স্তনৰ এনে অৱস্থাও হ’ব পাৰে নেকি কেঞ্চাৰৰ লক্ষণ! বিশেষজ্ঞই পৰামৰ্শই সতৰ্ক কৰিব আপোনাক
স্তন কেঞ্চাৰৰ আটাইতকৈ সাধাৰণ লক্ষণ হ’ল স্তনত হোৱা টিউমাৰ। আগতীয়াকৈ এনে লক্ষণ ধৰা পেলাব পাৰিলে আৰু সময়মতে চিকিৎসা কৰিলে সুস্থ হৈ উঠাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাব পাৰে। পিছে স্তনৰ সকলো টেমুনাই কেঞ্চাৰৰ লক্ষণ নেকি? জানো আহক এইবিষয়ে।

শেহতীয়া সময়ছোৱাত স্তন কেঞ্চাৰত আক্ৰান্ত ৰোগী ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ তথ্য অনুসৰি প্ৰতি বছৰে বিশ্বৰ লাখ লাখ মহিলা এই ৰোগত আক্ৰান্ত হয়। স্তন কেঞ্চাৰত আক্ৰান্ত মহিলাৰ স্তনৰ কোষবোৰ অস্বাভাৱিকভাৱে বৃদ্ধি হৈ গোট মাৰে বা টিউমাৰ গঠন কৰে। অৰ্থাৎ স্তন কেঞ্চাৰৰ আটাইতকৈ সাধাৰণ লক্ষণ হ’ল স্তনত হোৱা টিউমাৰ। আগতীয়াকৈ এনে লক্ষণ ধৰা পেলাব পাৰিলে আৰু সময়মতে চিকিৎসা কৰিলে সুস্থ হৈ উঠাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাব পাৰে।
স্তন কেঞ্চাৰৰ কাৰণসমূহৰ ভিতৰত জিনীয় কাৰক, হৰম’নৰ পৰিৱৰ্তন, বয়স, মেদবহুলতা, অস্বাস্থ্যকৰ খাদ্যাভ্যাস, জীৱনশৈলীৰ দুৰ্বল অভ্যাস আদি অন্যতম। ধূমপান, মদ্যপান, দীৰ্ঘদিনীয়া হৰম’ন থেৰাপীয়েও এই সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। গতিকে কেঞ্চাৰৰ দৰে ৰোগৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ এনে দিশসমূহৰ প্ৰতি লক্ষ্য ৰখা উচিত।
সাধাৰণতে স্তনত হোৱা টিউমাৰৰ লগতে স্তনৰ আকৃতিৰ পৰিৱৰ্তন, ছালৰ দাগ বা ছাল টানি ধৰা, ছাল ডাঠ বা ৰঙা পৰা, স্তন বা নিপলৰ পৰা অস্বাভাৱিক স্ৰাৱ ওলোৱা, স্তনৰ বিষ, নিপল ভিতৰলৈ সোমাই যোৱা ইত্যাদি স্তন কেঞ্চাৰৰ লক্ষণ হ’ব পাৰে। গতিকে আগতীয়াকৈ ধৰা পেলোৱাৰ বাবে নিয়মীয়াকৈ চিকিৎসা পৰীক্ষা কৰাটো অতি গুৰুত্বপূৰ্ণ।
স্তনত টেমুনা হোৱা মানেই স্তন কেঞ্চাৰৰ লক্ষণ নেকি?
আৰ এম এল হাস্পতালৰ সহকাৰী অধ্যাপক ডাঃ ছালনী চদ্ধাই জানিবলৈ দিয়া মতে স্তনৰ প্ৰতিটো টেমুনাই কেঞ্চাৰ নহয়। মহিলাৰ স্তনত বিভিন্ন কাৰণত যেনে– চিষ্ট, ফাইব্ৰ’এডিনোমা বা সংক্ৰমণৰ বাবে টেমুনা গঠন হ’ব পাৰে। এইবোৰ সাধাৰণতে বিনাইন, অৰ্থাৎ কেঞ্চাৰ নহয়। কেঞ্চাৰ ৰোগ সাধাৰণতে বিষহীন আৰু সময়ৰ লগে লগে আকাৰ বৃদ্ধি পাব পাৰে।
ডাঃ ছালনী চদ্ধাই অৱশ্যে স্তনত হোৱা যিকোনো টিউমাৰক সহজভাৱে ল’ব নালাগে আৰু সময়মতে চিকিৎসকৰ পৰামৰ্শ মতে আল্ট্ৰাছাউণ্ড, মেম’গ্ৰাফী বা আন প্ৰয়োজনীয় চিকিৎসা পৰীক্ষা কৰিব নালাগে বুলি পৰামৰ্শ দিয়ে। স্তনত টেমুনা হোৱা মানেই বিপজ্জনক নহয় যদিও সাৱধানতা অতি প্ৰয়োজনীয় বুলি তেওঁ দোহাৰে।
এনে দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখিবঃ
নিয়মীয়াকৈ স্ব-স্তন পৰীক্ষা কৰা।
স্তনৰ কোনো টিউমাৰ বা আন পৰিৱৰ্তনক আওকাণ নকৰিব।
বিশেষকৈ ৪০ বছৰৰ ওপৰৰ মহিলাসকলে নিয়মীয়াকৈ চিকিৎসকৰ পৰামৰ্শ লওক।
স্বাস্থ্যসন্মত জীৱনশৈলী তথা খাদ্যাভ্যাস অনুসৰণ কৰক, নিয়মিতভাৱে ব্যায়াম কৰক।
ধূমপান আৰু মদ্যপান পৰিহাৰ কৰক।
বিশেষকৈ যদি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ পূৰ্বে এনে ৰোগ আছিল, তেতিয়া সাৱধান হওক।