শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Onion: হ’ব সৰ্বনাশ! ক’লা তৰপ থকা পিঁয়াজ খালে স্বাস্থ্যৰ কি কি ক্ষতি হ’ব পাৰে, জানক…

Onion: পিঁয়াজৰ বহু উপকাৰী গুণ আছে। কিন্তু সকলো পিঁয়াজ স্বাস্থ্যৰ বাবে ভাল নহ'ব পাৰে। কিছুমান পিঁয়াজত ক'লা তৰপ পৰা দেখা যায়। ই স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।

Onion: হ’ব সৰ্বনাশ! ক’লা তৰপ থকা পিঁয়াজ খালে স্বাস্থ্যৰ কি কি ক্ষতি হ’ব পাৰে, জানক…
পিঁয়াজImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Updated On: 21 Nov 2025 09:03 AM

প্ৰায় সকলোৰে ঘৰত পিঁয়াজ ব্যৱহাৰ কৰা হয়। ই খাদ্যৰ সোৱাদ বৃদ্ধি কৰাৰ লগতে স্বাস্থ্যৰ বাবেও ফলপ্ৰসূ। আয়ুৰ্বেদত পিঁয়াজক বিভিন্ন ৰোগৰ উপায় হিচাপে ব্যৱহাৰ কৰা হয়। কিন্তু আপুনি জানেনে, পিঁয়াজ খোৱাৰ সময়ত কৰা কিছুমান ভুলে শৰীৰৰ অনিষ্টসাধন কৰিব পাৰে। যেতিয়া বজাৰৰ পৰা পিঁয়াজ ক্ৰয় কৰি অনা হয় তেতিয়া দেখা যায় যে প্ৰায়ভাগ পিঁয়াজতে ক’লা ক’লা দাগ থাকে। এয়া গুড়িৰ দৰে হয়। এই ক’লা পাউডাৰ সাধাৰণ বুলি নাভাৱিব, ই এক প্ৰকাৰৰ ফাংগছ।

ক’লা পাউডাৰ কি?

তথ্য অনুসৰি এই ক’লা পাউডাৰখিনি এস্পাৰগিলছ নাইজৰ (Aspergillus niger) নামৰ এক ফাংগছ। বিভিন্ন ক্ষেত্ৰৰ পৰা সংগ্ৰহিত তথ্য অনুসৰি, পিঁয়াজত থকা ক’লা পাউডাৰ মূলতঃ এস্পাৰগিলছ নাইজৰ নামৰ এক মাইচেলিয়ল ভেঁকুৰ। মাটিত থকা আৰু বীজানুৰ দ্বাৰা ই গঠিত হোৱাৰ ফলত ক’লা পৰে। এই ভেঁকুৰ বিশেষকৈ পিঁয়াজ চপোৱাৰ পাছত জমা কৰি থৈ দিয়াৰ সময়ত হয়। এয়া সাধাৰণতে পিঁয়াজৰ বাকলিত থাকে। কিন্তু লাহে লাহে ভিতৰৰ ফালেও কেতিয়াবা ই গৈ পায়।

কাৰ বাবে বেয়া

যিসকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল বা কিমোথেৰাপী লৈ আছে তেন্তে তেওঁলোকে এই পিঁয়াজ খাব নালাগে। ইয়াৰ ফলত বীজানু শৰীৰত প্ৰৱেশ কৰিব পাৰে। দীৰ্ঘদিন এনে পিঁয়াজ খালে বমি, বমি ভাব, মূৰৰ বিষ,পেটৰ বিষ,ডায়েৰিয়া আদি হ’ব পাৰে। ইয়াৰোপৰি যদি এনে ক’লা তৰপ থকা পিঁয়জ খাই তেন্তে যকৃতৰ সমস্যা হ’ব পাৰে। ক’লা তৰপ থকা পিঁয়াজ খালে শৰীৰত মাইকোটক্সিন প্ৰৱেশ কৰে। যি বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে।

কেনেকৈ খাব

এনে পিঁয়াজ ক্ৰয় কৰাৰ পৰা বিৰত থাকক। পিঁয়াজ পৰিষ্কাৰ হ’লে ই স্বাস্থ্যৰ বাবে বহু উপকাৰ সাধন কৰে। কিন্তু এই ক’লা তৰপ পৰা পিঁয়াজে স্বাস্থ্যৰ ক্ষতি কৰে। ইয়াৰোপৰি এনে পিঁয়াজ ক্ৰয় কৰিলে ভালদৰে ধুই ক’লা তৰপ উলিয়াই ব্যৱহাৰ কৰিব।

 

অন্য খবৰ পঢ়কঃ শীতকালত বৃদ্ধি পাই হাৰ্ট এটেকৰ আশংকা; ৪টা ডাঙৰ কাৰণ কি? জানক চিকিৎসকৰ পৰা…