শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

খোজ কঢ়াৰ সময়ত গোৰোহাৰ বিষে যন্ত্ৰণা দিয়ে নেকি? অপাৰেচন নকৰাকৈয়ে এনে উপায়েৰে পাব মুক্তি

বিশেষজ্ঞসকলে কয় যে অস্ত্ৰোপচাৰৰ বাহিৰেও এই ৰোগ নিৰাময়ৰ কিছুমান সহজ উপায় আছে। দৈনন্দিন জীৱনশৈলীত কিছুমান সাধাৰণ পৰিৱৰ্তন কৰি এই বিষৰ পৰা পৰিত্ৰাণ পোৱা সম্ভৱ। জানো আহক এই বিষয়ে।

খোজ কঢ়াৰ সময়ত গোৰোহাৰ বিষে যন্ত্ৰণা দিয়ে নেকি? অপাৰেচন নকৰাকৈয়ে এনে উপায়েৰে পাব মুক্তি
গোৰোহাৰ বিষImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Published: 18 Oct 2025 15:56 PM

পুৱা বিচনাৰ পৰা উঠি মাটিত ভৰি দিয়াৰ লগে লগে গোৰোহাৰ বিষে জুমুৰি দিয়ে নেকি? এনে সমস্যাৰ বাবে খালী ভৰিৰে খোজ দিয় ক্ষেত্ৰতে কেতিয়াবা সমস্যা হৈ পৰে পিছে আপোনাৰো এনে সমস্যা আছে নেকি? যদি আপুনি এনে সমস্যাত ভুগি আছে, জানি লওক যে এই সমস্যা এতিয়া এক বিশ্বব্যাপী সমস্যাত পৰিণত হৈছে। বিশেষকৈ মধ্যবয়সীয়া লোকৰ মাজত এই সমস্যা এতিয়া অতি সাধাৰণ হৈ পৰিছে। ৪০ৰ পৰা ৬০ বছৰৰ ভিতৰৰ প্ৰতি দহজন লোকৰ ভিতৰত এজনে এতিয়া এই সমস্যাত ভুগিছে।

এই বিষক চিকিৎসা বিজ্ঞানৰ ভাষাত Plantar fasciitis pain বুলি কোৱা হয় গোৰোহাত থকা ‘প্লাণ্টাৰ ফেচিয়া’ নামৰ ডাঠ কলাবোৰ ফাটি যোৱাৰ ফলত এই বিষ হয়। বহু ক্ষেত্ৰত ভৰিৰ গোৰোহাত বিষ, বহু ক্ষেত্ৰত জ্বলা-পোৰা আৰু কিছুমান ক্ষেত্ৰত তীব্ৰ বিষ এই ৰোগৰ প্ৰধান লক্ষণ।

চিকিৎসকে কয় যে এই গোৰোহাৰ বিষৰ মূল কাৰণ হ’ল ‘কঠিন পৃষ্ঠ’ বা কঠিন মজিয়াত দীৰ্ঘদিন ধৰি খোজ কঢ়া, স্বাস্থ্যৰ অনুকূল জোতা পৰিধান নকৰা আৰু অতিৰিক্ত ওজন হোৱা। এই বিষ দীৰ্ঘদিন ধৰি থাকিব পাৰে। অৱশ্যে বিশেষজ্ঞসকলে কয় যে অস্ত্ৰোপচাৰৰ বাহিৰেও এই ৰোগ নিৰাময়ৰ কিছুমান সহজ উপায় আছে।

দৈনন্দিন জীৱনশৈলীত কিছুমান সাধাৰণ পৰিৱৰ্তন কৰি এই বিষৰ পৰা পৰিত্ৰাণ পোৱা সম্ভৱ। চিকিৎসকসকলে কয় যে এই বিষৰ কাৰণ প্ৰথমে জানি লোৱাটো জৰুৰী। উদাহৰণস্বৰূপে, প্ৰতিদিনে যথেষ্ট খোজ কঢ়া, অত্যধিক গধুৰ সঁজুলিৰে দীঘলীয়া সময় ব্যায়াম কৰা, অতিৰিক্ত ওজন কঢ়িয়াই নিয়া বা প্ৰতিদিনে বহু সময় থিয় হৈ থকাৰ ফলত ভৰিৰ গোৰোহাত দীৰ্ঘদিনীয়া বিষ হ’ব পাৰে।

গোৰোহাৰ এই বিষ পুৱাৰে পৰা আৰম্ভ হয়। ওজন বৃদ্ধি বা মেদবহুলতাৰ বাবেও বহু ক্ষেত্ৰত এই সমস্যা হ’ব পাৰে। মহিলাৰ ক্ষেত্ৰত হৰম’নৰ পৰিৱৰ্তনৰ ফলতো এই বিষ হ’ব পাৰে। বিশেষকৈ ৰজোনিবৃত্তিৰ সময়ত এনে সমস্যাই দেখা দিব পাৰে। বিশেষজ্ঞসকলে এইধৰণৰ বিষৰ পৰা মুক্তি পোৱাৰ উপায় সন্দৰ্ভত কিছু উপায় আগবঢ়াইছে জানো আহক এই বিষয়ে

১) গোৰোহাৰ তলত কোমল ৰবৰৰ বল এটা লৈ বিষ হোৱা অংশবোৰ বৃত্তাকাৰ গতিৰে লঘু চাপেৰে মালিচ কৰিব লাগে। এইটোৱেই আটাইতকৈ সহজ আৰু বৈজ্ঞানিক উপায়

) ওজন কমাব লাগিব।

৩) গোৰোহাত বিষ হোৱা ঠাইখিনিৰ ঠিক তলত বৰফ ৰাখি ১০-১৫ মিনিট মালিচ কৰিব লাগে।

৪) অবিৰতভাৱে খোজ কঢ়া, ব্যায়াম কৰা বা থিয় হোৱা উচিত নহয়

৫) গোৰোহাৰ অংশত পেডেড চাপৰ্ট থকা কোমল জোতা পিন্ধিব লাগে।

৬) অবৈজ্ঞানিকভাৱে নিৰ্মিত জোতা পিন্ধিব নালাগে।

৭) ৰাতিপুৱা উঠাৰ পিছত ভৰি দুখনৰ ষ্ট্ৰেচিং কৰিব।

৮) খালী ভৰিৰে খোজ কঢ়াৰ পৰা পৰাপক্ষত বিৰত থাকিব লাগে

৯) বিষ বেছি হ’লে চিকিৎসকৰ কাষ চাপিব লাগে