ধনতেৰাচত এনে সামগ্ৰী ঘৰলৈ আনিলে পাব দেৱী লক্ষ্মীৰ আশীৰ্বাদ

12 Oct 2025

TV9 ASSAM

সমাগত ধনতেৰাচ উৎসৱ। এই দিনটোত দেৱতা কুবেৰ আৰু দেৱী লক্ষ্মীক পূজা কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি এই দিনটোত দেৱী লক্ষ্মীক আন্তৰিকতাৰে পূজা কৰিলে সকলো সমস্যা সমাধান হয়।

ধনতেৰাচ

বৈদিক পঞ্জিকা অনুসৰি ১৮ অক্টোবৰৰ নিশা ১২:১৮ বজাৰ পৰা কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তিথি আৰম্ভ হৈ ১৯ অক্টোবৰৰ দুপৰীয়া ১:৫১ বজাত শেষ হ'ব। সেয়ে ১৮ অক্টোবৰত ধনতেৰাচ উৎসৱ পালন কৰা হ’ব।

ধনতেৰাচ কেতিয়া

ধনতেৰাচৰ দিনা কিছুমান বিশেষ বস্তু ঘৰলৈ অনাটো অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ দ্বাৰা নিৰাপদ আৰু সুৰক্ষিত ভৱিষ্যত সুনিশ্চিত হোৱাৰ লগতে দেৱী লক্ষ্মীৰ আগমন সুনিশ্চিত হয় বুলি বিশ্বাস।

সামগ্ৰী ক্ৰয়

ধনতেৰাচৰ দিনা সোণ-ৰূপ ঘৰলৈ অনাটো অতি শুভ বুলি গণ্য কৰা হয়। এই দিনটোত সোণ-ৰূপ ক্ৰয় কৰিলে লক্ষ্মী দেৱীৰ আশীৰ্বাদ লাভ কৰে আৰু শুভ ফল কঢ়িয়াই আনে বুলি ধৰ্মীয় বিশ্বাস প্ৰচলিত।

সোণ-ৰূপ

ধনতেৰাৰ দিনা লক্ষ্মী দেৱী আৰু কুবেৰ দেৱতাৰ মূৰ্তি ঘৰলৈ আনিব লাগে। এনে কৰিলে দেৱী লক্ষ্মী আৰু কুবেৰ দেৱতাৰ আশীৰ্বাদ লাভ কৰে আৰু সকলো কামনা পূৰণ হয় বুলি কোৱা হয়।

দেৱ-দেৱীৰ মূৰ্তি

ধনতেৰাচৰ দিনা যিসকলো লোকে ঘৰলৈ পিতলৰ বাচন-বৰ্তন আনিব, তেওঁৰ ধন-সম্পত্তি বৃদ্ধি হোৱাৰ লগতে অসম্পূৰ্ণ যিকোনো কাম সম্পূৰ্ণ হয় বুলি ধৰ্মীয় বিশ্বাস প্ৰচলিত।

পিতলৰ বাচন

ধনতেৰাচত হালধীয়া কড়ী ঘৰলৈ আনিব লাগে। এনে কৰিলে ঘৰত কেতিয়াও আৰ্থিক অভাৱ নহয় আৰু লগতে সুখ তথা সৌভাগ্যৰ আগমন ঘটে বুলি কোৱা হয়।

হালধীয়া কড়ী

এই লেখাটোত উল্লেখ কৰা দিশসমূহ ধৰ্মীয় বিশ্বাস আৰু লোক বিশ্বাসৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। TV9 Assam- এ ইয়াৰ কোনো নিশ্চয়তা প্ৰদান কৰা নাই।

বিশেষ দ্ৰষ্টব্য

পঢ়িবলৈ ক্লিক কৰক 

ডায়েবেটিছ ৰোগীয়ে নিশা আহাৰ খাব লাগে নে