গুপ্তাংগৰ নোম আঁতৰোৱাটো উচিত নে অনুচিত? কি কয় বিশেষজ্ঞসকলে
আমাৰ শৰীৰৰ প্ৰতিটো অংগৰ দৰে ব্যক্তিগত অংশও পৰিস্কাৰ-পৰিচ্ছন্নকৈ ৰখাটো অতি গুৰুত্বপূৰ্ণ। এই অংশটো অতি সংবেদনশীল, গতিকে ইয়াত সংক্ৰমণৰ আশংকা বেছি। বিশেষকৈ ঘাম, বেক্টেৰিয়া আৰু মলি জমা হ’লে বহু ধৰণৰ ছালৰ সমস্যা হ’ব পাৰে। বহুতে এই অংশৰ নোম আঁতৰাই, কিন্তু এয়া উচিত নে? বিশেষজ্ঞসকলৰ পৰা জানো আহক...

বহুলোকে আমাৰ শৰীৰৰ ব্যক্তিগত অংশৰ কথা ক’বলৈ লাজ কৰে। শৰীৰৰ ব্যক্তিগত অংশত নোম বা চুলি থকাটো এক স্বাভাৱিক জৈৱিক প্ৰক্ৰিয়া, যিটো “Pubic hair” বা যৌনাঙ্গৰ নোম হিচাপে জনা যায়। বহুতে এই নোম আঁতৰোৱাটো সঠিক বুলি গণ্য কৰে, আনহাতে আন কিছুমানে ইয়াক শৰীৰৰ প্ৰাকৃতিক সুৰক্ষা বুলি বিবেচনা কৰে। প্ৰশ্ন হয়, সেইবোৰ আঁতৰোৱাটো উচিত নে অনুচিত? চিকিৎসকৰ মতে শৰীৰৰ ব্যক্তিগত অংশৰ নোম সম্পূৰ্ণৰূপে আঁতৰাই পেলোৱাটো উচিত নহয় যদিও পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়।
কানপুৰৰ জি এছ ভি এম মেডিকেল কলেজৰ ছালৰ বিশেষজ্ঞ ডাঃ যুগল ৰাজপুতে কয় যে, শৰীৰৰ ব্যক্তিগত অংগৰ চাৰিওফালে থকা নোমবোৰ সময়ে সময়ে চাফা কৰিব লাগে। দীৰ্ঘদিন ধৰি তাত ঘাম আৰু মলি জমা হ’ব পাৰে, যাৰ ফলত বেক্টেৰিয়া বা ভেঁকুৰৰ সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়।
যদি এই নোম দীঘল হয় আৰু পৰিস্কাৰ নহয়, তেন্তে এই অংশত দুৰ্গন্ধ, খজুৱতি, ফোহা আৰু সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়। গ্ৰীষ্ম আৰু বাৰিষা কালত এই বিপদ আৰু বৃদ্ধি পায় কাৰণ ঘাম চুলিত আবদ্ধ হৈ পৰে আৰু বেক্টেৰিয়াক প্ৰসাৰিত কৰে।
যদি আপুনি নোম আঁতৰাব বিচাৰে তেন্তে অতি সাৱধান হোৱাটো গুৰুত্বপূৰ্ণ। ভুল পদ্ধতিৰে নোম আঁতৰাই দিলে ছাল কটা বা ফোহা ওলাব পাৰে। যাৰ ফলত পিছত ঘাৰ স্ষ্টি হৈ সংক্ৰমণ হ’ব পাৰে। বিশেষকৈ শৰীৰৰ কোমল অংশত সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়।
বিশেষজ্ঞসকলৰ মতে, নোম আঁতৰোৱাৰ পূৰ্বে চুলি ট্ৰিম কৰক। তাৰ পিছত কুহুমীয়া পানীৰে গা ধুই ভাল মানৰ শ্বেভিং ক্ৰীম বা জেল ব্যৱহাৰ কৰক। যিসকল লোকৰ ছাল অধিক সংবেদনশীল, তেওঁলোকে শ্বেভিং বা ৱেক্সিং কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। ভুল প্ৰডাক্ট ব্যৱহাৰ কৰিলে বা ভুল পদ্ধতিৰে নোম আঁতৰালে ছালৰ এলাৰ্জী, জ্বলন আৰু ভেঁকুৰৰ সংক্ৰমণ হ’ব পাৰে।
যদি নোমবোৰ বেছি দীঘল নহয় আৰু আপুনি নিয়মিতভাৱে এই অংশ পৰিষ্কাৰ কৰে, তেন্তে ইয়াক আঁতৰোৱাৰ প্ৰয়োজন নাই। এই স্পৰ্শকাতৰ অংশটো পৰিষ্কাৰ আৰু শুকান কৰি ৰখাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। ইয়াৰ ফলত ছালৰ যিকোনো ধৰণৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি।