শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পৰকীয় প্ৰেম, ১ লাখ টকাৰ চুপাৰি! পত্নীৰ সমুখতে ডিঙি কাটিলে স্বামীৰ, তাৰ পিছত জংঘলত…

আৰক্ষীয়ে যোদেশক বিচাৰি চলোৱা অভিযানৰ মাজতে পিলখুৱা অঞ্চলৰ এখন হাবিত উদ্ধাৰ কৰে তেওঁৰ মৃতদেহ। ব্রিজপালে যোগেশৰ পত্নী আৰু প্রেমিক আশীষক হত্যাৰ সন্দেহ কৰে ৷ লগতে দুয়োৰে বিৰুদ্ধে গোচৰ ৰুজু কৰে।

পৰকীয় প্ৰেম, ১ লাখ টকাৰ চুপাৰি! পত্নীৰ সমুখতে ডিঙি কাটিলে স্বামীৰ, তাৰ পিছত জংঘলত…
প্ৰেমিকৰ সৈতে লগ লাগি ভয়ংকৰ কাণ্ড পত্নীৰ
trishna-kalita
Trishna Kalita | Published: 12 Oct 2025 12:30 PM

আকৌ ৰাজা ৰঘূবংশী-সোণম কাণ্ডৰ পুনৰাবৃত্তি। পৰকীয় প্ৰেমৰ বাবে চুপাৰি কিলাৰ লগাই স্বামীক হত্যা আন এগৰাকী মহিলাৰ। উত্তৰ প্ৰদেশৰ গাজিয়াবাদত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ডই সকলোকে আচৰিত কৰি তুলিছে। প্ৰেমিকৰ সৈতে লগ লাগি ভয়ংকৰ কাণ্ড পত্নীৰ। হত্যাকাণ্ডৰ বাবে তেওঁ এক লাখ টকাৰ চুপাৰি দিছিল। আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে মৃত ব্যক্তিজনৰ পত্নী আৰু প্ৰেমিকক।

যোৱা ৮ অক্টোবৰত বিজনোৰৰ বাসিন্দা ব্রিজপালে নিজৰ ভাতৃ যোগেশ (৩৫) নিৰুদ্দেশ হোৱাৰ ৰিপৰ্ট দাখিল কৰে। আৰক্ষীয়ে যোদেশক বিচাৰি চলোৱা অভিযানৰ মাজতে পিলখুৱা অঞ্চলৰ এখন হাবিত উদ্ধাৰ কৰে তেওঁৰ মৃতদেহ। ব্রিজপালে যোগেশৰ পত্নী আৰু প্রেমিক আশীষক হত্যাৰ সন্দেহ কৰে ৷ লগতে দুয়োৰে বিৰুদ্ধে গোচৰ ৰুজু কৰে।

ব্রিজপালে আৰক্ষীক জনোৱা মতে, যোগেশ আৰু পূজাৰ বিবাহ ২০১৩ চনত হৈছিল।তেওঁলোকৰ দুটা সন্তান আছে। আশীষ নামৰ এজন লোকৰ লগত পূজাৰ প্ৰেমৰ সম্পৰ্ক আছিল। যোগেশ আৰু পূজাৰ মাজত প্ৰায়ে আশীষক লৈ কাজিয়া হৈছিল। পূজাই যোগেশক মুকলিকৈ ভয়ংকৰ পৰিণতিৰ ভাবুকি দিছিল। যোগেশ আৰু পূজাই লিংক ৰোড অঞ্চলৰ সাহিবাবাদ গাঁৱত দুই সন্তানৰ সৈতে ভাড়াতীয়া হিচাপে বাস কৰিছিল।

আৰক্ষীৰ মতে, পূজাৰ পূৰ্বে সুখদেৱ নামৰ এজন লোকৰ সৈতে সম্পৰ্ক আছিল। সুখদেৱ আৰু আশীষৰ বন্ধু আছিল। দুয়োজনে কৰ্ণাটকৰ এটা টাৱাৰ ইনষ্টলেচন কোম্পানীত কাম কৰিছিল। প্ৰায় দুবছৰ আগতে সুখদেৱ আৰু পূজাৰ কোনো এটা বিষয়ক লৈ বিচ্ছেদ হৈছিল। সুখদেৱে আশীষক পূজাৰ নম্বৰটো দি লগ কৰিবলৈ ক’লে। ফোনত হোৱা কথা-বতৰাৰ সময়তে পূজাৰ লগত আশীষৰ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। তাৰ পিছত তেওঁ কৰ্ণাটকৰ চাকৰি এৰি উভতি আহে। প্ৰায় এবছৰ ধৰি পূজাৰ সৈতে লিভ-ইন ৰিলেচনত আছিল আশীষ। এই সময়ছোৱাত দুয়োজনে পূজাৰ স্বামীক হত্যা কৰাৰ পৰিকল্পনা ৰচনা কৰে।

