সেই চাৰিগৰাকী মাৰ্কিন ৰাষ্ট্ৰপতি, যি লাভ কৰিছিল শান্তিৰ নোবেল বঁটা
যদিও ট্ৰাম্পে শান্তিৰ নোবেল বঁটা লাভ নকৰিলে, তথাপিও ইয়াৰ পূৰ্বে আমেৰিকাৰ চাৰিগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে লাভ কৰিছিল এই বঁটা। কি কাৰণত তেওঁলোকক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল? তেওঁলোকে কি কৰিলে? এবাৰ চাওঁ আহক-
এইবাৰৰ নোবেল বঁটাৰ কোনটো শিতানে আটাইতকৈ বেছি মনোযোগ আকৰ্ষণ কৰিছিল? এই প্ৰশ্নৰ উত্তৰ নিশ্চয় সকলোৱে জানে। ইয়াৰ আঁৰত আছে মাত্ৰ এজন মানুহ। তেওঁ হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। ৰাজনীতিবিদ, কূটনীতিবিদৰ পৰা আৰম্ভ কৰি সাধাৰণ মানুহলৈকে প্ৰায় সকলোৱেই কৌতুহলী আছিল শান্তিৰ নোবেল বঁটাৰ প্ৰতি। চলিত বৰ্ষৰ এই বঁটা ঘোষণাৰ পূৰ্বে বিভিন্ন মহলত শান্তিৰ নোবেল বঁটা কোনে লাভ কৰিব সেই সন্দৰ্ভত তুংগত আছিল জল্পনা-কল্পনা। কাৰণ, ট্ৰাম্পে নিজেই দাবী কৰিছিল যে তেওঁ শান্তিৰ নোবেল বঁটা লাভ কৰিব লাগে।
ট্ৰাম্পৰ যুক্তি হ’ল আঠখন যুদ্ধ বন্ধ কৰিছে তেওঁ। শেষত অৱশ্যে ট্ৰাম্পৰ ভাগ্য সলনি নহ’ল। এইবাৰৰ শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হয় ভেনিজুৱেলাৰ মাৰিয়া ক’ৰিনা মাচাডোক। শান্তিৰ পৰিৱৰ্তে ৰাজনীতিৰ প্ৰতিহে চকু ৰাখিছে ট্ৰাম্প প্ৰশাসনে। যদিও ট্ৰাম্পে শান্তিৰ নোবেল বঁটা লাভ নকৰিলে, তথাপিও ইয়াৰ পূৰ্বে আমেৰিকাৰ চাৰিগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে লাভ কৰিছিল এই বঁটা। কি কাৰণত তেওঁলোকক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল? তেওঁলোকে কি কৰিলে? এবাৰ চাওঁ আহক-
আমেৰিকাৰ চাৰিগৰাকী ৰাষ্ট্ৰপতিয়ে লাভ কৰিছিল শান্তিৰ নোবেল বঁটা –
১৯০১ চনৰ পৰা প্ৰদান কৰা হৈছিল নোবেল বঁটা। এই ১২৫ বছৰত আমেৰিকাৰ চাৰিজন ৰাষ্ট্ৰপতিয়ে লাভ কৰিছে শান্তিৰ নোবেল বঁটা। তেওঁলোক ক্ৰমে থিয়ডৰ ৰুজভেল্ট, উড্ৰ’ উইলছন, জিমি কাৰ্টাৰ আৰু বাৰাক ওবামা। চাৰিজনৰ ভিতৰত তিনিজনে কাৰ্যভাৰত থকাৰ সময়তে লাভ কৰে এই পুৰস্কাৰ।