শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্ৰষ্টেট কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? ইয়াৰ কাৰণ আৰু চিকিৎসা সম্পৰ্কে জানক…

যদি প্ৰষ্টেট কেন্সাৰ আগতীয়াকৈ চিনাক্ত হয়, তেন্তে ইয়াৰ চিকিৎসা সম্ভৱ। কিন্তু ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহ খুব কমেইহে দেখা যায়, যদি সময়মতে চিনাক্ত হয়, তেন্তে চিকিৎসকৰ বাবে ইয়াৰ চিকিৎসা কৰাটো সহজ হৈ পৰে। যাৰ বাবে ৰোগীয়েও সকাহ পাব পাৰে। প্ৰষ্টেট কেন্সাৰৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ বিষয়ে বিশেষজ্ঞৰ পৰা জানো আহক:-

প্ৰষ্টেট কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? ইয়াৰ কাৰণ আৰু চিকিৎসা সম্পৰ্কে জানক…
Prostate Cancer, Illustration
trishna-kalita
Trishna Kalita | Published: 14 Jun 2025 15:05 PM

প্ৰষ্টেট কেন্সাৰ হৈছে পুৰুষৰ প্ৰষ্টেট গ্ৰন্থিত হোৱা কৰ্কট ৰোগ। এই গ্ৰন্থি পুৰুষৰ প্ৰজনন তন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ অংগ। মূত্ৰাশয়ৰ তলত প্ৰষ্টেট গ্ৰন্থি থাকে। ইয়াৰ প্ৰধান কাম হৈছে বীৰ্য প্ৰস্তুত কৰাত সহায় কৰা। সাধাৰণতে প্ৰষ্টেট গ্ৰন্থিৰ আকাৰ আখৰোটৰ দৰে হয়, কিন্তু যেতিয়া ইয়াৰ কোষবোৰ অনিয়ন্ত্ৰিতভাৱে বিভাজিত হ’বলৈ আৰম্ভ কৰে আৰু ইয়াৰ আকাৰ অস্বাভাৱিকভাৱে বৃদ্ধি পাবলৈ আৰম্ভ কৰে। তেতিয়া ইয়াক প্ৰষ্টেট কেন্সাৰৰ আৰম্ভণি হিচাপে চাব পাৰি। প্ৰষ্টেট কেন্সাৰৰ ক্ষেত্ৰত বিশেষজ্ঞসকলে কি পৰামৰ্শ দিয়ে জানো আহক।

বয়সস্থ কালত হোৱা অন্যতম ৰোগ প্ৰষ্টেট কেন্সাৰ। সাধাৰণতে এই ৰোগ ৫০ বছৰ বা তাতকৈ অধিক বয়সৰ পুৰুষৰ ক্ষেত্ৰত দেখা যায়। যদিও ইয়াৰ লক্ষণসমূহ প্ৰাৰম্ভিক পৰ্যায়ত অতি মৃদু হয়, কিন্তু যদি সময়মতে ইয়াৰ চিকিৎসা আৰম্ভ কৰা হয়, তেন্তে ইয়াৰ চিকিৎসা ভাল হ’ব পাৰে।

প্ৰষ্টেট কেন্সাৰৰ লক্ষণ

মেক্স হাস্পতালৰ অংক’লজিষ্ট ডাঃ ৰোহিত কাপুৰে কয় যে পূৰ্বতে প্ৰষ্টেট কেন্সাৰ বৃদ্ধসকলৰ সাধাৰণ ৰোগ আছিল যদিও আজিকালি যুৱকসকলৰ মাজতো ইয়াৰ ৰোগী দ্ৰুতগতিত বৃদ্ধি পাইছে। ডাঃ কাপুৰে কয় যে আন বহু ৰোগৰ দৰে আৰম্ভণিতে প্ৰষ্টেট কেন্সাৰ চিনাক্ত কৰাটো কঠিন কাৰণ ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহ অতি সাধাৰণ বা আৰম্ভণিতে দেখা নাপাবও পাৰে। অৱশ্যে কিছুমান কথাৰ ওপৰত গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়। ইয়াৰ লক্ষণ কি কি জানো আহক।

যদি আপুনি প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা বা বিষ অনুভৱ কৰে, তেন্তে এই লক্ষণটোক আওকাণ নকৰিব। ইয়াৰ উপৰিও সঘনাই প্ৰস্ৰাৱ কৰা বা প্ৰস্ৰাৱ কৰাত অসুবিধা হোৱা বা লাহে লাহে প্ৰস্ৰাৱ হোৱাটোও লক্ষণ হ’ব পাৰে। লগতে মাজে মাজে প্ৰস্ৰাৱ কৰা বা এবাৰতে মূত্ৰাশয় সম্পূৰ্ণৰূপে খালী কৰিব নোৱাৰাৰ দৰে লক্ষণৰ প্ৰতিও গুৰুত্ব দিব লাগে। যদি প্ৰস্ৰাৱ বা বীৰ্যত তেজ দেখা যায়, তেন্তে এইটো এটা ডাঙৰ লক্ষণ হ’ব পাৰে। এনে পৰিস্থিতিত বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়।

