শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পেটৰ বিষ, শৌচৰ ৰং সলনি…অগ্নাশয়ৰ কৰ্কট ৰোগ হ’লে কি কি লক্ষণে দেখা দিয়ে, জানক বিশেষজ্ঞৰ পৰা…

Pancreatic Cancer Symptoms: বিভিন্ন ৰোগৰ কৰ্কট ৰোগৰ ভিতৰত অগ্নাশয়ৰ কৰ্কট ৰোগ অন্যতম। যেতিয়া এই ৰোগ হয় তেতিয়া বিভিন্ন লক্ষণে দেখা দিয়ে। ইয়াৰ বিষয়ে জনা দৰকাৰ।

পেটৰ বিষ, শৌচৰ ৰং সলনি…অগ্নাশয়ৰ কৰ্কট ৰোগ হ’লে কি কি লক্ষণে দেখা দিয়ে, জানক বিশেষজ্ঞৰ পৰা…
অগ্নাশয়ৰ কৰ্কট ৰোগImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 28 Sep 2025 21:58 PM

বিভিন্ন দিশৰ লগতে মানুহে মুখৰ স্বাস্থ্যকো গুৰুত্ব দিব লাগে। মুখৰৰ ভিতৰৰ অংশসমূহো সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে। শেহতীয়াকৈ এক অধ্যয়নত প্ৰকাশ পাইছে যে,মৌখিক বীজাণু বা অণুজীৱই আপোনাৰ স্বাস্থ্যৰ ওপৰত ডাঙৰ প্ৰভাৱ পেলাব পাৰে। আনকি ই কৰ্কট ৰোগৰো সৃষ্টি কৰিব পাৰে। অধ্যয়ন অনুসৰি, অ’ৰেল মাইক্ৰোব্ছ আৰু প্ৰোক্ৰিয়াটিক (অগ্নাশয়ৰ কৰ্কট ৰোগ) কেন্সাৰৰ সম্ভাৱনাৰ মাজত সম্পৰ্ক আছে।

JAMAঅংক’লজীত প্ৰকাশিত NYU লেংগন হেল্থৰ এক অধ্যয়নত মৌখিক অণুজীৱ আৰু পেনক্ৰিয়াটিক কেন্সাৰৰ আশংকাৰ মাজত সম্পৰ্ক প্ৰকাশ কৰিছে। অধ্যয়ন অনুসৰি, মুখত থকা শতাধিক প্ৰজাতিৰ বেক্টেৰিয়া আৰু ভেঁকুৰৰ ভিতৰত ২৭টা প্ৰজাতিৰ এনে বেক্টেৰিয়া আৰু ভেঁকুৰ আছে যিয়ে অগ্নাশয়ৰ কৰ্কত ৰোগৰ বিকাশৰ আশংকা ৩.৫ গুণ অধিক কৰে।

পেনক্ৰিয়াটিক কৰ্কট ৰোগ কি

অংক’লজিষ্ট ডাঃ ৰোহিত কাপুৰে কয় যে, পেনক্ৰিয়াটিক বা অগ্নাশয়ৰ কৰ্কট ৰোগ হৈছে পেনক্ৰিয়াচত হোৱা কেন্সাৰ। যেতিয়া এই অংশত কোষবোৰ অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি পাই তেতিয়া এই কৰ্কট ৰোগ হয়। পেনক্ৰিয়াছ পেটৰ তলৰ অংশৰ পৰা পাছলৈ থাকে। যিয়ে খাদ্য হজম কৰাত সহায় কৰা এনজাইম উৎপন্ন কৰে আৰু লগতে ইনচুলিন উৎপাদন কৰে, যিয়ে আমাৰ খাদ্যত থকা গ্লুক’জ নিয়ন্ত্ৰণ কৰি তেজৰ চেনি নিয়ন্ত্ৰণ কৰে।

মুখৰ বেক্টেৰিয়াৰ পৰা কেনেকৈ হয়

মৌখিক বেক্টেৰিয়া লেলাউটিৰ দ্বাৰা মুখৰ পৰা অগ্নাশয়লৈ যাব পাৰে। পেনক্ৰিয়াচত সোমালে প্ৰদাহ আৰু অন্যান্য প্ৰক্ৰিয়াক প্ৰসাৰিত কৰিব পাৰে যিয়ে টিউমাৰৰ বৃদ্ধিত সহায় কৰে।

এই কৰ্কট ৰোগৰ লক্ষণ

  • ভোক কম লগা
  • পেটৰ বিষ
  • ওজন কম হোৱা
  • ছাল আৰু চকু হালধীয়া হোৱা
  • শৌচৰ ৰং সলনি
  • ডাঠ ৰঙৰ প্ৰস্ৰাৱ
  • খজুৱতি
  • ডায়েবেটিছ
  • হাত, ভৰিত বিষ আৰু ফুলা
  • ভাগৰুৱা
  • দুৰ্বল আদি।

কাৰণ

  • অত্যধিক ধূমপান
  • পাৰিবাৰিক ইতিহাস
  • টাইপ-২ ডায়েবেটিছ
  • মেদবহুলতা
  • বয়স
  • মদ্যপান
  • বেয়া জীৱনশৈলী আদি।

এই ক্ষেত্ৰত অধিক জানিবলৈ আপুনি বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।

 

অন্য খবৰ পঢ়কঃ নিশাৰ সময়ত বাৰে বাৰে প্ৰস্ৰাৱ আহে নেকি? পুৰুষসকলে নল’ব সহজভাৱে! জানক কাৰণ…