আৰক্ষীৰ তদন্তৰ সময়ত পূজাই পৰিয়ালৰ পৰা কিছু মাটি উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা বুলি জানিব পৰা যায়। যি মাটি বিক্ৰী কৰি বেংকত ধন জমা কৰে। প্ৰয়োজন সাপেক্ষে তেওঁ টকা উলিয়াই আনিছিল। যোগেশে আশীষৰ লগত পত্নীৰ সম্পৰ্কৰ কথা গম পাই আপত্তি কৰিলে। পূজাই যোগেশৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিছিল, কিন্তু ল’ৰা-ছোৱালীৰ বাবে যোগেশে নাকচ কৰিছিল। ইয়াৰ পিছতে পূজাই এজন অধিবক্তাৰ জৰিয়তে যোগেশৰ পৰা বিবাহ বিচ্ছেদ লাভৰ প্ৰচেষ্টা আৰম্ভ কৰে। তেওঁ আশীষৰ লগতে যোগেশৰ হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিবলৈ ধৰিলে।

এচিপিয়ে উল্লেখ কৰে যে , যোগেশে বিজনুৰত পূজাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। পূজাই এই গোচৰটো গাজিয়াবাদ আদালতলৈ হস্তান্তৰ কৰাটো বিচাৰিছিল। এই ষড়যন্ত্ৰৰ অংশ হিচাপে ১৩ ছেপ্টেম্বৰত যোগেশক বিজনুৰলৈ মাতি অনা হয় আৰু  প্ৰবীণ নামৰ এজন ব্যক্তিক তেওঁৰ ফটো দি হত্যা কৰিবলৈ কোৱা হয়। বিজনুৰত প্ৰবীনে যোগেশক বিচাৰি উলিয়াব পৰা নাছিল। ইয়াৰ পিছত ১৫ ছেপ্টেম্বৰত যোগেশক সাহিবাবাদৰ আশীষৰ কোঠালৈ গৈ পূজাৰ বস্তু আনিবলৈ কৈছিল, কিন্তু যোগেশে তালৈ যোৱা নাছিল।

পূজা আৰু আশীষে এক লাখ টকাৰ চুক্তিত চন্দ্ৰপাল নামৰ এজনক হত্যাৰ বাবে চুপাৰি দিছিল। আগতিয়াকৈ ৭ হাজাৰ টকাও দিছিল। তাৰ পিছত চন্দ্ৰপালে নিজৰ সংগী প্ৰবীণক এই অপৰাধত জড়িত কৰিছিল। ২৪ ছেপ্টেম্বৰত যোগেশে পূজাক বাইকেৰে পিলখুৱাত উপস্থিত হ’ল। সেই সময়ত আশীষ তেওঁৰ লগত আছিল।

চন্দ্ৰপাল আৰু প্ৰবীনে ওচৰতে লুকাই আছিল। ইফালে চন্দ্ৰপালে পিছফালৰ পৰা আহি পেপাৰ কাটাৰেৰে যোগেশৰ ডিঙিত আঘাত কৰে। যোগেশ জংঘলৰ ভিতৰলৈ দৌৰি যায়। তাৰ পিছত যোগেশৰ ডিঙি কাটি পেলালে। পূজাই বিচাৰিছিল যোগেশৰ ডিঙি তেওঁৰ চকুৰ সন্মুখত কটা হওক। যোগেশৰ ডিঙি কটাতো তেওঁ থিয় হৈ চাই থাকিল। তেওঁৰ স্বামীৰ প্ৰতি কোনো দয়া প্ৰকাশ কৰা নাছিল। আৰক্ষীয়ে জনোৱা মতে, যোগেশৰ মৃতদেহটো জীৱ-জন্তুৱে ছিন্ন-বিছিন্ন কৰি পেলোৱাৰ ফলত মাত্ৰ কংকালহে বাকী আছিল। তেওঁৰ কাপোৰ আৰু ওচৰতে উদ্ধাৰ হোৱা এখন বাইকৰ পৰাই তেওঁক চিনাক্ত কৰা হয়।