যদি পুৰুষে যৌন সম্পৰ্কৰ সময়ত তেওঁলোকৰ ব্যক্তিগত অংগত সমস্যা বা বিষৰ সন্মুখীন হয় বা শুক্ৰাণু স্খলনত অসুবিধা হয় তেন্তে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লওক। যদি কঁকালৰ তলৰ অংশ,  উৰুত বিষ হয় তেন্তে এই বিষয়ে গুৰুত্ব দিয়াটো উচিত। কাৰণ কেতিয়াবা কেন্সাৰ বিয়পিলে হাড়তো বিষ হয়।

প্ৰষ্টেট কেন্সাৰৰ মূল কাৰণ

সাধাৰণতে ৫০ বছৰ বয়সৰ পিছত প্ৰষ্টেট কেন্সাৰৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়।ইয়াৰ এটা মূল কাৰণ হ’ল জিন। অৰ্থাৎ যিসকল লোকৰ পৰিয়ালত ইতিমধ্যে প্ৰষ্টেট কেন্সাৰ হৈছে, তেওঁলোকৰ ক্ষেত্ৰত প্ৰষ্টেট কেন্সাৰ হোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়। ইয়াৰ বাবে কিছুমান বিশেষ জিন দায়ী বুলি ধৰা হয়। ইয়াৰ উপৰিও বৰ্তমানৰ জীৱনশৈলীও ইয়াৰ বাবে অতি দায়ী বুলি গণ্য কৰা হয়। উচ্চ চৰ্বিযুক্ত খাদ্য, ৰঙা মাংস আৰু জাংক ফুড খোৱাটো অতি বিপদজনক। কোৱা হয় যে মেদবহুল লোকৰ প্ৰষ্টেট কেন্সাৰ হোৱাৰ সম্ভাৱনা বেছি। লগতে মদ্যপান বা ধূমপানেও ইয়াৰ সম্ভাৱনা বৃদ্ধি কৰে।

প্ৰষ্টেট কেন্সাৰৰ পৰা কেনেকৈ হাত সাৰিব পাৰি

আন কেন্সাৰৰ দৰে প্ৰষ্টেট কেন্সাৰ সম্পূৰ্ণৰূপে প্ৰতিৰোধ কৰাটো অতি কঠিন। কিন্তু কিছু সাৱধানতা অৱলম্বন কৰিলে প্ৰষ্টেট কেন্সাৰৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস কৰিব পৰা যায়। যেনে সুষম আহাৰ গ্ৰহণ, সেউজীয়া শাক-পাচলি, ফল-মূল, গোটা শস্য আৰু কম চৰ্বিযুক্ত খাদ্য খোৱা, নিয়মিতভাৱে ব্যায়াম কৰাটো উপযোগী। ইয়াৰ ফলত শৰীৰ সক্ৰিয় আৰু সুস্থ হৈ থকাই নহয়, প্ৰষ্টেট কেন্সাৰকে ধৰি অন্যান্য ৰোগৰ সম্ভাৱনাও হ্ৰাস পায়। ধূমপান আৰু মদৰ পৰা আঁতৰি থকাটোও ভাল। ৫০ বছৰৰ ওপৰৰ পুৰুষে নিয়মিতভাৱে পৰীক্ষা কৰাব লাগে।

প্ৰষ্টেট কেন্সাৰৰ পৰীক্ষা আৰু চিকিৎসা

যদি কোনো ব্যক্তিয়ে প্ৰষ্টেট কেন্সাৰৰ আগতীয়া লক্ষণ দেখা দিয়ে, তেন্তে লগে লগে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লওক। প্ৰষ্টেট কেন্সাৰৰ কি কি পৰীক্ষা কৰা হয় জানক…

  • তেজত পি এছ এৰ মাত্ৰা পৰীক্ষা কৰা হয়।
  • ডিজিটেল ৰেক্টাল পৰীক্ষা (DRE): চিকিৎসকে আঙুলিৰে প্ৰষ্টেট পৰীক্ষা কৰে।
  • বায়’প্সিঃ প্ৰয়োজন হ’লে প্ৰষ্টেট গ্ৰন্থিৰ নমুনা লৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।
  • ৰোগীৰ স্বাস্থ্য আৰু বয়স অনুসৰি চিকিৎসা পদ্ধতি নিৰ্ণয় কৰা হয়। ইয়াৰ ভিতৰত অস্ত্ৰোপচাৰ, ৰেডিয়’থেৰাপি, হৰম’ন থেৰাপী আৰু কেমোথেৰাপি আদি হ’ব পাৰে।