একেৰাহে কেইবাদিন পালেং শাক খালে কি হ’ব? জানক ৫টা উপকাৰী গুণ…
বহুতে পালেং শাক খাই ভাল পায়। শীতকালত বজাৰ পালেং শাকেৰে ভৰি পৰে। কিন্তু আপুনি জানেনে পালেঙৰ বিভিন্ন উপকাৰী গুণ আছে। যদি আপুনি পালেং শাক খাই তেন্তে ইয়াৰ পৰা বিভিন্ন লাভ পাব পাৰে।
শীতকালত বজাৰত পোৱা বিভিন্ন শাক-পাচলিৰ ভিতৰত পালেং শাক অন্যতম। পালেং শাকত বিভিন্ন উপকাৰী গুণ থাকে। পালেং শাকত ফাইবাৰ, কেলছিয়াম, প্ৰ’টিন, আয়ৰণ, ফোলেট, ভিটামিন চি আদিকে ধৰি বিভিন্ন পুষ্টিকৰ উপাদান পোৱা যায়। যাৰ বাবে ই শৰীৰক বিভিন্ন প্ৰকাৰে লাভান্বিত কৰে। যদি আপুনি প্ৰতিদিনে পালেং শাক খাই তেন্তে ইয়াৰ পৰা বিভিন্ন উপকাৰ লাভ কৰিব। ই বিভিন্ন ৰোগৰ সম্ভাৱনা কম কৰিব পাৰে। এই সন্দৰ্ভত তলত সবিশেষ উল্লেখ কৰা হ’ল।
পালেং শাকৰ উপকাৰ
চকুঃ পালেং শাকত ক্লোৰোফিল আৰু কেৰোটিনাইড নামৰ বিশেষ উপাদান থাকে। এন্টি ইমফলমটৰী হোৱাৰ লগতে পালেং শাকত থকা উপাদান চকুৰ বাবে ভাল। পালেং শাকে মেকুলাৰ ডিজেনেৰেচন আৰু কেটাৰেক্টৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে।
শক্তিঃ পালেং শাকে শৰীৰত শক্তি প্ৰদান কৰাত সহায় কৰ। ই তেজ বিশুদ্ধ কৰাৰ কামো কৰে। পালেং শাকত আয়ৰণ যথেষ্ঠ পৰিমাণে থাকে। আয়ৰণে ৰক্তকণিকাৰ ক্ষেত্ৰ মুখ্য ভূমিকা পালন কৰে। লগতে তেজ বিভিন্ন অংশলৈ যোৱাত সহায় কৰে। ইয়াৰোপৰি শৰীৰত তেজৰ অভাৱ দূৰ কৰিবলৈ পালেং শাকে সহায় কৰে।
হৃদযন্ত্ৰঃ পালেং শাকত নাইট্ৰেট পৰ্যাপ্ত পৰিমাণে পোৱা যায়। ই ৰক্তনলীবোৰক আৰাম প্ৰদান কৰি আৰ্টৰীজৰ কঠোৰতা কৰি কৰি তেজৰ চলাচল ভাল কৰে। ই ব্লাড প্ৰেচাৰ কম কৰাতো সহায় কৰে। ব্লাড প্ৰেচাৰ নিয়ন্ত্ৰণ থাকিলে হৃদযন্ত্ৰৰ সমস্যাৰ সম্ভাৱনা কম হয়। বিভিন্ন গৱেষণা অনুসৰি নাইট্ৰেটে হাৰ্ট এটেকৰ সম্ভাৱনা কম কৰে।
হাড়ঃ পালেং শাকত ভিটামিন কে থাকে। ইয়াৰ লগতে মেগনেছিয়াম, কেলছিয়াম আৰু ফচফৰাচৰ দৰে উপাদান থাকে। যি হাড়ৰ বাবে ভাল। এক কথাত হাড়ৰ স্বাস্থ্যৰ বাবে পালেং ভাল।
এন্টিঅক্সিডেন্টঃ পালেং শাকত এন্টিঅক্সিডেন্টছ গুণ থাকে। যিয়ে শৰীৰক অক্সিডেটিভ ষ্ট্ৰেছৰ পৰা ৰক্ষা কৰাত সহায় কৰে। গতিকে পালেং খালে শৰীৰে বিভিন্ন উপকাৰ লাভ কৰে।
উল্লেখ্য যে, এই লেখাটোত কিছুমান সাধাৰণ দিশ উল্লেখ কৰা হৈছে। আপোনাৰ যদি কিবা বিশেষ ৰোগ আছে তেন্তে এই ক্ষেত্ৰত অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।
অন্য খবৰ পঢ়কঃ