰধান বিকাশ দক্ষই এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ কয়, “১৯৭২ চনত এই ছয় সংখ্যাৰ পিন ক’ড প্ৰৱৰ্তন কৰা হৈছিল। আগতে এই পিন ক’ড ব্যৱহাৰ কৰি ডাক কৰ্মীসকলে প্ৰতিটো ঘৰত উপস্থিত হৈছিল।”
“কিন্তু এতিয়া আমি এটা ঠিকনাত উপস্থিত হ’বলৈ বিভিন্ন জিপিএছ মাধ্যম ব্যৱহাৰ কৰিব লাগে। সেইবাবেই এই নতুন ডিজিপিনটো সৃষ্টি কৰা হৈছে। ইয়াৰ জৰিয়তে দেশৰ প্ৰতিটো ঠিকনা ১০ অংকৰ আলফানিউমেৰিক নম্বৰৰ ঠিকনালৈ ৰূপান্তৰিত কৰা হৈছে।”- এইদৰে কয় ভাৰতীয় ডাক বিভাগৰ উপ-সঞ্চালক প্ৰধান বিকাশ দক্ষই।